• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • PM Kisan - এই ম’বাইল এপত ৰেজিষ্টাৰ কৰিলে পাব ৬০০০ টকা, লগতে পাব আন সুবিধা

PM Kisan - এই ম’বাইল এপত ৰেজিষ্টাৰ কৰিলে পাব ৬০০০ টকা, লগতে পাব আন সুবিধা

এই প্ৰক্ৰিয়া একেবাৰে সহজ আৰু স্থানীয় ভাষাতো কৰিব পাৰি।

এই প্ৰক্ৰিয়া একেবাৰে সহজ আৰু স্থানীয় ভাষাতো কৰিব পাৰি।

এই প্ৰক্ৰিয়া একেবাৰে সহজ আৰু স্থানীয় ভাষাতো কৰিব পাৰি।

  • Share this:


প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Samman Nidhi Yojana)ৰ জৰিয়তে চৰকাৰে কৃষকক বছৰি ৬০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। এই সাহায্য তিনিটাকিস্তিত দিয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বে পিএম কিষাণ সন্মান নিধি আঁচনিৰ ৯টা কিস্তি মুকলি কৰিছে। ৯ আগষ্ট ২০২১ত ৯.৭৫ কোটিৰো অধিক হিতাধিকাৰী কৃষক পৰিয়ালৰ একাউণ্টত ১৯,৫০০ কোটি টকা প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে এই আঁচনিৰ জৰিয়তে কোৰোণা মহামাৰীৰ সময়ত ক্ষুদ্ৰ খেতিয়কে ১ লাখ কোটি টকাৰো অধিক সাহায্য লাভ কৰিছে। এই আঁচনিৰ আৰম্ভণি ২০১৯ চনৰ ফেব্ৰুৱাৰীত হৈছিল।

পিএম কিষাণৰ অনলাইন পে’ৰ্টেল www.pmkisan.gov.in বা ম’বাইল এপৰ জৰিয়তে এয়া চাব পাৰে। ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে এনআইচিয়ে ম’বাইল এপ ডেভেলপ আৰু ডিজাইন কৰিছে। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আপুনি ওচৰৰ ডাকঘৰ চিএছপি কাউণ্টাৰত পঞ্জীয়ন কৰিব পাৰে।

কৃষকে পিএম কিষাণ আঁচনিত নতুন পঞ্জীয়নৰ বাবে অফিচিয়েল ৱেব প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে আৰু Google Play Storeৰ পৰা PMKisan GOI Mobile App ডাউনলোড কৰি নিজৰ পঞ্জীকৰণ কৰিব পাৰে। এই প্ৰক্ৰিয়া একেবাৰে সহজ আৰু স্থানীয় ভাষাতো কৰিব পাৰি।

কেনেকৈ কৰিব ৰেজিষ্ট্ৰেচন

– নিজৰ ফোনত Google play storeৰ পৰা PMKISAN GoI Mobile App ডাউনলোড কৰক।

– এইটো খুলি NEW FARMER REGISTRATIONত ক্লিক কৰক।

– নিজৰ আধাৰ কাৰ্ড নম্বৰ আৰু কেপচা কোড সঠিক ৰূপত দাখিল কৰক আৰু Continue বুটামত ক্লিক কৰক।

– এতিয়া ৰেজিষ্টাৰ ফৰ্মত নাম, ঠিকনা, বেংক একাউণ্টৰ তথ্য, আইএফএছচি কোড আদি দাখিল কৰক।

– এতিয়া সঠিক বিৱৰণ যেনে নাম, ঠিকনা, বেংকৰ সবিশেষ, আইএফএছচি কোড আদিৰ সৈতে পঞ্জীকৰণ ফৰ্ম ফিলআপ কৰক।

– ইয়াৰ পিছত ছাবমিট বুটামত ক্লিক কৰক। পিএম কিষাণ ম’বাইল এপত আপোনাৰ ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ হ’ব।

– কোনো ধৰণৰ সহায়ৰ বাবে পিএম কিষাণৰ হেল্পলাইন নম্বৰ 155261 / 011-24300606 ব্যৱহাৰ কৰিব পাৰে।

Published by:Sanjay Kumar Das
First published: