মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»ATM CASH WITHDRAWAL RULES: এটিএমত টকা নাথাকিলে ফোন কৰক এই নম্বৰত, ৰিজাৰ্ভ বেংকে বান্ধি দিছে নতুন নিয়ম

ATM CASH WITHDRAWAL RULES: এটিএমত টকা নাথাকিলে ফোন কৰক এই নম্বৰত, ৰিজাৰ্ভ বেংকে বান্ধি দিছে নতুন নিয়ম

News18 Assam | News18-Assam
Updated:August 23, 2021, 12:53 PM IST
ATM CASH WITHDRAWAL RULES: এটিএমত টকা নাথাকিলে ফোন কৰক এই নম্বৰত, ৰিজাৰ্ভ বেংকে বান্ধি দিছে নতুন নিয়ম
কেন্দ্ৰীয় বেংকৰ তৰফৰ পৰা এক ঘোষণাত কোৱা হৈছে ATMৰ টকা নথকাৰ জৰিমনাৰ মূল উদ্দেশ্য হৈছে ATMত পৰ্যাপ্ত টকা থকাটো সুনিশ্চিত কৰা।

কেন্দ্ৰীয় বেংকৰ তৰফৰ পৰা এক ঘোষণাত কোৱা হৈছে ATMৰ টকা নথকাৰ জৰিমনাৰ মূল উদ্দেশ্য হৈছে ATMত পৰ্যাপ্ত টকা থকাটো সুনিশ্চিত কৰা।

  • Share this:
গ্ৰাহকৰ সুবিধাৰ কথা চিন্তা কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে এটিএমৰ ওপৰত নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নতুন নিয়মত কোৱা হৈছে এতিয়াৰে পৰা এটিএমত টকা শেষ হৈ হ’লে বেংকৰ পৰা জৰিমনা লোৱা হ’ব। কাৰণ বিভিন্ন সময়ত দেখা গৈছে এটিএমত টকা নোপোৱাৰ ফলত গ্ৰাহকসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে। সেইবাবে গ্ৰাহকে যেন অসুবিধাত নপৰে তাৰ বাবেই ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

RBIৰ তৰফৰ পৰা জনাইছে যে, বেংকসমূহে এই নিয়ম মানি নচলিলে কঠোৰ পদক্ষেপ লোৱা হ’ব। এটিএমত নিৰ্দিষ্ট সময়ত টকাৰ যোগান নধৰিলে বেংকে দহ হাজাৰ টকালৈ জৰিমনা ভৰিব লাগিব।

ATMত টকা নাথাকিলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফেচবুক অথবা টুইটাৰত অভিযোগ দিয়াৰ লগতে 011 23711333 নম্বৰত গ্ৰাহকে ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব। এই নতুন নিয়ম ১ অক্টোবৰৰ পৰা আৰম্ভ কৰা হ’ব। ১ অক্টোবৰৰ পৰা ATMৰ পৰা টকা নাপাই যদি কোনো গ্ৰাহকে অভিযোগ দাখিল কৰে, তেনেহ’লে উক্ত বেংকে দহ হাজাৰ টকাৰ জৰিমনা আদায় দিব লাগিব।

ইপিনে, কেন্দ্ৰীয় বেংকৰ তৰফৰ পৰা এক ঘোষণাত কোৱা হৈছে ATMৰ টকা নথকাৰ জৰিমনাৰ মূল উদ্দেশ্য হৈছে ATMত পৰ্যাপ্ত টকা থকাটো সুনিশ্চিত কৰা। সধাৰণ জনতাই বাটে–ঘাটে টকাৰ বাবে যেন কোনো অসুবিধাত নপৰে সেই বাবেই এই সিদ্ধান্ত।
RBIৰ এই নতুন নিয়ম অনুসৰি, ATMত যদি দহ ঘণ্টাৰ অধিক সময় ধৰি টকা নাথাকে তেনেহলে জৰিমনা দিব লাগিব।

নতুন নিয়ম ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। RBIৰ তৰফৰ পৰা আৰু কোৱা হৈছে যে, বেংকসমূহে ATMত টকা নথকাৰ কাৰণ ছিষ্টেম জেনাৰেটেড ষ্টেটমেণ্ট দিব লাগিব। এই ষ্টেটমেণ্ট RBIৰ ইছ্যু বিভাগত পঠোৱা হ’ব। এই নিয়ম নামানিলে কঠোৰ পদক্ষেপ লোৱা হ’ব।
Published by: Sanjay Kumar Das
First published: August 23, 2021, 12:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি