মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»বলীউডত আৰম্ভ Vaccination Campaign, একলগ হৈছে ৰাজকুমাৰ হিৰাণী-কৰণ জোহৰ আৰু অন্যান্য

বলীউডত আৰম্ভ Vaccination Campaign, একলগ হৈছে ৰাজকুমাৰ হিৰাণী-কৰণ জোহৰ আৰু অন্যান্য

News18 Assam | News18-Assam
Updated:June 12, 2021, 7:58 PM IST
বলীউডত আৰম্ভ Vaccination Campaign, একলগ হৈছে ৰাজকুমাৰ হিৰাণী-কৰণ জোহৰ আৰু অন্যান্য
নিখিল কামাথ আৰু প্ৰযোজক মহাবীৰ জৈনে কয়– আমাৰ একমাত্র ইচ্ছা হ'ল– 'আকৌ প্ৰাণ পাওক ভাৰতে।'

নিখিল কামাথ আৰু প্ৰযোজক মহাবীৰ জৈনে কয়– আমাৰ একমাত্র ইচ্ছা হ'ল– 'আকৌ প্ৰাণ পাওক ভাৰতে।'

  • Share this:

কোভিড মহামাৰীয়ে দেশত বৰ্তমানো অব্যাহত ৰাখিছে বিভীষিকা। মহামাৰীৰ এই জটিল সময়ত চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ হিৰাণী, কৰণ জোহৰ আৰু প্ৰযোজক মহাবীৰ জৈনে একেলগে চলচ্চিত্ৰ উদ্যোগৰ লোকসকলৰ বাবে এক বিনামূলীয়া টিকাকৰণ অভিযান (vaccination Campaign) আৰম্ভ কৰিবলৈ আগবাঢ়ি আহিছে। 'চেঞ্জ উইদিন' (Change Within) হৈছে চলচ্চিত্ৰ উদ্যোগৰ এক নতুন পদক্ষেপ।


সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জেৰোধাৰ সহ-প্ৰতিষ্ঠাপক নিখিল কামাথ আৰু প্ৰযোজক মহাবীৰ জৈনে কয়, ''আমি আৰ্ট অৱ লিভিং আৰু জেৰোধাৰ সহযোগত 'চেঞ্জ উইদিন' উদ্যোগৰ অধীনত সংবাদ মাধ্যম আৰু চলচ্চিত্ৰ উদ্যোগৰ ফ্ৰণ্ট লাইন কৰ্মীসকলক বিনামূলীয়াকৈ টিকাকৰণ কৰাৰ এক অভিযান আৰম্ভ কৰিছো। আমি সকলোৱে কোভিড প্ৰট'কল অনুসৰণ কৰিবলৈ এপ'লো হাস্পতালৰ সৈতে চুক্তিবদ্ধ হৈছো। আমাৰ একমাত্র ইচ্ছা হ'ল– 'আকৌ প্ৰাণ পাওক ভাৰতে।''


তেওঁলোকে 'আই ষ্টেণ্ড উইথ হিউমেনিটী' অভিযানো আৰম্ভ কৰে, য'ত আৰ্ট অফ লিভিঙে ফিল্ম ফেটাৰনিটীৰ সৈতে লগ লাগি ২০২০ চনত প্ৰথম লকডাউনত লোকসকলক সহায় কৰিছিল। তেতিয়া ভাৰতৰ ২৫ লাখৰো অধিক বেতনভোগী পৰিয়ালক ৰেচন কিট আৰু খাদ্যৰ যোগান ধৰিছিল। সঞ্জয় দত্ত, কপিল শৰ্মা, ভূমি পেডনেকাৰ, আনন্দ এল ৰায়, দীনেশ বিজন আৰু সোণাক্ষী সিনহাৰ দৰে বহুতো নামী-দামী অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা এই প্ৰচেষ্টাৰ অংশ আছিল।



ইয়াৰ পূৰ্বে, যশৰাজ ফিল্মছ (YRF) ষ্টুডিঅ'ত চলচ্চিত্ৰ উদ্যোগৰ কৰ্মচাৰীসকলৰ বাবে এক কোভিড টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছিল, প্ৰথম পৰ্যায়ত প্ৰায় ৪,০০০ কৰ্মচাৰীক টিকাকৰণ কৰা হৈছিল। আদিত্য চোপ্ৰাৰ প্ৰডাক্সন হাউছৰ লক্ষ্য হৈছে 'ফেডাৰেচন অফ ৱেষ্টাৰ্ন ইণ্ডিয়া চিনে এমপ্লয়িজ'ৰ ৩০,০০০ কৰ্মচাৰীক টিকাকৰণ কৰা। কোম্পানীটোৱে ইতিমধ্যে মুম্বাইত এটা অভিযানত ইয়াৰ কৰ্মচাৰীসকলক টিকাকৰণ কৰিছে।


আদিত্য চোপ্ৰাৰ উপৰি প্ৰযোজক চাজিদ নাদিয়াদৱালাই ৫০০ৰো অধিক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এটা টিকাকৰণ অভিযান আৰম্ভ কৰিছিল। যোৱা সপ্তাহত প্ৰডিউচাৰ্ছ গিল্ড অফ ইণ্ডিয়াই (PGI) ইয়াৰ সদস্য আৰু প্ৰডাক্সন কৰ্মীসকলৰ বাবে এটা টিকাকৰণ অভিযানো আৰম্ভ কৰিছিল। 'ইণ্ডিয়ান মোচন পিকচাৰ প্ৰডিউচাৰ এছ'চিয়েচন' আৰু 'স্ক্ৰীন ৰাইটাৰ্ছ এছ'চিয়েচন'এ তেওঁলোকৰ কৰ্মচাৰীৰ বাবে বিনামূলীয়া টিকাকৰণ অভিযানো আৰম্ভ কৰিব।

Published by: Gautam Barman
First published: June 12, 2021, 7:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি