HONOR 9X Review: কিয় এইটো কমদামী ফোনৰ ভিতৰত আটাইতকৈ বঢ়িয়া পপ–আপ ফোন?

News18 Assam | News18-Assam
Updated:January 16, 2020, 1:28 PM IST
HONOR 9X Review: কিয় এইটো কমদামী ফোনৰ ভিতৰত আটাইতকৈ বঢ়িয়া পপ–আপ ফোন?
ফোনৰ বেক পেনেলত আপুনি X আকৃতি এটা দেখা পাব। ইয়াৰ ৰং আৰু ষ্টাইলৰ সৈতে এইটো খুব আকৰ্ষণীয়। HONOR 9Xত 16MPৰ AI পপ আপ চেল্ফী কেমেৰা আছে। একেবাৰে স্বাভাৱিক আৰু সঠিক ডিটেইলৰ সৈতে ইয়াৰ দ্বাৰা ছবি আৱদ্ধ কৰিব পৰা যায়। ইয়াৰ ফেচ ডিটেকশ্যনেও যথেষ্ট  ক্ষীপ্ৰতাৰে কাম কৰে।

ফোনৰ বেক পেনেলত আপুনি X আকৃতি এটা দেখা পাব। ইয়াৰ ৰং আৰু ষ্টাইলৰ সৈতে এইটো খুব আকৰ্ষণীয়। HONOR 9Xত 16MPৰ AI পপ আপ চেল্ফী কেমেৰা আছে। একেবাৰে স্বাভাৱিক আৰু সঠিক ডিটেইলৰ সৈতে ইয়াৰ দ্বাৰা ছবি আৱদ্ধ কৰিব পৰা যায়। ইয়াৰ ফেচ ডিটেকশ্যনেও যথেষ্ট  ক্ষীপ্ৰতাৰে কাম কৰে।

  • Share this:
HONOR–এ স্মাৰ্টফোন টেকন’লজী আকৌ এবাৰ অন্য শিখৰলৈ নিছে। ২০২০চনৰ চমকপ্ৰদ আৰম্ভনিৰে কোম্পানীটোৱে নিজৰ জনপ্ৰিয় এক্স চিৰিজৰ নতুন স্মাৰ্টফোন HONOR 9X এতিয়া আৰম্ভ কৰিছে। এই ফোনটোৰ হাইলাইট হৈছে ইয়াৰ ত্ৰিপল কেমেৰা য’ত ৪৮মেগা পিক্সেল কেমেৰা লগোৱা হৈছে। কেমেৰাৰ লগতে ইয়াৰ ফোনৰ ডিজাইনো যথেষ্ট আকৰ্ষণীয় হয়। ফোনৰ বেক পেনেলত আপুনি Xৰ এটা শ্বেপ দেখা পাব, যি ইয়াৰ ৰং আৰু ষ্টাইলৰ সৈতে যথেষ্ট সুন্দৰকৈ খাপ খাই পৰে। হাতত এই ফোনটো ল’লে আপোনাৰ ষ্টেটাছ চিম্বলতকৈ কমযেন নালাগিব।

এই ফোনটোৰ বিশেষ ফীচাৰ্ছ আৰু স্পেকছ আপুনি ডিজাইনৰ দৰেই আকৰ্ষণীয় যেন অনুভৱ কৰিব। আমি এই ফোনটো ব্যৱহাৰ কৰাৰ সুযোগ লাভ কৰিলো আৰু ইয়াৰ বিশেষত্ব এতিয়া আমি আপোনাক জনাবলৈ উদগ্ৰীৱ হৈ পৰিছো। আহক অলপ ডিটেইলছ এই ফোনটোৰ বিষয়ে জানো।

ডায়নেমিক ডিজাইন আৰু ডিচপ্লেঃHONOR 9X ফুলভিউ ডিচপ্লে আৰু কভাৰ্ড ডিজাইনৰ সৈতে এক অতি আকৰ্ষণীয় স্মাৰ্টফোন। ইয়াত বেক পেনেল গ্লচি ফিনিচৰ সৈতে আহিছে। এইটো কাৰণতে ফোনটো দেখাত অতি প্ৰীমিয়াম লুকৰ যেন হৈ পৰিছে। ফোনৰ বেক পেনেলত আপুনি এটা X আকৃতিৰ ডিজাইন দেখা পাব যি অলপ বেলেগ ধৰণৰ যদিও অতি চিত্তাকৰ্ষক। 

HONOR 9X ত 1080x2340 পিক্সল ৰিজলিউশ্যনৰ সৈতে ৬.৫৯ ইঞ্চিৰ ফুল এচডি ডিচপ্লে দিয়া হৈছে। এইখন এখন ফুল ভিউ ডিচপ্লে আৰু ইয়াত কভাৰ্ড ডিজাইন সংলগ্ন হৈ আছে। ইয়াৰ অৰ্থ হৈছে কোনো ধৰণৰ বাধা বা সমস্যা নথকাকৈ আপুনি এই ফোনটোত ফুল ভিউৰ সৈতে গেম খেলা আৰু ভিডিও চোৱাৰ মনোৰঞ্জক অভিজ্ঞতা আহৰণ কৰিব পাৰে। আপুনি হয়তো ভাবিছে যে ইয়াত ছেল্ফী কেমেৰা আছে নে নাই? উত্তৰ হৈছে একদম আছে, এই ফোনটোত ছেল্ফী কেমেৰাও পাব কিন্তু পপ–আপ ছেল্ফী কেমেৰা টেকন’লজীৰ সৈতে। ইয়াত আপোনাৰ আৰু ডিচপ্লেৰ মাজত কোনো তৃতীয় একোকে যাতে আহিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। HONOR 9X ত AI  ভিডিও এনহেন্সমেণ্ট আছে। ইয়াত ব্ৰাইট আৰু ডাৰ্ক এৰিয়া কনট্ৰাষ্ট এডজাষ্ট কৰি বঢ়িয়া ফলাফল দিয়া হয়। ইয়াত চকুৰ সুৰক্ষাৰ কাৰণে আই কমফৰ্ট মোড আছে, যি TUV Rheinlandৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। চকুৰ ওপৰত যাতে প্ৰভাৱ নপৰে তাৰ কাৰণে ই ব্লু লাইট ফিল্টাৰ কৰে। 

প্ৰচেচৰ আৰু ছফটৱেৰঃ HONOR 9Xত কিৰিন 710 এফ অক্টা ক’ৰ প্ৰচেচৰৰ ব্যৱহাৰ কৰা হৈছে। এইটো এটা মিড চেগমেণ্ট চিপচেট। ইয়াত স্পীড আৰু মাল্টিটাস্কিঙৰ অতি সুন্দৰ অনুভৱ লাভ কৰিব পাৰে। 4GB RAM আৰু 128 GB ইণ্টাৰনেল মেম’ৰীযুক্ত এই স্মাৰ্টফোনত আপুনি ডে টু টাস্ক ভালদৰে হেণ্ডেল কৰিব পাৰিব। ফোনত আপুনি GPU Turbo 3.0 ছাপ’ৰ্টৰ সুবিধাও পাব। এই দামৰ স্মাৰ্টফোনত আপুনি এইসমূহ ফীচাৰ সতকাই নাপায়। ইয়াৰ লগতে আপুনি গ্ৰাফিক্স যুক্ত গেমচৰ সুন্দৰ অনুভৱ লাভ কৰিব পাৰে। ইয়াৰ  6GB ৰেমৰ সৈতে 128 GB ইণ্টাৰনেল মেম’ৰীয়ে আপোনাৰ ফোনৰ স্পীড কম হ’বলৈ নিদিয়ে আৰু মসৃণতাৰে প্ৰক্ৰিয়া চলাই নিয়ে। HONOR 9X EMUI 9.1.0ত চলে কিন্তু কোম্পানীয়ে জনোৱা মতে এই ডিভাইচটো Android 10লৈ আপগ্ৰেড কৰা হ’ব। এই ফোনটোক শক্তি যোগায় ইয়াৰ 4,000mAhৰ বেটেৰীয়ে আৰু ইয়াত ফাষ্ট চাৰ্জিঙৰ সুবিধা থকাৰ লগতে এটা সম্পূৰ্ণ দিন সুন্দৰকৈ যায়। 

কেমেৰাঃ যিকোনো ফোনৰ কেমেৰা ইউজাৰৰ কাৰণে অন্যতম পইণ্ট আৰু ফটো তুলিবলৈ সকলোৱে যিহেতু ভাল পায় সেয়ে কেমেৰাৰ প্ৰতি আকৰ্ষণ অতি স্বাভাৱিক। আমি ভাবো যে HONOR 9X–এ এই কাম অতি সুন্দৰকৈ কৰিছে, এই ফোনত ট্ৰিপল ৰিয়েল কেমেৰা ছেট আপৰ সুবিধা আছে। ইয়াত 48MPৰ প্ৰাইমেৰী কেমেৰা আছে, এই ফোনটোৰ এয়া অতি ডাঙৰ সুবিধা। ইয়াৰ সহায়ত আপুনি সুন্দৰ ডিটেইলৰ সৈতে ফটো তুলিব পাৰে। আপুনি এক্সট্ৰীম জুম কৰিও অতি সুন্দৰ ফটো তুলিব পাৰে। সেইদৰে HONOR 9Xৰ 8MP যুক্ত ছুপাৰ ৱাইড এংগল কেমেৰাই 120 ডিগ্ৰী ফিল্ড অৱ ভিউৰ সৈতে আপোনাৰ গ্ৰুপ ফটোক অধিক আকৰ্ষণীয় কৰি তোলে। ইয়াৰ 2MP ডেপথ চেন্সৰ বৌকেহ ইফেক্টে ভাল পৰ্টেট শ্বট দিয়ে। HONOR 9X ত 16MPৰ পপ আপ ছেল্ফী কেমেৰাও আছে। এইটোৱে যথেষ্ট স্বাভাৱিক আৰু সঠিক ডিটেইলৰ সৈতে ছবি আৱদ্ধ কৰে। ইয়াত ফেচ ডিটকশ্যনো যথেষ্ট ভালকৈ কাম কৰে। HONORৰ এই ফোনটো এণ্টী ডাষ্ট আৰু স্প্লেছ মেকানিজমত কাম কৰে।

আমি বিশ্বাস কৰো যে এই ফোনটোৱে আপোনাক ফটোগ্ৰাফীৰ সুন্দৰ অনুভৱ দিব। আমি ইয়াৰ ফটোগ্ৰাফী যথেষ্ট পচন্দ কৰিছো। 

মূল্যঃ এতিয়া প্ৰশ্ন হ’ল যে HONOR 9X–এ আপোনাৰ পকেটত কি প্ৰভাৱ পেলাব? আপোনাক জনাও যে, ইমান সুন্দৰ আকৰ্ষণীয় ফীচাৰ থকা ফোনটোৱে আপোনাৰ পকেটত বিশেষ প্ৰভাৱ নেপেলায় বৰং আপোনাক লাভহে দিব। যথেষ্ট আকৰ্ষণীয় ফীচাৰ্ছ আৰু ডিজাইন থকাৰ পিছতো কোম্পানীৰ এই স্মাৰ্টফোন যথেষ্ট সুলভ মূল্যৰ। এই ফোনটোৰ দুটা প্ৰকাৰ আছে, 4GB ৰেম আৰু 128GB ইণ্টাৰনেল ষ্টৰেজ ভেৰিয়েণ্টৰ মূল্য 13,999 টকা হয় কিন্তু আহিবলগীয়া চেলত প্ৰথম দিনটোত এই ফোনটো ১০০০টকা ৰেহাইৰ সৈতে ১২,৯৯৯টকাত উপলব্ধ হ’ব। ইয়াৰ লগতে ১৯জানুৱাৰীৰ পৰা ২২জানুৱাৰীলৈ চলিবলগীয়া এই অফাৰৰ অধীনত ICICI Bank ক্ৰেডিট কাৰ্ড আৰু Kotak Bankৰ ডেবিট তথা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে এই মডেল কিনিলে ১০শতাংশ তাৎক্ষণিক ডিচকাউণ্ট লাভ কৰিব। লগতে এই অফাৰৰ সময়ত ক্ৰয় কৰিলে আপুনি ২২০০টকাৰ Jio ৰিচাৰ্ড ভাউচাৰো লাভ কৰিব। ইয়াত আপুনি ৫০টকা প্ৰতি ৰিচাৰ্জৰ হিচাপত ৪৪টা ৰিচাৰ্জলৈ ব্যৱহাৰ কৰিব পাৰে।

ভাৰ্ডিক্টঃ এই ফোনটোৰ ব্যৱহাৰ কৰাৰ পিছত আমি ক’ব পাৰো যে ফটোগ্ৰাফীৰ চখ কৰা মানুহৰ কাৰণে এই অভিজ্ঞতা অতি আকৰ্ষণীয় হ’ব। লগতে এই মূল্যত পোৱা এইটো অতি দমথকা ফোন প্ৰমাণিত হ’বলৈ গৈ আছে। ফোনৰ ডিজাইন আৰু লুক আমি পচন্দ কৰিছো। বেছি গধুৰ নোহোৱাৰ কাৰণে এই ফোনটোৰ ব্যৱহাৰ কৰাও অতি সহজ হৈ পৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি