ক্ৰেডিট আৰু ডেবিট কাৰ্ড যদি আপুনি কঢ়িয়াই ফুৰিছে আৰু ইয়াৰ ব্যৱহাৰ কৰা নাই তেনেহ’লে এই খবৰ আপোনাৰ কাৰণে জৰুৰী। আৰবিআইৰ নতুন গাইডলাইন্স মতে ইয়াৰ কেতবোৰ সুবিধা পৰিৱৰ্তন হ’বলৈ গৈ আছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ক্ৰেডিট আৰু ডেবিট কাৰ্ড জাৰি কৰোতাসকলক নিৰ্দেশ দিছে যে যদিহে ইয়াৰ ব্যৱহাৰ অনলাইন লেন দেনত কৰা হোৱা নাই তেনেহ’লে কাৰ্ডৰ সকলো সেৱা বন্ধ কৰি দিব লাগে।
১৫জানুৱাৰী, ২০২০ত জাৰি কৰা এক বিবৃতিত কেন্দ্ৰীয় বেংকটোৱে কাৰ্ড জাৰি কৰোতাক দিছে এই নিৰ্দেশ। আৰবিআই–এ এই কাৰ্ডসমূহৰ সুৰক্ষাপ কাৰণে বহুকেইটা গাইডলাইনো দিছে।
আৰবিআই–এ কৈছে যে যদি কাৰ্ড জাৰিকৰ্তাৰ সন্দেহ হয় যে কোনো ঘৰুৱা অথবা আন্তঃৰাষ্ট্ৰীয় কাৰ্ডছৰ ক্ষেত্ৰত বিপদ আছে তেনেহ’লে সেই কাৰ্ড বন্ধ কৰি দিব পাৰে।
আৰবিআইৰ এই নিৰ্দেশ অনুসৰি ভাৰতত কোনো কাৰ্ড জাৰি অথবা পুনঃজাৰি কৰাৰ সময়ত সেয়া কণ্টেক্ট আধাৰিত পইণ্টছ অৰ্থাৎ এটিএম বা Posৰ কাৰণেহে জাৰি কৰিব লাগে। কাৰ্ড জাৰি কৰোতাই কণ্টেক্টলেছ সুবিধাৰ কাৰণে কাৰ্ডহল্ডাৰক এই কথাৰ বিকল্প দিব পাৰে যে তেওঁ নিজৰ সুবিধা অনুযায়ী সেয়া বন্ধ অথবা চলাই নিব পাৰে। এই সুবিধা যিকোনো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ কাৰণে থাকিব।
কাৰ্ড জাৰিকৰ্তাই এতিয়া এই সুবিধা প্ৰদান কৰিব–সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় লেন–দেনত কিছু সুবিধা আৰম্ভ অথবা বন্ধ কৰাৰ বিকল্প লাভ কৰিব। ইয়াত কাৰ্ডৰ লিমিট নিৰ্ধাৰণ কৰাৰ পৰা কণ্টেক্ট আৰু কণ্টেক্টলেছ লেন–দেনৰ সুবিধাও অন্তৰ্ভুক্ত হ’ব।
–এই সুবিধা মাল্টিপল চেনেল্সত ২৪*৭ প্ৰদান কৰা হ’ব। কাৰ্ডহল্ডাৰে এই সুবিধাসমূহ ম’বাইল এপ, ইণ্টাৰনেট বেংকিং, এটিএম, ইণ্টাৰএক্টিভ ভয়চ ৰেচপন্স অৰ্থাৎ আইবিআৰৰ জৰিয়তেও লাভ কৰিব। এই সুবিধাসমূহ বেংকৰ ব্ৰাঞ্চতো থাকিব।
–RBI–এ কয় যে কাৰ্ড জাৰিকৰ্তাই এই সুবিধাসমূহ আৰম্ভ কৰাৰ আৰু বন্ধ কৰাৰ সময়ত এলাৰ্ট কৰিব বা জনাব লাগিব। এই এলাৰ্ট এছএমএছ বা ইমেইলৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|