"চীনলৈ কোৰোণা ভাইৰাছৰ দৰৱ লৈ গৈ আছো", বিমানৰ ভিতৰৰ পৰা ৰাখী সাৱন্তৰ VIDEOক লৈ আমোদ!

News18 Assam | News18-Assam
Updated:February 4, 2020, 10:45 AM IST
ছচিয়েল মিডিয়াত উদ্ভত আৰু আজৱ মন্তব্য কৰাৰ কাৰণে ট্ৰেণ্ড হৈ থকা ৰাখী সাৱন্তে এইবাৰ কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। 

ছচিয়েল মিডিয়াত উদ্ভত আৰু আজৱ মন্তব্য কৰাৰ কাৰণে ট্ৰেণ্ড হৈ থকা ৰাখী সাৱন্তে এইবাৰ কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। 

  • Share this:
বলিউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। যিহকে মুখত আহে তাকে কৈ পেলোৱা ৰাখীয়ে এইবাৰ ছচিয়েল মিডিয়াত নানানটা বিতৰ্ক কৰি পোষ্ট দি থাকে। বেছিভাগ পোষ্টেই সাধাৰণ মানুহক হাঁহিৰ খোৰাক আৰু আমোদ যোগান ধৰি আহিছে। এইবাৰ চীনৰ মাৰাত্মক কোৰোণা ভাইৰাছক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাখী সাৱন্তে। ইনষ্টাগ্ৰামত ৰাখীয়ে এটা ভিডিও শ্বেয়াৰ কৰি কৈছে এইবাৰ তেওঁ কোৰোণ ভাইৰাছ শেষ কৰিহে ক্ষান্ত হ’ব।

এখন বিমানত শ্বুট কৰা ভিডিওটো শ্বেয়াৰ কৰি ৰাখীয়ে কৈছে যে তেওঁ ভাইৰাছটোলৈ ভয় নকৰে আৰু ভাইৰাছক পুলিয়ে–পোখাই উঘালিবলৈ চীনলৈ গৈ আছে।




 





View this post on Instagram





 

A post shared by Rakhi Sawant (@rakhisawant2511) on






ভিডিওটোত ৰাখীয়ে কৈছে যে আমেৰিকাৰ পৰা তেওঁ ভাইৰাছ শেষ কৰিবলৈ দৰৱ মগাইছে আৰু সেই দৰৱেৰে চীনত গৈ ভাইৰাছ শেষ কৰিহে ক্ষান্ত হ’ব। তেওঁ মানুহক তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছে।

 

অৱধাৰিতভাৱে ৰাখীৰ ভিডিওটো মানুহে চাই আমোদ পাইছে!
আৰু চাওক
পৰৱৰ্তী বাতৰি