Ram Setu : অক্ষয় কুমাৰৰ লগতে ‘ৰাম সেতু’ৰে জড়িত ৪৫জন কনিষ্ঠ শিল্পী কোৰোণা পজিটিভ

অক্ষয় কুমাৰ হৈছে ৰণবীৰ কাপুৰ, আলিয়া ভাট, আদিত্য নাৰায়ণ, ৰূপালী গাংগুলী, কাৰ্তিক আৰয়ান আৰু আমিৰ খানৰ পিছত কোভিড-১৯ পজিটিভ পোৱা বলিউডৰ শেহতীয়া চেলিব্ৰিটি।
অক্ষয় কুমাৰ হৈছে ৰণবীৰ কাপুৰ, আলিয়া ভাট, আদিত্য নাৰায়ণ, ৰূপালী গাংগুলী, কাৰ্তিক আৰয়ান আৰু আমিৰ খানৰ পিছত কোভিড-১৯ পজিটিভ পোৱা বলিউডৰ শেহতীয়া চেলিব্ৰিটি।
- News18 Assam
- Last Updated: April 5, 2021, 3:45 PM IST
অক্ষয় কুমাৰে দেওবাৰে কৈছিল যে তেওঁৰ কোৰোণা ভাইৰাছৰ বাবে পৰীক্ষা কৰিছিল আৰু পজিটিভ পোৱা গৈছিল। ইয়াৰ পিছতে অভিনেতাজন হোম কোৱাৰেণ্টাইনত আছিল। তাৰ পিছত ভৰ্তি হৈছিল হাস্পতালত। ৫৩ বছৰীয়া অভিনেতাজনে টুইটাৰত তেওঁৰ কোভিড পজিটিভ হোৱাৰ খবৰ শ্বেয়াৰ কৰিছিল আৰু কৈছিল যে তেওঁ প্ৰয়োজনীয় সকলো প্ৰটকল অনুসৰণ কৰি আছে।
"মই সকলোকে জনাব বিচাৰো যে, মই কোভিড-১৯ পৰীক্ষাৰ ফলাফল পজিটিভ পাইছো। সকলো প্ৰটকল অনুসৰণ কৰি মই লগে লগে নিজকে আনৰ পৰা আঁতৰ কৰি ৰাখিছো। মই হোম কোৱাৰেণ্টাইন (Home Quarantine)ত আছো আৰু প্ৰয়োজনীয় চিকিৎসা কৰি আছো," তেওঁ লিখিছিল। ইয়াৰ পিছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
অক্ষয় কুমাৰ হৈছে ৰণবীৰ কাপুৰ, আলিয়া ভাট, আদিত্য নাৰায়ণ, ৰূপালী গাংগুলী, কাৰ্তিক আৰয়ান আৰু আমিৰ খানৰ পিছত কোভিড-১৯ পজিটিভ পোৱা বলিউডৰ শেহতীয়া চেলিব্ৰিটি।
শনিবাৰে, মহাৰাষ্ট্ৰত ৪৯,৪৪৭টা নতুন কোভিড-১৯ পজিটিভৰ ঘটনাৰ ধৰা পৰিছে।
অক্ষয় কুমাৰে ৰোহিত ছেট্টীৰ "Sooryavanshi"ৰ মুক্তিৰ অপেক্ষা কৰি আছে। তেওঁৰ পাইপলাইনত আনন্দ এল ৰায়ৰ "Atrangi Re", ফাৰহদ চামজী পৰিচালিত "Bachchan Pandey", ৰঞ্জিত তিৱাৰীৰ "Bell Bottom" আৰু যশ ৰাজ ফিল্মছ প্ৰকল্প "Prithviraj" আছে।