IPLৰ পূৰ্বে ক'ভিদৰ আতংক, দিল্লী-কলকাতাৰ পিছত এইবাৰ আক্ৰান্ত RCBৰ খেলুৱৈ

News18 Assam | News18-Assam
Updated:April 4, 2021, 11:53 AM IST
IPLৰ পূৰ্বে ক'ভিদৰ আতংক, দিল্লী-কলকাতাৰ পিছত এইবাৰ আক্ৰান্ত RCBৰ খেলুৱৈ
দেৱদত্ত পাডিকল হৈছে আই পি এল ২০২১ ৰ আগতে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা তৃতীয়গৰাকী খেলুৱৈ।

দেৱদত্ত পাডিকল হৈছে আই পি এল ২০২১ ৰ আগতে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা তৃতীয়গৰাকী খেলুৱৈ।

  • Share this:
আই পি এল ২০২১ (আই পি এল) আৰম্ভ হোৱাৰ আগতে ৰয়েল চেলেঞ্জাৰছ বাংগালোৰৰ অপেনাৰ দেৱদত্ত পাডিক্কালক কৰোনা পজিটিভ পোৱা গৈছে। দেৱদত্ত পাডিকল হৈছে আই পি এল ২০২১ ৰ আগতে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা তৃতীয়গৰাকী খেলুৱৈ। ইয়াৰ আগতে, কলকাতা ৰাইডাৰ্ছৰ খেলুৱৈ নীতিশ ৰাণা আৰু দিল্লী কেপিটেলছৰ অক্ষৰ পেটেল কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱা খবৰ পোৱা গৈছিল।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ ১০ জন কৰ্মচাৰীক কৰোনা সংক্ৰমিত হোৱা দেখা গৈছে। বিচিচিআইৰ দ্বাৰা নিযুক্ত প্ৰতিযোগিতা ব্যৱস্থাপনাৰ ছয়জন সদস্যকো ইতিমধ্যে মাৰাত্মক ভাইৰাছে আক্ৰান্ত কৰিছে। আই পি এলৰ পূৰ্বে ক'ভিদ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ আছে।

টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি, দেৱদত্ত পাডিকলে কৰোনাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছতে নিজকে আইচ'লেট কৰি ৰাখিছে। অৱশ্যে, সূত্ৰ অনুসৰি, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে প্ৰথমখন খেললৈ পাডিকল সুস্থ হ'ব বুলি আশা কৰা হৈছে। ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে ৯ এপ্ৰিলত তেওঁলোকৰ প্ৰথমখন খেল খেলিব।
Published by: Kokil Sarma
First published: April 4, 2021, 11:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি