তালিবানৰ দখলত আফগানিস্তান। তালিবানীৰ আক্ৰমণত এতিয়া আতংকত দিন পাৰ কৰিছে আফগান জনতাই। বৰ্তমান UKত থকা স্পীনাৰ ৰাছিদ খান নিজ দেশৰ শেহতীয়া পৰিস্থিতিকলৈ উদ্বিগ্ন হৈ পৰিছে। কঠিন সময়ৰ মাজেৰে দিন পাৰ কৰিছে। যদিও ট্ৰেণ্ট ৰকেটছ দলৰ হৈ তেওঁ ১০০ খন মেচত ভাগ ল'লে, এই সময়তো ক্ৰিকেটাৰজনৰ দৃষ্টি নিজৰ দেশখনৰ শেহতীয়া পৰিস্থিতিৰ ওপৰতে আছে। আমেৰিকাই নিজৰ সেনা ঘূৰাই অনাৰ পিছত আফগানিস্তান পুনৰ দখল কৰে তালিবানে। এতিয়া আফগানিস্তানত শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত সকলোকে প্ৰাৰ্থনা কৰিবলৈ টুইটাৰ যোগে আহ্বান জনাইছে তাৰকা স্পীনাৰগৰাকীয়ে।
Today let us take some time to value our nation and never forget the sacrifices. We hope and pray for the peaceful , developed and United nation INSHALLAH #happyindependenceday 🇦🇫🇦🇫 pic.twitter.com/ZbDpFS4e20