ফটা–চিৰাৰ নাথাকিব ভয়, শীঘ্ৰে বজাৰলৈ আহিব নতুন ১০০ টকীয়া নোট

News18 Assam | News18-Assam
Updated:March 4, 2020, 7:44 AM IST
ফটা–চিৰাৰ নাথাকিব ভয়, শীঘ্ৰে বজাৰলৈ আহিব নতুন ১০০ টকীয়া নোট
ভাৰ্নিছ পেইণ্টযুক্ত নোট ব্যৱহাৰ ভাৰত প্ৰথম দেশ নহয়। বৰ্তমান কেইবাখনো দেশত ভাৰ্নিছযুক্ত নোট প্ৰচলন হৈ আছে।

ভাৰ্নিছ পেইণ্টযুক্ত নোট ব্যৱহাৰ ভাৰত প্ৰথম দেশ নহয়। বৰ্তমান কেইবাখনো দেশত ভাৰ্নিছযুক্ত নোট প্ৰচলন হৈ আছে।

  • Share this:
ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে মুকলি কৰিব নতুন ১০০ টকীয়া নোট। এই নোটখন সহজতে ফটা–চিৰাৰ ভয় নাথাকিব। অৰ্থাৎ বৰ্তমানৰ নোটতকৈ দুগুণ দিন চলিব এই নোটখন। চৰকাৰে RBIৰ জৰিয়তে পাঁচটা কেন্দ্ৰত পৰীক্ষণৰ বাবে এই নতুন ভাৰ্নিছযুক্ত ১ আৰব নোট আৰম্ভ কৰাত মঞ্জুৰি প্ৰদান কৰিছে। বিত্ত ৰাজ্য মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে এটা প্ৰশ্নৰ লিখিত উত্তৰত মঙলবাৰে ৰাজ্যসভাত জনালে এই কথা।

অনুৰাগ সিং ঠাকুৰে কয় যে চৰকাৰে RBIৰ জৰিয়তে পাঁচটা কেন্দ্ৰ ক্ৰমে চিমলা, জয়পুৰ, ভুবনেশ্বৰ, মাইছ’৸ৰ আৰু কোচীত পৰীক্ষণৰ বাবে এক আৰব ভাৰ্নিছ পেইণ্ট ব্যৱহাৰ কৰা নোট আৰম্ভ কৰাত অনুমোদন জনাইছে। ভাৰ্নিছ পেইণ্ট সাধাৰণতে কাঠ বা লোহাত পেইণ্ট কৰাৰ সময়ত ব্যৱহাৰ কৰা হয়।

উল্লেখযোগ্য যে ভাৰ্নিছ পেইণ্টযুক্ত নোট ব্যৱহাৰ ভাৰত প্ৰথম দেশ নহয়। বৰ্তমান কেইবাখনো দেশত ভাৰ্নিছযুক্ত নোট প্ৰচলন হৈ আছে। এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকেও ভাৰতত এই নোট মুকলি কৰাৰ প্ৰস্তুতি চলাইছে।
Published by: Sanjay Kumar Das
First published: March 4, 2020, 7:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি