ৰেখাক কোৱা হ’ল একালৰ প্ৰেমিক অমিতাভ বচ্চনৰ ছবিৰ কাষত প’জ দিবলৈ! ৰেখাই দিলে এই উত্তৰ...চাওক VIDEO

News18 Assam | News18-Assam
Updated:February 20, 2020, 2:29 PM IST
ৰেখাক কোৱা হ’ল একালৰ প্ৰেমিক অমিতাভ বচ্চনৰ ছবিৰ কাষত প’জ দিবলৈ! ৰেখাই দিলে এই উত্তৰ...চাওক VIDEO
ফটোঃইণ্টাৰনেট

ৰেখাৰ উত্তৰে সৃষ্টি কৰিছে চৰ্চাৰ!

  • Share this:
বলিউডৰ সৰ্বকালৰ চৰ্চিত প্ৰেম কাহিনীৰ অন্যতম ৰেখা আৰু অমিতাভৰ প্ৰেম কাহিনী। ১৯৭৬চনৰ ‘দো অনজানে’ ছবিৰ ছেটত ইতিমধ্যে বিবাহিত অমিতাভ বচ্চনৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছিল সুন্দৰী অভিনেত্ৰী ৰেখাৰ। সেয়াই আছিল আৰম্ভনি! ৭০ৰ দশকৰ শেষৰ ফালে সকলো প্ৰতিষ্ঠিত মেগাজিন আৰু বাতৰি কাকতত হট কেকৰ দৰে বিক্ৰী হোৱা অমিতাভ–ৰেখাৰ ছবিয়ে শুৱনি কৰিছিল মেগাজিনৰ কভাৰ ফটো।

সৰ্বকালৰ এই চৰ্চিত প্ৰেম কাহিনী অমিতাভ বচ্চনে মুখ ফুটাই কোনো দিনে স্বীকাৰ নকৰিলেও ৰেখাই ১৯৮৪চনৰ নৱেম্বৰ মাহত ফিল্মফেয়াৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল যে অমিতাভ বচ্চনে তেওঁলোকৰ সম্পৰ্ক গোপন কৰি ৰখাৰ সিদ্ধান্তক তেওঁ শ্ৰদ্ধা কৰে। তেওঁ কৈছিল, “তেওঁ কিয় এই কাম নকৰিব? তেওঁ নিজৰ ইমেজ, সংসাৰ, ল’ৰা–ছোৱালী সকলো ৰক্ষা কৰিবলৈ এই কাম কৰিছিল। মই ভাবো যে এয়া অতি সুন্দৰ কথা আৰু মই ৰাইজে কি ভাবে সেয়া গুৰুত্ব নিদিও।” ইয়াৰ পিছতো ৰেখাই অমিতাভ বচ্চনৰ সৈতে নিজৰ সম্পৰ্কৰ কথা মুকলিকৈ পাতিছে বিভিন্ন সময়ত। শেহতীয়াকৈ এনেকুৱা এটা উপলক্ষ্য হৈ পৰিল বিখ্যাত ফটোগ্ৰাফাৰ ডাবু ৰত্নানিৰ বাৰ্ষিক কেলেণ্ডাৰ শ্বুট।

১৮ফেব্ৰুৱাৰীৰ দিনা সুন্দৰকৈ সাজি কাছি ডাবু ৰত্নানিৰ কেলেণ্ডাৰ মুকলিৰ অনুষ্ঠানত উপস্থিত হয় ৰেখা। ৰেখাৰ উপৰিও এই অনুষ্ঠানত উপস্থিত আছিল বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান, ছেইফ আলী খান, ঐশ্বৰ্য ৰায় বচ্চন, অমিতাভ বচ্চন, বিকি কৌশল আৰু অন্যান্যসকল। ফটোগ্ৰাফাৰে বিচৰাত কেমেৰাৰ সন্মুখত প’জ দিয়ে ৰেখাই। ডাবু ৰত্নানিৰ জীয়ৰিৰ সৈতে এটা চুকত গৈ ফটোৰ কাৰণে প’জ দিয়াৰ সময়তে ৰেখাই অনুভৱ কৰে পিছফালে অমিতাভ বচ্চনৰ এখন ডাঙৰ ফটো আছে। অভিনেত্ৰীগৰাকীয়ে তৎক্ষণাত তাৰ পৰা আঁতৰি কয়, ‘ইয়াত বিপদ এলেকা আছে’ (ইহা ডেঞ্জাৰ জ’ন হ্যে)।



আৰু চাওক
পৰৱৰ্তী বাতৰি