মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»৫০ পইচা, ১ টকীয়া, ২ টকীয়া বা ১০ টকীয়া প্ৰচলিত সকলো মুদ্ৰাই বৈধ

৫০ পইচা, ১ টকীয়া, ২ টকীয়া বা ১০ টকীয়া প্ৰচলিত সকলো মুদ্ৰাই বৈধ

News18-Assam
Updated:June 27, 2019, 3:57 PM IST
৫০ পইচা, ১ টকীয়া, ২ টকীয়া বা ১০ টকীয়া প্ৰচলিত সকলো মুদ্ৰাই বৈধ
RBIৰ স্পষ্টীকৰণ, প্ৰচলিত মুদ্ৰাক কোনেও কৰিব নোৱাৰিব অগ্ৰাহ্য

RBIৰ স্পষ্টীকৰণ, প্ৰচলিত মুদ্ৰাক কোনেও কৰিব নোৱাৰিব অগ্ৰাহ্য

  • Share this:
এতিয়াৰ পৰা কোনো ব্যৱসায়ীক প্ৰতিষ্ঠানে অগ্ৰাহ্য কৰিব নোৱাৰিব প্ৰচলিত মুদ্ৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকে বুধবাৰে বহুদিন ধৰি প্ৰচলিত মুদ্ৰাৰ ওপৰত দেশৰ নাগৰিকৰ মাজত থকা শংকা দূৰ কৰে। ৰিজাৰ্ভ বেংকে উল্লেখ কৰে যে দেশত প্ৰচলিত ৫০ পইচা, ১ টকীয়া, ২ টকীয়া, ১০ টকীয়া সকলো মুদ্ৰাই বৈধ। আৰু এই সমূহ মুদ্ৰা কোনো ধৰণৰ প্ৰশ্ন উত্থাপন নকৰাকৈ মানি ল’ব লাগিব দেশৰ জনসাধাৰণে।

সময়ে সময়ে পৰিৱৰ্তন হয় মুদ্ৰা

ৰিজাৰ্ভ বেংকে কয় যে দেশৰ জনসাধাৰণৰ লেন–দেন সহজ কৰি তুলিবলৈ সময়ে সময়ে মুদ্ৰা কিছু সালসলনি কৰা হয়। বিভিন্ন ধৰণৰ বিচাৰ, আৰ্থিক, সামাজিক আৰু সাংস্কৃতিক দিশত প্ৰভাৱিত হৈ এনে সিদ্ধান্ত গ্ৰহণ কৰে ৰিজাৰ্ভ বেংকে। আৰ বি আইয়ে লগতে উল্লেখ কৰে যে দীৰ্ঘসময় ধৰি প্ৰচলন হৈ থকা মুদ্রা  মাজে মাজে নতুন নতুন ডিজাইন আৰু আকাৰত পৰিৱৰ্তন কৰা হয়।
First published: June 27, 2019, 12:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি