অতীন্দ্ৰই মাক ব্যৱহাৰ কৰিছে, মইহে মাক চাই আছিলো! ৰাণু মণ্ডলৰ কন্যাৰ দাবী

চাৰি ভাই–ভনীৰ ভিতৰত মইহে মাক চাইছিলো। ছচিয়েল মিডিয়া তাৰকা ৰাণু মণ্ডলৰ জীয়ৰীয়ে কয় তেওঁ প্ৰতিটো খোজত মাতৃক সহায় কৰিছিল।

News18
Updated:September 3, 2019, 5:17 PM IST
অতীন্দ্ৰই মাক ব্যৱহাৰ কৰিছে, মইহে মাক চাই আছিলো! ৰাণু মণ্ডলৰ কন্যাৰ দাবী
চাৰি ভাই–ভনীৰ ভিতৰত মইহে মাক চাইছিলো। ছচিয়েল মিডিয়া তাৰকা ৰাণু মণ্ডলৰ জীয়ৰীয়ে কয় তেওঁ প্ৰতিটো খোজত মাতৃক সহায় কৰিছিল।
News18
Updated: September 3, 2019, 5:17 PM IST
কলকাতা ৰেলৱে ষ্টেশ্যনৰ গলিয়ে গলিয়ে গান গাই ভিক্ষা খুজি জীৱন অতিবাহিত কৰা ৰাণু মণ্ডলে যোৱা দহ বছৰ দাৰিদ্ৰৰ সৈতে যুঁজি পাৰ কৰিছে। যোৱা জুলাই মাহত ৰাণু মণ্ডলৰ ভাগ্য সলনি হৈ পৰিল এটি ভাইৰেল ভিডিঅ’ৰ কাৰণে য’ত তেওঁৰ সুৰীয়া কণ্ঠই মোহাচ্ছন্ন কৰে অসংখ্য জনক। অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিয়ে ৰাণু মণ্ডলৰ ভিডিঅ’ প্ৰস্তুত কৰি ছচিয়েল মিডিয়াত এৰাৰ বাবেই ৰাণুয়ে এতিয়া বলিউডত কাম কৰি আছে। ইয়াৰ মাজতে বিতৰ্ক হ’ল ৰাণু মণ্ডলৰ জীয়ৰীক লৈ যিয়ে বিগত ১০বছৰে মাক ক’ত আছে সেয়া খবৰ ল’বলৈও সময় পোৱা নাছিল কিন্তু মাকৰ অৱস্থা ভাললৈ অহাৰ লগে লগে কাষ চাপিছেহি। 

ৰাণু মণ্ডলৰ জীয়ৰিৰ নাম এলিজাবেথ সাথী ৰয়। শেহতীয়াকৈ এলিজাবেথে এটা নিউজ এজেন্সীৰ সৈতে সাক্ষাৎকাৰত কয়,
মই নাজানিছিলো যে মোৰ মায়ে ৰেলৱে ষ্টেশ্যনত গান গাইছিল, কিয়নো মই তেওঁক বেছিকৈ লগ পোৱা নাছিলো। মই কিছুমাহ পূৰ্বে কলকাতাৰ ধৰ্মতলালৈ গৈছিলো, তাত মই মাক বাছষ্টেণ্ডত কোনো উদ্দেশ্য নোহোৱাকৈ বহি থকা দেখি আচৰিত হৈছিলো। মই তেওঁক ২০০ টকা দি লগে লগে ঘৰলৈ যাবলৈ ক’লো।


মাক চাইছিলো মই–এলিজাবেথ

এলিজাবেথৰ ওপৰত অভিযোগ আছিল যে তেওঁ বেয়া সময়ত মাতৃক পদপথৰ ভিক্ষাৰী হ’বলৈ এৰি দিছিল। কিন্তু এই অভিযোগ নস্যাৎ কৰি তেওঁ কয় যে
মাৰ চাৰিটা ল’ৰা–ছোৱালীৰ ভিতৰত মইহে একেৰাহে তেওঁক চোৱা–চিতা কৰিছিলো।


৫০০ টকাকৈ পঠিয়াইছিল

এলিজাবেথে কয়
মই মাজে মাজে এজন সম্বন্ধীয় মানুহৰ একাউণ্টৰ জৰিয়তে ৫০০টকাকৈ দিছিলো। মোৰ বিবাহ বিচ্ছেদ হৈছে আৰু মই সুৰীৰ এখন সৰু গেলামালৰ দোকান চলাও। মই অকলশৰীয়া আৰু মই মোৰ চাৰিবছৰীয়া পুত্ৰ সন্তানকো চাব লাগে। মোৰ নিজৰ জীৱনেই সংঘৰ্ষৰ মাজেৰে পাৰ হৈছে। মই বহুবাৰ চেষ্টা কৰিছিলো যে মা মোৰ লগত থাকক। কিন্তু তেওঁ আমাৰ লগত থাকিবলৈ অস্বীকাৰ কৰিলে। ইয়াৰ পিছতো মানুহে মোক দোষ দিছে, ৰাইজে এনেকৈ দোষাৰোপ কৰিলে মই ক’ত যাম।


উল্লেখযোগ্য যে দুবাৰ বিবাহপাশত আৱদ্ধ হোৱা ৰাণুৰ দুয়োখন বিয়াৰ পৰা চাৰিটাকৈ সন্তান আছে। এলিজাবেথ তেওঁৰ প্ৰথম স্বামীৰ সন্তান। ৰাণু মণ্ডলৰ প্ৰথম স্বামীৰ ইতিমধ্যে মৃত্যু হৈছে আৰু দ্বিতীয় স্বামী এতিয়াও জীৱিত। আটাইকেইটা সন্তানৰ পৰস্পৰৰ মাজতেই যোগাযোগ নাই।

ৰাণুৰ জীয়ৰিয়ে প্ৰশ্ন কৰে, আনকেইটা সন্তানৰ দায়িত্ব নাই নে কি? মাৰ প্ৰতি তেওঁলোকৰ কৰণীয় একোৱে নাই নে?

এলিজাবেথে কয়
মই যেতিয়াই তেওঁক লগ পাইছিলো টকা–পইচা, খাদ্য সকলো যোগান ধৰিছিলো। মই আৰু স্বামী সুৰীলৈ যাওঁতে মায়ে আমাক লগ পাবলৈ কেবাবাৰো আহিছিল। আমি তেওঁক লগত থাকিবলৈ কৈছিলো কিন্তু তেওঁ মানা কৰিলে। জোৰ–জুলুমকৈ কেনেকৈ তেওঁক লগত ৰাখো?
  

মোক ভাবুকি দিছিল মানুহে

ৰাণু মণ্ডলৰ কন্যা এলিজাবেথে বহুকেইজন মানুহৰ ওপৰত গম্ভীৰ অভিযোগ তুলিছে, তেওঁৰ মতে ৰাণাঘাটৰ একাংশ লোকে মাক চোৱা চিতা কৰি মোক গালি–গালাজ দিছিল। তেওঁ কয়,
ক্লাৱৰ দুজন সদস্য অতীন্দ্ৰ আৰু তপনে এনে আচৰণ কৰে যেন তেওঁলোকহে মাৰ আচল সন্তান আৰু মই একোৱে নহয়। এওঁলোক দুজনে আৰু ক্লাৱৰ কেইবাজনো সদস্যই মোৰ ভৰি ভাঙি দিয়াৰ ভাবুকি দিছিল। মোক কোৱা হৈছিল যাতে মই মাক লগ কৰাৰ চেষ্টাও নকৰো। তেওঁলোকে মোৰ মাৰ ব্ৰেইনৱাশ্ব কৰিছে আৰু মই অতি অসহায় অনুভৱ কৰিছো।


মানসিক ভাৱে অস্থিৰ ৰাণু

এলিজাবেথে কয় যে, মই একো পদক্ষেপ ল’ব বিচৰা নাই কাৰণ ইয়াৰ পোণপটীয়া প্ৰভাৱ পৰিব মাৰ ওপৰত। তেওঁ নিজৰ গানৰ ওপৰত মনোযোগ দিব নোৱাৰিব। তেওঁ মানসিকভাৱে স্থিৰ নহয় আৰু মিডিয়াই তেওঁক আমনি কৰি আছে।

এলিজাবেথে ইয়াৰ লগতে বিস্ফোৰক অভিযোগ তুলি কয়,
তপন আৰু অতীন্দ্ৰক নাম লাগে আৰু সেইকাৰণে তেওঁলোকে মোক চাইডলাইন কৰি দিলে। তেওঁলোকে মাক সহায় কৰাৰ নাটক কৰিছে কিন্তু প্ৰকৃততে এয়া মিছা। তপনে মোৰ মাৰ বস্তু কিনাৰ নামত দৈনিক টকা সৰকাই আছে। মই এবাৰ তেওঁক লগ কৰিব যাওঁতে দেখিছিলো তেওঁৰ ওচৰত দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীও নাই। বাচন–কাপোৰ একো নাই। তেওঁলোক দুজনে এবাৰ দহহাজাৰ টকা লৈ মাত্ৰ এটা ছুটকেছ আৰু এটা নাইটি কিনিলে, মই একেবাৰে তেওঁলোকক বিশ্বাস নকৰো। মই মাক সমৰ্থন কৰি যাম। সুৰীত মোৰ সৈতে থাকিবলৈ মই তেওঁক অনুৰোধ কৰিছো কিন্তু মই জোৰ নকৰো। তেওঁ নিজৰ জীৱনত বহু অশান্তি দেখিছে আৰু এতিয়া তেওঁ নিজৰ ভাল কামৰ ফল দেখিছে। মই তেওঁক ছোৱালী হিচাপে ভালপাও আৰু তেওঁক লৈ গৰ্বিত।
আৰু চাওক পৰৱৰ্তী বাতৰি