আৰবিআইয়ে বুধবাৰে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ ৰেপো ৰেটৰ হাৰ ৪০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৪.৪০ শতাংশলৈ বৃদ্ধি কৰিছে। সেইদৰে চেণ্ট্ৰেল বেংকেও কেচ ৰিজাৰ্ভ ৰেচিও ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰিছে। ২-৪ মে'ত অনুষ্ঠিত কেন্দ্ৰীয় পৰিষদৰ সৈতে এক অফ-চাইকেল বৈঠকত মুদ্ৰা নীতি সমিতিয়ে (এমপিচি) এই সিদ্ধান্ত গ্ৰহণ কৰে।
ঘোষণা অনুসৰি, আৰবিআইয়ে ৰেপো ৰেট পূৰ্বৰ ৪ শতাংশৰ পৰা ৪.৪০ শতাংশলৈ বৃদ্ধি কৰিছে। শেষবাৰৰ বাবে ২০২০ চনৰ মে মাহত ৰেপো ৰেট কৰ্তন কৰা হৈছিল আৰু তেতিয়াৰ পৰা অপৰিৱৰ্তিত ৰখা হৈছিল। কিন্তু বুধবাৰে বৈঠকত লোৱা ৰেপো ৰেট বৃদ্ধিৰ সিদ্ধান্ত তৎক্ষণিক ভাবে কাৰ্যকৰী হ'ব। লগতে, নগদ সংৰক্ষণ অনুপাত ৫০ BPH বৃদ্ধি কৰা হৈছে। যি সূতৰ হাৰৰ ওপৰত অধিক উৰ্ধমুখী চাপ প্ৰয়োগ কৰিব।
ৰেপো ৰেট কি, ইয়াৰ প্ৰয়োজনীয়তাযেতিয়াই বাণিজ্যিক বেংকসমূহৰ পুঁজিৰ অভাৱ হয়, তেতিয়া টকা ধাৰ বিচাৰি RBIৰ কাষ চাপে। RBIয়ে এই বেংকবোৰক এক নিৰ্দিষ্ট হাৰত ধন ধাৰলৈ দিয়ে যাক ৰেপো ৰেট বুলি কোৱা হয়। RBIয়ে সময়ে সময়ে সিদ্ধান্ত লয় যে, হাৰ বৃদ্ধি/হ্ৰাস কৰিব নে ইয়াক অপৰিৱৰ্তিত ৰাখিব। কেন্দ্ৰীয় বেংকৰ মুদ্ৰা নীতি সমিতিৰ সিদ্ধান্তই ভাৰতীয় অৰ্থনীতিত লিকুইডিটী আৰু মুদ্ৰাস্ফীতিত প্ৰভাৱিত কৰিব পাৰে।
মুদ্ৰাস্ফীতিৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰিবলৈ ৰেপো ৰেট আৰবিআইৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আহিলা। আৰবিআইৰ দ্বাৰা হাৰ বৃদ্ধি বা হ্ৰাস কৰিলে বাণিজ্যিক বেংকৰ বাবে ঋণ লোৱা অধিক ব্যয়বহুল বা সস্তা হ'ব। ৰেপো ৰেট আৰু মুদ্ৰাস্ফীতিৰ এটা বিপৰীত সম্পৰ্ক আছে। যদি হাৰ বৃদ্ধি কৰা হয়, ই মুদ্ৰাস্ফীতি হ্ৰাস কৰিব আৰু যদি হাৰ হ্ৰাস কৰা হয়, মুদ্ৰাস্ফীতি বৃদ্ধি হ'ব।
ৰেপো-ৰেট বৃদ্ধি কৰাৰ বাবে আৰ.বি.আই.-ৰ এই পদক্ষেপে আপোনাৰ বেংকৰ লোনৰ ওপৰত সূতৰ হাৰ বৃদ্ধি কৰিব। সেয়েহে, আপোনাৰ হোম লোন, আৰু অটো ঋণ অধিক ব্যয়বহুল হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|