ল’ক ডাউনঃ দৰা মুম্বাইৰ, কইনা বৰেলীৰ, ৰায়পুৰৰ পৰা পুৰোহিতে সম্পন্ন কৰোৱালে অনলাইন বিবাহ

News18 Assam | News18-Assam
Updated:April 24, 2020, 3:20 PM IST
ল’ক ডাউনঃ দৰা মুম্বাইৰ, কইনা বৰেলীৰ, ৰায়পুৰৰ পৰা পুৰোহিতে সম্পন্ন কৰোৱালে অনলাইন বিবাহ
ল’ক ডাউনৰ বাবে আগতেই ঠিক কৰা বহু বিবাহ পিছুৱাবলগীয়া হ’ল। কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে এখন অনলাইন বিবাহ

ল’ক ডাউনৰ বাবে আগতেই ঠিক কৰা বহু বিবাহ পিছুৱাবলগীয়া হ’ল। কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে এখন অনলাইন বিবাহ

  • Share this:
ব’হাগ মানেই বিয়াৰ বতৰ। এই ব’হাগতে বিয়াত বহাৰ কথা আছিল বহু যুৱক-যুৱতীৰ। ব’হাগত বিয়াৰ দিন বাৰ চাই চলিছিল বিয়াৰ প্ৰস্তুতি। কিন্তু ব’হাগৰ ইটোৰ পিছত সিটো দিন বাগৰিছে কিন্তু উৰুলীৰ শব্দই কঁপোৱা নাই কোনো এখন ৰভাতল।  কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ এতিয়া সৰ্বত্ৰ ল’ক ডাউন। ল’ক ডাউনৰ ফলত আগতীয়াকৈ ঠিক কৰা বহু কেইখন বিবাহ পিছুৱাবলগীয়া হ’ল।

কিন্তু তাৰ মাজতে এখন অনলাইন বিয়াক লৈ ব্যাপক চৰ্চা চলিছে চত্তীশগড়ত। ল’ক ডাউনৰ বাবে মুম্বাইত আবদ্ধ হৈ থাকিল দৰা, কইনা থাকিবলগীয়া হ’ল বৰেলীত। অনলাইনৰ জৰিয়তে ৰায়পুৰৰ পৰা পুৰোহিতে কৰোৱালে দুয়োৰে বিবাহ। বিয়াৰ সকলো পৰম্পৰাও অনলাইনৰ জৰিয়তেই কৰে দৰাঘৰৰ আৰু কইনাঘৰৰ লোকে।



ব্যতিক্ৰমী ৰূপত বিয়াৰ মণ্ডপো সঁজা হ’ল। ল’ক ডাউনৰ বাবে বৰযাত্ৰী আহিব নোৱাৰিলে। পাঁচ বজাৰ পৰা লগন আৰম্ভ হোৱাত পুৰোহিতে মন্ত্ৰ উচ্চাৰণ কৰে আৰু সময়ত বিয়াখন সম্পন্ন হয়। পিছত অনলাইনৰ জৰিয়তেই সম্বন্ধীয় মানুহে নৱ-দম্পতিক আশীৰ্বাদ দিয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading