• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বেংক একাউণ্ট খোলাৰ নিয়মত ডাঙৰ সাল–সলনি, চাওক কোনসকল গ্ৰাহকে পাব সুবিধা

বেংক একাউণ্ট খোলাৰ নিয়মত ডাঙৰ সাল–সলনি, চাওক কোনসকল গ্ৰাহকে পাব সুবিধা

৬ আগষ্টত ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা চাৰ্কুলাৰ জাৰি কৰি কোৱা হৈছিল যে যথেষ্টসংখ্যক গ্ৰাহকৰ কাৰেণ্ট একাউণ্ট খোলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

  • Share this:
বৰ্তমান ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা একাধিক নিয়মত ৰেহাই দিয়াৰ ঘোষণা কৰা হৈছে। নতুন নিয়ম মতে ১৫ ডিচেম্বৰৰ পৰা সাল–সলনি হৈছে।  যোৱা ৬ আগষ্টত ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা কমাৰ্চিয়েল বেংক তথা পেমেণ্ট বেংকৰ কাৰণে বিজ্ঞপ্তি জাৰি কৰা হৈছিল। বিজ্ঞপ্তিত কাৰেণ্ট একাউণ্ট সন্দৰ্ভত একাধিক নিৰ্দেশ দিয়া হৈছিল।

৬ আগষ্টত ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা জাৰি কৰা চাৰ্কুলাৰত কোৱা হয় যে, যথেষ্টসংখ্যক গ্ৰাহকৰ কাৰেণ্ট একাউণ্ট খোলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

চাৰ্কুলাৰত লগতে কোৱা হৈছে যে গ্ৰাহকসকলে সেইসমূহ বেংকতে Current Account বা  অভাৰড্ৰাফ্ট একাউণ্ট খুলিব পাৰিব য’ৰপৰা লোন লৈছে।

এই নিয়ম কেৱল সেই সকল গ্ৰাহকলৰ ক্ষেত্ৰতহে বলৱৎ হ’ব যিসকলে বেংকৰ পৰা ৫০কোটিৰ অধিক লোন লৈছে। ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা জনোৱা হয় যে একাধিক বাৰ দেখা গৈছে যে গ্ৰাহকসকলে লোন কোনোবা এটা বেংকৰ পৰা লয় আৰু কাৰেণ্ট একাউণ্ট বেলেগ বেংকত খোলে। ইয়াৰ ফলত সংস্থাৰ কাৰণে কেচফ্ল’ ট্ৰেক কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ উদ্ভৱ হয়। ইয়াৰ কাৰণে আৰবিআই–এ চাৰ্কুলাৰ জাৰি কৰি কৈছে যে কোনো বেংকে এই ধৰণৰ গ্ৰাহকৰ কাৰেণ্ট একাউণ্ট যাতে নোখোলে যিসকলে অন্য ঠাইত কেচ ক্ৰেডিট তথা অভাৰড্ৰাফ্ট সুবিধা গ্ৰহণ কৰিছে।

RBI একাউণ্ট খোলাৰ লগতে গ্ৰাহকসকলক এলাৰ্ট কৰা হৈছে। এই ৰেহাই কেৱল কিছু চৰ্তৰ সৈতে দিয়া হ’ব।
First published: