বেংকৰ এই নতুন সুতৰ হাৰ ২২ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী কৰা হৈছে।
বেংকৰ এই নতুন সুতৰ হাৰ ২২ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী কৰা হৈছে।
সমগ্ৰ দেশতে দ্ৰুতগতিত বৃদ্ধি হোৱা কোৰোণা সংকটৰ মাজতে ব্যক্তিগত খণ্ডৰ RBL বেংকে গ্ৰাহকসকলৈ আনিছে কিছু সকাহ। বেংকে এপ্ৰিলতেই হ্ৰাস কৰিছে MCLRৰ হাৰ অৰ্থাৎ এতিয়া আপুনি পূৰ্বৰ তুলনাত কমকৈ EMI পৰিশোধ কৰিব পাৰিব।
বেংকৰ এই নতুন সুতৰ হাৰ ২২ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা কাৰ্যকৰী কৰা হৈছে। বেংকটোৱে এই কৰ্তন সকলো সময়ৰ সুতৰ হাৰৰ বাবে কৰিছে। ফলত সাধাৰণ ৰাইজক নিশাৰ বাবে, এমাহ, তিনি মাহ, ছয় মাহ আৰু এবছৰলৈকে সুতৰ হাৰত সকাহ দিয়া হৈছে।
খবৰ অনুসৰি, RBLৰ সিদ্ধান্তৰ পিছত বেংক গ্ৰাহকৰ EMI ০.৩৫ শতাংশলৈকে হ্ৰাস হ'ব পাৰে আৰু এয়া ম’বাইল বেংকিং বা ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে লাভ কৰিব পাৰিব।
বেংকে ২২ এপ্ৰিলৰ পৰা নতুন হাৰ প্ৰৱৰ্তন কৰিছে -
>> এটা নিশাৰ বাবে - ৭.৬৫ শতাংশ
>> এক মাহ - ৭.৭৫ শতাংশ
>> তিনি মাহ - ৭.৮৫ শতাংশ
>> ছয় মাহ - ৮.০৫ শতাংশ
>> এবছৰ - ৮.৪০ শতাংশ
মাৰ্চ মাহত MCLR হাৰ আছিল এনেধৰণৰ -
>> এটা নিশাৰ বাবে - ৮ শতাংশ
>> এমাহ - ৮ শতাংশ
>> তিনি মাহ - ৮.১০ শতাংশ
>> ছয় মাহ - ৪.৩৫ শতাংশ
>> এবছৰ - ৪.৬৫ শতাংশ
অধিক তথ্যৰ বাবে আপুনি এই লিংকটো https://drws17a9qx558.cloudfront.net/document/mclr-base-rate-plr/mclr-rates-april-22-2021.pdf লৈ চাব পাৰিব সকলো৷
এই বেংকৰ সুতৰ হাৰ আটাইতকৈ কম -
কোটাক মহিন্দ্ৰা বেংকে বৰ্তমান দাবী কৰিছে যে ই বৰ্তমান নিম্নতম সুতৰ হাৰত ঋণ দি আছে। বেংকটোৱে গ্ৰাহকসকলক ৬.৬৫ শতাংশ হাৰত গৃহ ঋণ আগবঢ়াইছে। কোটাক মহিন্দ্ৰা বেংকৰ মতে, বিশেষ অফাৰৰ অধীনত ই ৩১ মাৰ্চৰ ভিতৰত ৬.৬৫% সুতৰ হাৰত ঋণ দিয়াৰ সিদ্ধান্ত লৈছিল। যিটো এতিয়া বেংকটোৱে সম্প্ৰসাৰিত কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|