• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Radhika Merchant: আম্বানী আয়োজিত অনুষ্ঠানত বলীউদ তাৰকাৰ সমাৱেশ, ৰাধিকাৰ নৃত্যত মুগ্ধ অতিথিসকল

Radhika Merchant: আম্বানী আয়োজিত অনুষ্ঠানত বলীউদ তাৰকাৰ সমাৱেশ, ৰাধিকাৰ নৃত্যত মুগ্ধ অতিথিসকল

সকলোতকৈ উজ্জ্বল আছিল ৰাধিকা। প্ৰথমবাৰ তেওঁ এনেকুৱা বৃহৎ মঞ্চত ভাৰতনাট্যম পৰিৱেশন কৰিলে। এই অনুষ্ঠানটো তেওঁৰ আৰু তেওঁৰ গুৰু ভাৱনা ঠাকাৰেৰ সাফল্য চিহ্নিত কৰিছে।

সকলোতকৈ উজ্জ্বল আছিল ৰাধিকা। প্ৰথমবাৰ তেওঁ এনেকুৱা বৃহৎ মঞ্চত ভাৰতনাট্যম পৰিৱেশন কৰিলে। এই অনুষ্ঠানটো তেওঁৰ আৰু তেওঁৰ গুৰু ভাৱনা ঠাকাৰেৰ সাফল্য চিহ্নিত কৰিছে।

সকলোতকৈ উজ্জ্বল আছিল ৰাধিকা। প্ৰথমবাৰ তেওঁ এনেকুৱা বৃহৎ মঞ্চত ভাৰতনাট্যম পৰিৱেশন কৰিলে। এই অনুষ্ঠানটো তেওঁৰ আৰু তেওঁৰ গুৰু ভাৱনা ঠাকাৰেৰ সাফল্য চিহ্নিত কৰিছে।

  • Share this:
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ আৰু মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানী আয়োজিত অনুষ্ঠান উপলক্ষে জিঅ’ ৱৰ্ল্ড চেণ্টাৰত তাৰকাৰ সমাৱেশ। নৃত্যশিল্পী ৰাধিকা মাৰ্চেণ্টে প্ৰথমবাৰ মঞ্চত নিজৰ অনুষ্ঠানত নৃত্যু প্ৰদৰ্শন কৰে। ব্যৱসায়ী বীৰেন মাৰ্চেণ্ট আৰু শৈলা মাৰ্চেণ্টৰ ডাঙৰ কন্যা ৰাধিকা ভাৰতনাট্যম নৃত্য প্ৰতিভা প্ৰথমবাৰ দৰ্শকৰ সন্মুখত তুলি ধৰিলে। আম্বানী পৰিয়ালৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বাগদত্তা ৰাধিকা। এই অনুষ্ঠানত আয়োজনৰ মূল কৰ্ণধাৰ আম্বানী পৰিয়াল আৰু মাৰ্চেণ্ট পৰিয়াল।

অনিল আম্বানী, টিনা আম্বানী, মুকেশ আম্বানী, নীতা আম্বানী, তেওঁলোকৰ ডাঙৰ পুত্ৰ আকাশ আম্বানী আৰু তেওঁৰ পত্নী শ্লোকা মেহতা ভাৰতীয় পোছাকত উপস্থিত হৈছিল ৰাধিকাৰ অনুষ্ঠানত। হাজিৰ হৈছিল বলীউদৰ তাৰকাসকলো। ছলমান খান, আমিৰ খান, ৰণবীৰ, সিং। তদুপৰি প্ৰাক্তন ক্ৰিকেটাৰ জাহিৰ খান আৰু তেওঁৰ পত্নী সাগৰিকা ঘাটগেও ৰাধিকাৰ নৃত্য চাবলৈ উপস্থিত থাকে। ধীৰুভাই আম্বানী নামাংকিত ‘দ্য গ্ৰেণ্ড থিয়েটাৰ’ত অনুষ্ঠিত হয় এই অনুষ্ঠান। প্ৰত্যেক অতিথিক অভ্যৰ্থনা জনায় আম্বানী আৰু মাৰ্চেণ্ট পৰিয়ালে।

কোৰোণাৰ বাধানিষেধ মানি সকলো অতিথিক আপ্যায়ন কৰা হয়। অনুষ্ঠানলৈ যোৱাৰ পূৰ্বে কোৰোণা পৰীক্ষা কৰিবলগীয়া হৈছে সকলো অতিথিয়ে। সকলোৰে সুস্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰাখি অতিথিসকলে কোৰোণা পৰীক্ষা কৰাক লৈ কোনো আপত্তি নকৰিলে। আনন্দেৰে মানি লয় এই নিয়ম।

কিন্তু সকলোতকৈ উজ্জ্বল আছিল ৰাধিকা। প্ৰথমবাৰ তেওঁ এনেকুৱা বৃহৎ মঞ্চত ভাৰতনাট্যম পৰিৱেশন কৰিলে। এই অনুষ্ঠানটো তেওঁৰ আৰু তেওঁৰ গুৰু ভাৱনা ঠাকাৰেৰ সাফল্য চিহ্নিত কৰিছে। যিয়ে ৰাধিকাক ৮ বছৰৰো অধিক সময় ধৰি ভাৰতনাট্যমৰ প্ৰশিক্ষণ দিছিল। সেই শিষ্যৰ ‘আৰঙ্গেত্ৰম’ অনুষ্ঠিত হ’ল। ইয়াৰ জৰিয়তে ৰাধিকাই এখন নতুন জগতত ভৰি ৰাখিলে। নীতা আম্বানীও ভাৰত নাট্যম প্ৰশিক্ষিত।





Published by:Sanjay Kumar Das
First published: