মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»মন গ’লেই ভাৰাতীয়াৰ ঘৰত সোমাব নোৱাৰিব মালিক, ২৪ ঘণ্টাৰ আগত দিব লাগিব ন’টিচ!

মন গ’লেই ভাৰাতীয়াৰ ঘৰত সোমাব নোৱাৰিব মালিক, ২৪ ঘণ্টাৰ আগত দিব লাগিব ন’টিচ!

News18-Assam
Updated:July 11, 2019, 5:16 PM IST
মন গ’লেই ভাৰাতীয়াৰ ঘৰত সোমাব নোৱাৰিব মালিক, ২৪ ঘণ্টাৰ আগত দিব লাগিব ন’টিচ!
নতুন আইন অনুসৰি নিজৰ ইচ্ছামতে মালিকে কৰা ভাৰা বৃদ্ধিৰ লগতে ভাৰাতীয়াৰ আন সমস্যাসমূহ ৰোধ কৰিব পৰা যাব।

নতুন আইন অনুসৰি নিজৰ ইচ্ছামতে মালিকে কৰা ভাৰা বৃদ্ধিৰ লগতে ভাৰাতীয়াৰ আন সমস্যাসমূহ ৰোধ কৰিব পৰা যাব।

  • Share this:
দেশত শীঘ্ৰে ঘৰ আৰু দোকান ভাৰাত দিয়া আৰু লোৱা সহজ হ’ব। CNBC আৱাজৰ সূত্ৰ অনুসৰি, ভাৰাতীয়া আদৰ্শ অধিনিয়ম প্ৰায় সম্পূৰ্ণ হৈছে। গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ইয়াক চূড়ান্ত মোহৰ লগোৱাৰ বাবে মন্ত্ৰীমণ্ডলৰ দুখন বৈঠকো অনুষ্ঠিত হৈছে। আগষ্ট মাহত এই সন্দৰ্ভত কেবিনেটৰ মঞ্জুৰি লোৱা হ’ব বুলি আশা কৰিছে চৰকাৰে।

উল্লেখযোগ্য যে বাজেট ভাষণত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছিল যে চৰকাৰে ভাৰা ঘৰৰ বাবে আদৰ্শ ভাৰাতীয়া আইন প্ৰণনয়ন কৰিব। তেওঁ কৈছিল যে ভাৰাঘৰৰ সৈতে জড়িত আইন বহু পুৰণি আৰু সেই আইন সম্পত্তিৰ মালিক আৰু ভাৰাতীয়াৰ সমস্যা দূৰ কৰাত অসমৰ্থ। সীতাৰমনৰ মতে, ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ বিত্তীয় সম্পৰ্ক আৰু অধিকাৰক নতুন ৰূপ দিয়া হ’ব।

কি থাকিব নতুন আইনত :

>> নতুন আইনৰ অনুসৰি ঘৰৰ মালিকে ৩ মাহতকৈ অধিক ছিকিউৰিটী ডিপ’জিট ল’ব নোৱাৰিব।
>> ঘৰ খালী কৰাৰ সময়ত এমাহৰ ভিতৰত ছিকিউৰিটীৰ ধন ওভতাই দিব লাগিব।
>> ঘৰৰ নৱীকৰণৰ পিছতহে মালিকে বৃদ্ধি কৰিব পাৰিব ভাৰা।
>> ভাৰাতীয়াৰ ঘৰলৈ অহাৰ ২৪ ঘণ্টা পূৰ্বে ন’টিচ দিব লাগিব ভাৰাতীয়াক।

>> মালিক–ভাৰাতীয়াৰ কাজিয়াক লৈ আদালতৰ সলনি বিশেষ ন্যায়াধীকৰণ স্থাপন কৰা হ’ব।
>> ভাৰাতীয়াই ঘৰটো আনক ভাৰালৈ দিব নোৱাৰিব।

বিত্ত মন্ত্ৰীয়ে বাজেট ভাষণত কয় যে নতুন আইন অনুসৰি নিজৰ ইচ্ছামতে মালিকে কৰা ভাৰা বৃদ্ধিৰ লগতে ভাৰাতীয়াৰ আন সমস্যাসমূহ ৰোধ কৰিব পৰা যাব। এই আইনত ঘৰৰ মালিকৰ অধিকাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ’ব। এই নতুন ভাৰাতীয়া আইনৰ চূড়ান্ত ৰূপ দি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ’ব।
First published: July 11, 2019, 5:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি