নতুন দাম্পত্য জীৱন কিদৰে সুখকৰ হ'ব? এই ৮টা নিয়ম মানি চলিবলৈ কেতিয়াও নাপাহৰিব!

News18 Assam | News18-Assam
Updated:June 9, 2021, 5:24 PM IST
নতুন দাম্পত্য জীৱন কিদৰে সুখকৰ হ'ব? এই ৮টা নিয়ম মানি চলিবলৈ কেতিয়াও নাপাহৰিব!
জানি লওক, নতুন দাম্পত্য জীৱন সুখকৰ ৰাখিবলৈ বাস্তুবিদে দিয়া ৮টা পৰামৰ্শ...

জানি লওক, নতুন দাম্পত্য জীৱন সুখকৰ ৰাখিবলৈ বাস্তুবিদে দিয়া ৮টা পৰামৰ্শ...

  • Share this:
বহুদিন ধৰি এটা প্ৰৱাদ প্ৰচলিত আছে যে, সংসাৰ সুখৰ হয়, স্বামী-স্ত্ৰীৰ পাৰস্পৰিক বুজাবুজিৰ মাজেৰে। বিভিন্ন সময়ত পাৰস্পৰিক বুজাবুজিৰ অভাৱত বহ সংসাৰ আধাতে ভাঙি যায়।

নৱবিবাহিত দম্পত্তিয়ে এই ক্ষেত্ৰত সহায় লব পাৰে বাস্তুশাস্ত্ৰৰ। এই শাস্ত্ৰ মতে, ঘৰখন সজালে বাঢ়ি আহে সুখ-সমৃদ্ধি। ইয়াৰ বাবে এতিয়া বাস্তুবিদে দিছে ৮টা পৰামৰ্শঃ

১. নৱবিবাহিতা দম্পতিৰ শুৱা ৰুম ঘৰৰ দক্ষিণ, পশ্চিম তথবা দক্ষিণ-পশ্চিম দিশত থকাতো উচিত। মানি চলিলে অন্তৰংগতা আৰু মানসিক সুখ বাঢ়ে বুলি কয়।

২. পূৱ দিশে পৰিয়াললৈ ইচিবাচকতা আনে। গতিকে নৱবিবাহিত দম্পতিৰ যদি নিজৰ শুৱা ৰুমত নিজৰ ফটো ওলমাই ৰাখিব খোজে, তেন্তে ঘৰৰ পূব দিশত ৰাখিব লাগে।

৩. নৱবিবাহিত দম্পত্তিৰ শুৱা ৰুমত লেপটপ, কোনো ধৰণৰ অফিচিয়েল ডকুমেণ্ট নথকাই ভাল, এই বস্তুবোৰে ব্যক্তিগত জীৱনৰ ওপৰত প্ৰভাৱ পেলায়।

৪. নৱবিবাহিত মহিলাগৰাকী যেতিয়া বিচনাত পৰে, সেই সময়ত তেওঁৰ মূৰ দক্ষিণ দিশত ৰাখিব লাগে। সংসাৰলৈ সৌভাগ্য আনে বুলি বিশ্বাস কৰা হয়।

৫. ক'লা, ঘি ৰঙৰ আচবাব, চাদৰ, পৰ্দা শুৱাৰ ৰুমত ৰাখিব নালাগে। জীৱনটোক আনন্দময় কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা সৃষ্টি কৰে।

৬. শুৱাৰ ৰুমত যদি আইনা আছে, তেন্তে বিচনাৰ দিশে মুখ কৰি ৰাখিব নালাগে। ই দাম্পত্য জীৱনত নেতিবাচক ইংগিত বহন কৰে।

৭. নৱ বিবাহিত দাম্পত্য জীৱন সুখকৰ কৰি ৰাখিবলৈ শুৱা ৰুমৰ আচবাব, চাদৰ, পৰ্দা গোলপীয়া, কমলা, নীলা, হালধীয়া ৰঙৰ ব্যৱহাৰ কৰা উচিত।

৮. শুৱাৰ ৰুমত এটা ফুলদানিত প্ৰতিদিনে এপাহ সতেজ ফুল ৰাখিলে নৱবিবাহিত দাম্পত্য জীৱন সুখকৰ হয়।
Published by: Himangshu Bhuyan
First published: June 9, 2021, 5:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি