• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Raksha Bandhan 2022: ২০০ বছৰৰ মূৰত ৰাখী–বন্ধনৰ দুৰ্লভ সংযোগ, এই শুভ মুহূৰ্তত ভাতৃৰ হাতত পিন্ধাওক ৰাখী

Raksha Bandhan 2022: ২০০ বছৰৰ মূৰত ৰাখী–বন্ধনৰ দুৰ্লভ সংযোগ, এই শুভ মুহূৰ্তত ভাতৃৰ হাতত পিন্ধাওক ৰাখী

ৰাখী–বন্ধনত গ্ৰহবোৰৰ এক বিশেষ স্থিতি নিৰ্মাণ হ’বলৈ গৈ আছে। প্ৰায় ২০০ বছৰৰ মূৰত এনে এক দুৰ্লভ সংযোগ হ’ব বুলি তেওঁলোকে বিশ্বাস কৰিছে।

ৰাখী–বন্ধনত গ্ৰহবোৰৰ এক বিশেষ স্থিতি নিৰ্মাণ হ’বলৈ গৈ আছে। প্ৰায় ২০০ বছৰৰ মূৰত এনে এক দুৰ্লভ সংযোগ হ’ব বুলি তেওঁলোকে বিশ্বাস কৰিছে।

ৰাখী–বন্ধনত গ্ৰহবোৰৰ এক বিশেষ স্থিতি নিৰ্মাণ হ’বলৈ গৈ আছে। প্ৰায় ২০০ বছৰৰ মূৰত এনে এক দুৰ্লভ সংযোগ হ’ব বুলি তেওঁলোকে বিশ্বাস কৰিছে।

  • Share this:
প্ৰতিবছৰে শাওন মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিৰ দিনা ৰাখী বন্ধনৰ উত্‍সৱ পালন কৰা হয়। এই উৎসৱ হ'ল ভাতৃ–ভগ্নীৰ সম্পৰ্কৰ ই এক অত্যন্ত মহত্বপূৰ্ণ দিন। উক্ত দিনা ভগ্নীয়ে নিজ ভাতৃৰ হাতত ৰাখী বান্ধে আৰু ভাতৃৰ মংগলৰ বাবে কামনা কৰে। লগতে, ভাতৃয়েও নিজৰ ভগ্নীক আজীৱন সকলো বিপদৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মন কৰিবলগীয়া যে, এই বৰ্ষৰ ৰাখী–বন্ধনৰ পৰ্বটো দুটা দিনত বিভক্ত হৈ থকাত ৰাখী বন্ধাৰ দিন আৰু সময়ক লৈ কিছু চিন্তাত পৰিছে সকলো।

জ্যোতিষীসকলৰ মতে, এইবাৰৰ ৰাখী–বন্ধনত গ্ৰহবোৰৰ এক বিশেষ স্থিতি নিৰ্মাণ হ’বলৈ গৈ আছে। প্ৰায় ২০০ বছৰৰ মূৰত এনে এক দুৰ্লভ সংযোগ হ’ব বুলি তেওঁলোকে বিশ্বাস কৰিছে। দৰাচলতে, এইবাৰ গ্ৰহবোৰৰ সেনাপতি গুৰুদেৱ বৃহস্পতি আৰু শনি, তেওঁলোকৰ নিজ নিজ ৰাশিচিহ্নত পশ্চাদগামী অৱস্থাত বহি থাকিব। ই এক দুৰ্লভ সংযোগ কিয়নো যেতিয়া কোনো গ্ৰহৰ চলাচল বিপৰীত দিশত হয় তেতিয়া ইয়াক ধৰ্মীয় শাস্ত্ৰত পশ্চাদগামী গ্ৰহ বুলি কোৱা হয়।

জ্যোতিষীসকলৰ মতে, এই বছৰ ৰাখী–বন্ধনত শংখ, হংস আৰু সতকীৰ্তি নামৰ ৰাজযোগো নিৰ্মাণ হ’ব। সেয়েহে এইবাৰ ৰাখী–বন্ধন উৎসৱৰ গুৰুত্ব আৰু বৃদ্ধি পাইছে। ৰাখী–বন্ধনৰ দিনা অভিজিত মুহুৰ্ত, বিজয় মুহুৰ্ত আৰু অমৃত কাল, প্ৰদোষ কালৰ দৰে শুভ ক্ষণ থাকিব বুলিও তেওঁলোকে কয়। উক্ত বিষয়বোৰৰ ওপৰত ভিত্তি কৰি ভগ্নীয়ে নিজ ভাতৃৰ হাতত ৰাখী বান্ধিব পাৰে।

বিশেষ যে, ১১ আগষ্টৰ দিনা ৰাখী–বন্ধনৰ অভিজিত মুহূৰ্ত ৰাতিপুৱা ১১ বাজি ৫৩ মিনিটত আৰম্ভ হৈ দিনৰ ১২ বাজি ৪২ মিনিটত শেষ হ’ব আৰু বিজয় মুহূৰ্ত দিনৰ ২ বাজি ৩২ মিনিটত আৰম্ভ হৈ বিয়লি ৩ বাজি ২৯ মিনিটত শেষ হ’ব। এই দিনটোত সন্ধিয়া ৭ বাজি ১৯ মিনিটলৈ ভগ্নীয়ে নিজ ভাতৃৰ হাতত ৰাখী বান্ধিব পাৰিব। উল্লেখনীয় যে, ১২ আগষ্টৰ দিনাও ৰাখী–বন্ধন উৎসৱ উদযাপন কৰা হ’ব আৰু পুৱা ৭ বাজি ৬ মিনিটলৈকে এই উৎসৱ উদযাপন কৰিব পাৰিব।
Published by:Sanjay Kumar Das
First published: