মঙলবাৰে হায়দৰাবাদস্থিত অন্ধ্ৰপ্ৰদেশ মহেশ কো-অপাৰেটিভ আৰ্বান বেংকক ১১২.৫০ লাখ টকাৰ জৰিমনাৰ লগতে নিয়ামক নিয়ম উলংঘা কৰাৰ বাবে মুঠ চাৰিটা বেংকক বিহা হৈছে জৰিমন।।
মঙলবাৰে হায়দৰাবাদস্থিত অন্ধ্ৰপ্ৰদেশ মহেশ কো-অপাৰেটিভ আৰ্বান বেংকক ১১২.৫০ লাখ টকাৰ জৰিমনাৰ লগতে নিয়ামক নিয়ম উলংঘা কৰাৰ বাবে মুঠ চাৰিটা বেংকক বিহা হৈছে জৰিমন।।
চাৰিটাকৈ সমবায় বেংকৰ ওপৰত ক্ষুন্ন ভাৰতীয় ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবেই দেশৰ এইকেইটা সমবায় বেংকৰ ওপৰত আৰোপ কৰিছে জৰিমনা। মঙলবাৰে হায়দৰাবাদস্থিত অন্ধ্ৰপ্ৰদেশ মহেশ কো-অপাৰেটিভ আৰ্বান বেংকক ১১২.৫০ লাখ টকাৰ জৰিমনাৰ লগতে নিয়ামক নিয়ম উলংঘা কৰাৰ বাবে মুঠ চাৰিটা সমবায় বেংকক বিহা হৈছে জৰিমনা।
ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰাৰ বাবে আহমেদাবাদ মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংকৰ ওপৰত ৬২.৫০ লাখ টকা, মুম্বাইৰ এছভিচি সমবায় বেংকৰ ওপৰত ৩৭.৫০ লাখ টকা আৰু মুম্বাইৰ সৰস্বত সমবায় বেংকৰ ওপৰত ২৫ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে।
'জমাৰ ওপৰত সুতৰ হাৰ' সন্দৰ্ভত নিৰ্দেশনা উলংঘন-
কেন্দ্ৰীয় বেংকৰ মতে, অন্ধ্ৰপ্ৰদেশ মহেশ কো-অপাৰেটিভ আৰ্বান বেংকক 'জমাৰ ওপৰত সুতৰ হাৰ' আৰু 'আপোনাৰ গ্ৰাহকক জানক' সম্পৰ্কীয় আৰবিআইৰ নিৰ্দেশনা পালন নকৰাৰ বাবে জৰিমনা বিহা হৈছে। আনহাতে আহমেদাবাদ মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংকক 'জমাৰ ওপৰত সুতৰ হাৰ' সন্দৰ্ভত মাষ্টাৰ নিৰ্দেশনাৰ নিয়ম উলংঘা কৰাৰ বাবে বিহা হৈছে এই শাস্তি।
ৰিজাৰ্ভ বেংকে কৈছিল যে তেওঁলোকে এছভিচি সমবায় বেংকৰ ওপৰত 'জমাৰ ওপৰত সুতৰ হাৰ' আৰু 'জালিয়াতি নিৰীক্ষণ আৰু প্ৰতিবেদন প্ৰণালী'ৰ নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবে জৰিমনা আৰোপ কৰিছিল। আনহাতে, 'জমাৰ ওপৰত সপতৰ হাৰ' আৰু 'জমা একাউণ্ট ৰক্ষণাবেক্ষণ'ৰ নিৰ্দেশনা অনুসৰণ নকৰাৰ বাবে সৰস্বত সমবায় বেংকক বিহা হৈছে শাস্তি।
ৰিজাৰ্ভ বেংকে কৈছিল যে জৰিমনা নিয়ামক অনুপালনৰ অভাৱৰ ভিত্তিত বেংকৰ ওপৰত জৰিমনা আৰোপ কৰা হৈছে। এই বেংকবোৰক ভৱিষ্যতৰ বাবে সতৰ্ক কৰি দিয়া হৈছে।
MD বা হোলটাইম ডাইৰেক্টৰ (WTD) পদত নিযুক্তিৰ বিষয়ে নতুন নিৰ্দেশনা
এদিন পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে নগৰ সমবায় বেংকৰ পৰিচালন সঞ্চালক (MD) বা হোলটাইম ডাইৰেক্টৰ (WTD) পদত নিযুক্তিৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি সাংসদ, বিধায়ক, স্থানীয় সংস্থাৰ সদস্যসকলে প্ৰাথমিক নগৰীয় সমবায় বেংকত MD/WTD হ'ব নোৱাৰিব।
ৰিজাৰ্ভ বেংকে এই পদসমূহত নিযুক্তিৰ যোগ্যতা নিৰ্ধাৰণ কৰিছে। ইয়াত কোৱা হৈছে যে প্ৰাৰ্থীসকলৰ এমডি বা হোলটাইম ডাইৰেক্টৰ পদত নিযুক্তিৰ বাবে স্নাতক বা বিত্তীয় ক্ষেত্ৰত প্ৰয়োজনীয় অৰ্হতা থাকিব লাগিব। এই সম্বন্ধেও ভাৰতীয় ৰিজাৰ্ভ বেংকে জাননী জাৰি কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|