ৰাখী সাৱন্তৰ দেহত পাকিস্তানী পতাকা, তোলপাৰ ইণ্টাৰনেট জগত, জানক প্ৰকৃত সত্য

News18 Assam | News18-Assam
Updated:September 22, 2020, 3:14 PM IST
ৰাখী সাৱন্তৰ দেহত পাকিস্তানী পতাকা, তোলপাৰ ইণ্টাৰনেট জগত, জানক প্ৰকৃত সত্য
এই পোষ্টক লৈ তোলপাৰ লাগিছে ইণ্টাৰনেট জগতত। মুহূৰ্তৰ ভিতৰতে ট্ৰেণ্ড কৰে ৰাখী সাৱন্ত। সেই ফটো বিয়পি পৰে বিভিন্ন মাধ্যমত।

এই পোষ্টক লৈ তোলপাৰ লাগিছে ইণ্টাৰনেট জগতত। মুহূৰ্তৰ ভিতৰতে ট্ৰেণ্ড কৰে ৰাখী সাৱন্ত। সেই ফটো বিয়পি পৰে বিভিন্ন মাধ্যমত।

  • News18 Assam
  • Last Updated: September 22, 2020, 3:14 PM IST
  • Share this:
সততে বিতৰ্কত থাকে ৰাখী সাৱন্ত। বিভিন্ন সময়ত বিভিন্ন বিতৰ্কিত কৰ্মকাণ্ডৰে ইণ্টাৰনেট জগতত তোলপাৰ লগায় ৰাখীয়ে। এইবাৰ পুনৰ এবাৰ ৰাখী সাৱন্তক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। এইবাৰ অশ্লীল ছবি বা নগ্নতাৰ বাবে নহয়, আন এক কাৰণতহে বিতৰ্কত সোমাই পৰিছে ৰাখী। ইণ্টাৰনেটত ভাইৰেল হৈছে ৰাখী সাৱন্তৰ কেতবোৰ ফটো। ফটোত দেখা গৈছে ৰাখীৰ দেহত পাকিস্তানৰ পতাকা।

এই ফটোৰ সত্যতাক লৈ বহু বিতৰ্ক হৈছে, কিন্তু প্ৰকৃত সত্য কি? এই ছবি প্ৰথমে ফেচবুকত পোষ্ট কৰা হয়, তাৰ পিছত একাধিক ছচিয়েল মিডিয়াত শ্বেয়াৰ হয়। ফটোৰ কেপচনত লিখা হৈছে – এয়াই ৰাখী সাৱন্তৰ প্ৰকৃত স্বৰূপ, নিজকে গৰ্বিত ভাৰতীয় বুলি যি দাবী কৰিছে সেয়া আছলতে ভিত্তিহীন। অৱশ্যে সেই পোষ্টটোৰ স্ক্ৰীণশ্বট পিছত ডিলিট কৰে একাউণ্ট হোল্ডাৰে।



এই পোষ্টক লৈ তোলপাৰ লাগিছে ইণ্টাৰনেট জগতত। মুহূৰ্তৰ ভিতৰতে ট্ৰেণ্ড কৰে ৰাখী সাৱন্ত। সেই ফটো বিয়পি পৰে বিভিন্ন মাধ্যমত।


इस नॉटी #ऱाखी_सांवत को तो आप पहचानते ही होंगे? इसकी सच्चाई खुद देख लें,ये अपनें आप को हिंदुस्तानी होने का बकवास करते रहती है 🐗🐗🐗 फांसी होनी चाहिए या देश निकाला देना चाहिए ऐसे लोगो को pic.twitter.com/K7MBXNFbBC

ৰাখী সাৱন্তে পাকিস্তানী পতাকা লৈ ফটো তুলিছিল, কিন্তু এই ফটো এতিয়াৰ নহয়। ২০১৯ চনত এই ফটোক লৈ তীব্ৰ বিতৰ্ক হৈছিল। এয়া এখন ছবিৰ শ্বুটিঙৰ দৃশ্য।

ৰাখী সাৱন্তে নিজৰ ইনষ্টাগ্ৰামত লিখিছিল, ‘মই মোৰ দেশ ভাৰতক ভাল পাওঁ, এয়া ধাৰা ৩৭০ ছবিত মোৰ চৰিত্ৰ।’








View this post on Instagram





Im jast plying my character in the film 🎥


A post shared by Rakhi Sawant (@rakhisawant2511) on





সেই সময়তো পাকিস্তানী বুলি বিভিন্নজনে তুলাধুনা দিছিল ৰাখীক। সেই সময়ৰ বিতৰ্কিত পোষ্টক লৈ ৰাখীয়ে এটা ভিডিঅ’ পোষ্ট কৰে। তাত নিজৰ শ্বুটিঙৰ পোষাকতে সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে।

ৰাখীৰ এই ছবিখন ২০১৯ চনৰ ডিচেম্বৰত মুক্তি পাইছিল। ছবিখনৰ নাম আছিল "Mudda 370 J&K"। ছবিখনত হিতেন জেকৱানী, জাৰিনা ৱাহাব আছিল। ছবিখনত এগৰাকী পাকিস্তানী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাখীয়ে। এটা গানত নৃত্যও কৰিছিল।
Published by: Sanjay Kumar Das
First published: September 22, 2020, 3:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading