মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »ৰে’লৱে ষ্টেশ্যনত ভিক্ষাবৃত্তি এৰি ‘লাইমলাইটলৈ’ উভতনি ৰাণু মণ্ডলৰ, হিন্দী চিনেমাত প্লে–বেকৰ সুযোগ, ভাইৰেল Video

ৰে’লৱে ষ্টেশ্যনত ভিক্ষাবৃত্তি এৰি ‘লাইমলাইটলৈ’ উভতনি ৰাণু মণ্ডলৰ, হিন্দী চিনেমাত প্লে–বেকৰ সুযোগ, ভাইৰেল Video

আকৌ এবাৰ হিন্দী চিনেমাত গান গাব ৰাণু মণ্ডলে।

আকৌ এবাৰ হিন্দী চিনেমাত গান গাব ৰাণু মণ্ডলে।

আকৌ এবাৰ হিন্দী চিনেমাত গান গাব ৰাণু মণ্ডলে।

  • Share this:
ছচিয়েল মিডিয়াৰ কাৰণে ৰাতিটোৰ ভিতৰতে তাৰকা হৈছিল ৰাণু মণ্ডল। মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে খ্যাতিৰ শিখৰ পাইছিলগৈ তেওঁ। পিছে ৰকেটৰ গতিৰে উত্থান হোৱা ৰাণু মণ্ডলৰ তাৰ পিছত ছন্দপতনো হয়। ৰাণাঘাট ষ্টেশ্যনৰ খ্যাতি লাভ কৰাৰ পিছত সেই ৰাণাঘাট ষ্টেশ্যনলৈকে ঘুৰি যাবলগীয়া হৈছিল ৰাণুৱে।

পিছে আকৌ এবাৰ লাইমলাইটলৈ ঘুৰিছে ৰাণাঘাটৰ ৰাণু মণ্ডল। ধীৰাজ মিশ্ৰৰ সৈতে এইবাৰ কাম কৰিছে ৰাণাঘাটৰ এই 'চিংগিং চেনচেশ্যন'। ধীৰাজ মিশ্রৰ প্রথম ৰোমাণ্টিক ছবি 'সীতামগৰ' তথা দেশপ্ৰেমমূলক চিনেমা 'সৰোজিনী'ত গান গাব ৰাণু মণ্ডল। মঙলবাৰে ছচিয়েল মিডিয়া হেণ্ডেলত ভাইৰেল হয় ৰাণু মণ্ডলৰ এটা ভিডিও। ইয়াত ৰাণুৱে নিজৰ নতুন কামৰ বিষয়ে অনুৰাগীসকলৰ জনাইছে। লগতে যি ভালপোৱা সন্মান তেওঁ অনুৰাগীসকলৰ পৰা পাইছে সেয়া যাতে আগলৈও অটুট থাকে তাৰ কাৰণে অনুৰোধ জনায়।

লতা মংগেশকাৰৰ গান গাই লাইমলাইটলৈ অহাৰ পিছতে ৰাণাঘাটৰ পুৰণি ঘৰ এৰি নতুন ঘৰলৈ যায় ৰাণু মণ্ডল। কিন্তু লকডাউনৰ আগত ফেব্ৰুৱাৰী মাহত জনা যায় যে নতুন ঘৰ এৰি পুৰণি ঘৰলৈ উভতিছে ৰাণু। ষ্টাৰডম বেছিদিন উপভোগ কৰিব নোৱাৰিলে ৰাণুৱে। অহংকাৰেই কাল হোৱাৰো চৰ্চা হৈছিল। নাম হোৱাৰ পিছত শাৰীৰিক ভাৱ–ভংগীয়ে সলনি হৈ গৈছিল ৰাণুৰ। অনুৰাগীৰ সৈতেও বেয়া ব্যৱহাৰ কৰাৰ কাৰণে সমালোচনা হৈছিল। তাৰ মাজতে ৰাণুৰ ওপৰত ক্ষুব্ধ হৈছিল প্ৰথম সুযোগ দিয়া হিমেশ ৰেশমিয়া।

ইয়াৰ মাজতে পতনৰ দিশলৈ গতি কৰি আকৌ উভতি অহাৰ সুযোগ লাভ কৰিছে ৰাণুৱে। যিজন যুৱকৰ কাৰণে ৰাণু নিশাটোৰ ভিতৰতে ষ্টাৰ হৈছিল সেইজন যুৱক অতীন্দ্ৰ চক্ৰৱৰ্তীয়ে জনাইছে ৰাণুৰ কামবেকৰ কথা। অতীন্দ্ৰই ছচিয়েল মিডিয়াত পোষ্ট কৰিছে ৰাণুৰ উভতনিৰ কথা।

শেহতীয়া বাতৰি