• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ভৰিত পিন্ধা শ্লিপাৰক কিয় কোৱা হয় ‘হাৱাই চেন্দেল’? আপুনি জানেনে ইয়াৰ উত্তৰ?

ভৰিত পিন্ধা শ্লিপাৰক কিয় কোৱা হয় ‘হাৱাই চেন্দেল’? আপুনি জানেনে ইয়াৰ উত্তৰ?

আপুনি কেতিয়াবা ভাবিছেনে যে ভৰিত পিন্ধা চেন্দেলক হাৱাই চেন্দেল বুলি কিয় কোৱা হয়? ইয়াৰ আঁৰৰ কাহিনী জানেনে?

আপুনি কেতিয়াবা ভাবিছেনে যে ভৰিত পিন্ধা চেন্দেলক হাৱাই চেন্দেল বুলি কিয় কোৱা হয়? ইয়াৰ আঁৰৰ কাহিনী জানেনে?

আপুনি কেতিয়াবা ভাবিছেনে যে ভৰিত পিন্ধা চেন্দেলক হাৱাই চেন্দেল বুলি কিয় কোৱা হয়? ইয়াৰ আঁৰৰ কাহিনী জানেনে?

  • Share this:
যিকোনো বস্তুৰ নামৰ আঁৰত তাৰ ইতিহাস বা কিবা নহয় কিবা কাৰণ নিহিত হৈ থাকে। যদি কোনো বস্তুক নাম দিয়া হৈছে, তেন্তে তাৰ ইতিহাস বা তাৰ ফিচাৰৰ হিচাপত সেয়া দিয়া হয়। উদাহৰণস্বৰূপে আমি উৰাজাহাজৰ কথা উল্লেখ কৰিব পাৰো। উৰিব পাৰে বাবেই তাৰ নাম দিয়া হৈছে উৰাজাহাজ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে ভৰিত পিন্ধা চেন্দেলক হাৱাই চেন্দেল বুলি কিয় কোৱা হয়? ইয়াৰ আঁৰৰ কাহিনী জানেনে?

আচলতে হাৱাই চেন্দেলৰ এই নামটো ইয়াৰ উৎপত্তিৰ সৈতে সম্পৰ্কিত। বহু ইতিহাসবিদৰ মতে, আমেৰিকাত এক দ্বীপ আছে যাৰ নাম হাৱাই দ্বীপ (Hawai Island, America)। সেই দ্বীপত এবিধ বিশেষ গছ পোৱা যায়, যাক টি হিচাপে জনা যায়। এই গছৰ পৰা এক বিশেষ ধৰণৰ ৰবৰৰ দৰে ফেব্ৰিক উৎপন্ন হয় যিটো খুব নমনীয় হয়। ইয়াৰ পৰাই চেন্দেল বনোৱা হয়। সেইবাবে ইয়াক হাৱাই চেন্দেল বোলা হয়।

হাৱাই চেন্দেলৰ ইতিহাসক জাপানৰ সৈতেও জড়িত কৰা হৈছে। যিটো ডিজাইনৰ চেন্দেল আমি পিন্ধো, সেই ধৰণৰে ডিজাইন প্ৰথমে জাপানত পিন্ধা হৈছিল। তাক জোৰী বুলি কোৱা হৈছিল। কোৱা হয় যে আমেৰিকাৰ হাৱাই দ্বীপত কাম কৰাৰ বাবে জাপানৰ পৰা শ্ৰমিক প্ৰেৰণ কৰা হৈছিল। এই শ্ৰমিকসকলে জাপানী চেন্দেল পিন্ধি হাৱাইলৈ গৈছিল। তাত এই চেন্দেলক টি গছৰ পৰা ওলোৱা ৰবৰেৰে বনোৱা হয়। এইদৰে জাপানৰ চেন্দেল হাৱাই চেন্দেললৈ পৰিৱৰ্তিত হ’ল। এই হাৱাই চেন্দেলৰ ব্যৱহাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান সৈনিকে কৰিছিল। এইদৰে বিশ্বত হাৱাই চেন্দেল বিখ্যাত হৈ পৰে।

হাৱাই চেন্দেলৰ ইতিহাস বহু পুৰণি। কেইবাখনো দেশৰ পিছত এই চেন্দেল ভাৰতলৈ আহে। ভাৰতত এই চেন্দেল অনাৰ কৃতিত্ব বাটালৈ যায়। ইয়াৰ পূৰ্বে ব্ৰাজিলত হাৱাইনাজ কোম্পানীয়ে চেন্দেলক বিশ্বক জনপ্ৰিয় কৰিছিল। কিন্তু ভাৰতত তাৰ পূৰ্বে বাটাই ইয়াৰ আৰম্ভণি কৰিছিল। আজিও বাটাৰ নাম ভাৰতৰ শীৰ্ষৰ ফুটৱে’ৰ কোম্পানীৰ তালিকাত আছে।
Published by:Sanjay Kumar Das
First published: