உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • HDFC Bank ত মোক্ষম আঘাত, ৰিজাৰ্ভ বেংকে আৰোপ কৰিলে ১০ কোটি টকাৰ জৰিমণা

    HDFC Bank ত মোক্ষম আঘাত, ৰিজাৰ্ভ বেংকে আৰোপ কৰিলে ১০ কোটি টকাৰ জৰিমণা

    বেঙ্কিং নিয়ন্ত্ৰণ আইনৰ ধাৰা উলংঘনৰ পাছতেই HDFC বেংকক জৰিমনা বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ইতিমধ্যে RBIএ ১০ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে HDFCক।

    বেঙ্কিং নিয়ন্ত্ৰণ আইনৰ ধাৰা উলংঘনৰ পাছতেই HDFC বেংকক জৰিমনা বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ইতিমধ্যে RBIএ ১০ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে HDFCক।

    বেঙ্কিং নিয়ন্ত্ৰণ আইনৰ ধাৰা উলংঘনৰ পাছতেই HDFC বেংকক জৰিমনা বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ইতিমধ্যে RBIএ ১০ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে HDFCক।

    • Share this:
    ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI)দেশৰ সৰ্ববৃহৎ ব্যক্তিগত বেংক HDFC বেংকৰ ওপৰত ১০ কোটি টকাৰ আৰ্থিক জৰিমনা আৰোপ কৰিছে। বেঙ্কিং নিয়ন্ত্ৰণ আইনৰ ধাৰা ৬(২) আৰু ধাৰা ৮-ৰ বিধান উলংঘন কৰাৰ বাবে জৰিমনা আৰোপ কৰা হৈছে HDFCক। ৰিজাৰ্ভ বেংকে কৈছে যে নিয়ামক কোম্পানীবোৰৰ অনিয়মৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

    প্ৰকৃততে, এজন হুইচব্ল'লাৰৰ অভিযোগৰ অনুসন্ধান কৰাৰ পিছত এই জৰিমণা বিহা হৈছে। অভিযোগটোত বেংকৰ বাহন ঋণ দপ্তৰত অনিয়মৰ অভিযোগ উত্থাপন কৰা হৈছে। ২৭ মে'ত জাৰি কৰা হৈছে এই জৰিমণা আদেশ।



    ৰিজাৰ্ভ বেংকে অলপতে আইচিআইচিআই(ICICI)বেংকৰ ওপৰত ৩ কোটি টকাৰ জৰিমণা আৰোপ কৰিছিল। ৰিজাৰ্ভ বেংকে এক বিবৃতিত কৈছিল যে বেঙ্কৰ দ্বাৰা শ্ৰেণীবিভাজন মূল্যাঙ্কন আৰু বিনিয়োগ পৰ্টফলিঅ'ৰ সঞ্চালনৰ বাবে মাষ্টাৰ চাৰ্কুলেচন -প্ৰডেন্সিয়েল নৰ্মৰ প্ৰয়োজনীয় নিৰ্দেশনা উলংঘা কৰাৰ বাবে ১ জুলাই, ২০১৫ তাৰিখে জৰিমণা আৰোপ কৰা হৈছিল।

    ভাৰতীয় ৰিজাৰ্ভ বেংকে মহাৰাষ্ট্ৰ সমবায় বেংকৰ ওপৰত জৰিমণা আৰোপ কৰিছিল

    শেহতীয়াকৈ, ভাৰতীয় ৰিজাৰ্ভ বেংকে নিয়ম উলংঘা কৰাৰ বাবে মহাৰাষ্ট্ৰৰ এটা সমবায় বেংকৰ বিৰুদ্ধে জৰিমণাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকে জনাইছিল যে প্ৰিয়দৰ্শিনী মহিলা নগৰী সহকাৰী বেংকক (Priyadarshini Mahila Nagari Sahakari Bank) চুপাৰভাইজৰী একচন ফ্ৰেমৱৰ্ক (SAF)ৰ অধীনত জাৰি কৰা কিছুমান নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবে ১ লাখ টকাৰ জৰিমণা বিহা হৈছে। বেংকে জনাইছিল যে বেঙ্কিং নিয়ন্ত্ৰণ আইন, ১৯৪৯-ৰ অধীনত, ধাৰা 47A(১)(C)ক ধাৰা 46 (4)(1)(I)ৰ সৈতে পঢ়াৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰদান কৰা ক্ষমতাৰ অধীনত জৰিমনা বিহা হৈছে।
    Published by:Kokil Sarma
    First published: