RBI–এ হ্ৰাস কৰিলে Repo Rate, হোম–কাৰ লোন সহ সকলো লোনৰ EMI হ্ৰাস, জানক কেনেকৈ কৰা হয় এই হিচাপ

News18 Assam | News18-Assam
Updated:March 27, 2020, 11:52 AM IST
RBI–এ হ্ৰাস কৰিলে Repo Rate, হোম–কাৰ লোন সহ সকলো লোনৰ EMI হ্ৰাস, জানক কেনেকৈ কৰা হয় এই হিচাপ
ৰিজাৰ্ভ বেংকে সুতৰ হাৰত ৭৫বেচিছ পইণ্টৰ ডাঙৰ কৰ্তন কৰিছে। এই কৰ্তনৰ পিছত এতিয়া ৰেপ’ ৰেট হ্ৰাস হৈ ৪.৪ শতাংশ হৈছে। সুতৰ হাৰ হ্ৰাস কৰাৰ অৰ্থ হৈছে এতিয়া বেংকে আৰবিআইৰ পৰা টকা ল’লে নতুন হাৰত ফাণ্ড ল’ব পাৰিব। 

ৰিজাৰ্ভ বেংকে সুতৰ হাৰত ৭৫বেচিছ পইণ্টৰ ডাঙৰ কৰ্তন কৰিছে। এই কৰ্তনৰ পিছত এতিয়া ৰেপ’ ৰেট হ্ৰাস হৈ ৪.৪ শতাংশ হৈছে। সুতৰ হাৰ হ্ৰাস কৰাৰ অৰ্থ হৈছে এতিয়া বেংকে আৰবিআইৰ পৰা টকা ল’লে নতুন হাৰত ফাণ্ড ল’ব পাৰিব। 

  • Share this:
কোৰোণা আতংকৰ পিছত অৰ্থব্যৱস্থাৰ লোকচানৰ পৰা বাচিবলৈ আজি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ডাঙৰ ঘোষণা কৰিছে। ৰিজাৰ্ভ বেংকে সুতৰ হাৰত ৭৫ বেচিছ পইণ্টৰ ডাঙৰ কৰ্তন কৰিছে। এই কৰ্তনৰ পিছত এতিয়া ৰেপ’ ৰেট হ্ৰাস হৈ ৪.৪শতাংশ হৈছে। সুতৰ হাৰ হ্ৰাস পোৱাৰ অৰ্থ হৈছে এতিয়া বেংকে নতুন আৰু কম ৰেটত RBIৰ পৰা টকা পাব। কম দামত বেংকে ফাণ্ড পালে তাৰ লাভ বেংকে উপভোক্তাকো প্ৰদান কৰিব। এই লাভ সাধাৰণতে কম হাৰৰ ইএমআইৰ জৰিয়তে উপভোক্তাই লাভ কৰিব। ইয়াৰ লগতে যিবোৰ ঋণ ফ্লটিং সেইবোৰৰো ইএমআই হ্ৰাস পায়। আপুনি আৰবিআইৰ ক্ৰেডিট পলিচীৰ সময়ত ৰেপ’ ৰেট আৰু চিআৰআৰৰ দৰে শব্দ নিশ্চয় শুনিছে, কিন্তু আপুনি এই শব্দবোৰৰ অৰ্থ জানে নে?

ৰেপ’ ৰেট কি?
যি হাৰত আৰবিআই–এ কমাৰ্চিয়েল বেংক আৰু অন্যান্য বেংকক লোন দিয়ে ইয়াক ৰেপ’ ৰেট কোৱা হয়।ৰেপ’ ৰেট কম হোৱাৰ অৰ্থ যে বেংকৰ পৰা পাবলগীয়া লোন সস্তা হৈ পৰিব। ৰেপ’ ৰেট কম হ’লে হোম লোন, ভেহিকল লোন আদি সকলো সস্তা হৈ পৰে।

ৰিভাৰ্চ ৰেপ’ ৰেট কি?
যি ৰেটত বেংকে আৰবিআইত জমা থোৱা ধনৰ কাৰণে সুত লাভ কৰে তাক ৰিভাৰ্চ ৰেপ’ ৰেট কোৱা হয়। रेट पर बैंकों को उनकी ओर से आरबीआई में जमा धन पर ब्याज मिलता है, उसे रिवर्स रेपो रेट कहते हैं। ৰিভাৰ্চ ৰেপ’ ৰেট বজাৰৰ নগদ ধন নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। বহুত অধিক নগদৰ ক্ষেত্ৰত আৰবিআই–এ ৰিভাৰ্চ ৰেপ’ ৰেট বৃদ্ধি কৰি দিয়ে।

SLR কি?
যি ৰেটত আপুনি টকা চৰকাৰৰ ওচৰত জমা ৰাখে, সেইটোক এছএলআৰ কোৱা হয়। নগদক নিয়ন্ত্ৰিত কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়। কমাৰ্চিয়েল বেংকে এক বিশেষ ধনৰাশি জমা কৰাবলগীয়া হয়। ইয়াৰ ব্যৱহাৰ যিকোনো ইমাৰজেন্সী লেন–দেন সম্পূৰ্ণ কৰিবলৈ কৰা হয়।

CRR কি?
বেংকিং নিয়মৰ অধীনত সকলো বেংকে নিজৰ মুঠ নগদৰ এক নিশ্চিত অংশ ৰিজাৰ্ভ বেংকৰ ওচৰত জমা ৰাখিব লাগে। ইয়াক কেছ ৰিজাৰ্ভ অৰ্থাৎ চিআৰআৰ কোৱা হয়।

MSF কি?
আৰ বি আই–এ ইয়াৰ আৰম্ভনি ২০১১চনত কৰিছিল। এমএছএফৰ অধীনত কমাৰ্চিয়েল বেংকে এনিশাৰ কাৰণে নিজৰ মুঠ জমা ৰাশিৰ ১শতাংশলৈকে লোন ল’ব পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading