প্ৰথম মেচতে বেটে-বলে উজলিল ৰিয়ান পৰাগ, সঞ্জুৰ শতক, তথাপিও পৰাস্ত ৰাজস্থান

News18 Assam | News18-Assam
Updated:April 12, 2021, 11:52 PM IST
প্ৰথম মেচতে বেটে-বলে উজলিল ৰিয়ান পৰাগ, সঞ্জুৰ শতক, তথাপিও পৰাস্ত ৰাজস্থান
সঞ্জু ছেমছনৰ বিস্ফোৰক শতক, ৰিয়ান পৰাগৰ বিধ্বংসী বেটিঙৰ পিছতো নাটকীয়ভাৱে পৰাস্ত ৰাজস্থান।

সঞ্জু ছেমছনৰ বিস্ফোৰক শতক, ৰিয়ান পৰাগৰ বিধ্বংসী বেটিঙৰ পিছতো নাটকীয়ভাৱে পৰাস্ত ৰাজস্থান।

  • Share this:
IPL 2021ৰ চতুৰ্থখন খেলত ৰাজস্থান ৰয়েলছে পঞ্জাৱৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে। প্ৰথমে বেট ধৰি কে এল ৰাহুলৰ বিস্ফোৰক ৯১ ৰান, দীপক হুদাৰ ৬৪ ৰান আৰু ক্ৰিছ গেইলৰ ৪০ ৰানৰ সহায়ত পঞ্জাৱে ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২২১ ৰান কৰে। ৰাজস্থানৰ ছাকাৰিয়াই ৩টা, মৰিছে ২টা আৰু ৰিয়ান পৰাগে এটা উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ২২২ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি অধিনায়ক সঞ্জু ছেমছনৰ দৰ্শনীয় শতক আৰু ৰিয়ান পৰাগৰ ১১টা বলত বিস্ফোৰক ২৫ ৰানৰ সহায়ত ৰাজস্থানে নিৰ্ধাৰিত অভাৰত ৭ উইকেটত ২১৭ ৰানহে কৰিবলৈ সক্ষম হয়। খেলখনত পৰাস্ত হ'লেও বেটে-বলে চমকপ্ৰদক খেল দেখুৱায় ৰিয়ান পৰাগে।
Published by: Kokil Sarma
First published: April 12, 2021, 11:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি