কিছুদিন পূৰ্বে এংগেজমেণ্ট হৈছিল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ। ৰাজস্থানৰ শ্ৰীনাথজীৰ মন্দিৰত হৈছিল এই অনুষ্ঠান। এইবাৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা এমডি মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ব্যৱসায়ী বীৰেন মাৰ্চেণ্ট আৰু শৈলা মাৰ্চেণ্টৰ কন্যা ৰাধিকাৰ বিশেষ দিন। প্ৰাক–বিবাহ অনুষ্ঠানবোৰো পালন কৰা হৈছে জাক–জমকতাৰে। মঙলবাৰে আছিল তেওঁলোকৰ মেহেন্দী অনুষ্ঠান।
বিশেষ দিনটোত সুন্দৰ লেহেংগাৰে সাজি–কাচি ওলাল হ’বলগীয়া কইনা। এই পোছাক ৰাধিকাৰ বাবে বিশেষকৈ প্ৰস্তুত কৰিছে জনপ্ৰিয় ডিজাইনাৰ আবু জানি আৰু সন্দীপ খোচলাই।
শীঘ্ৰে হয়তো অপেক্ষাৰ অন্ত পৰিব। এইবাৰ নতুন জীৱনৰ আৰম্ভণিৰ সময়। মেহেন্দীৰ জৰিয়তে নৃত্য কৰি আনন্দ প্ৰকাশ কৰিলে ৰাধিকাই। ২০১৮ চনত মুক্তিপ্ৰাপ্ত ‘কলংক’ ছবিৰ গান ‘ঘৰ মোৰে পৰদেশিয়া’ গীতত নচা দেখা গ’ল ৰাধিকাক। ৰাধিকাৰ নৃত্যৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে ইণ্টাৰনেটত। হ’বলগীয়া কইনাৰ এই ভিডিঅ’ দেখি মুগ্ধ নেটিজেনসকল।
ৰাধিকা এগৰাকী নৃত্যশিল্পী। বহু বছৰ ধৰি ভাৰত নাট্যমৰ প্ৰশিক্ষণ লৈছে। বিগত জুন মাহত মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে তেওঁলোকৰ হ’বলগীয়া বোৱাৰীৰ নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰিছিল জিঅ’ ৱৰ্ল্ড চেণ্টাৰত। তাতেই ৰাধিকাই নিজৰ ভাৰত নাট্যম প্ৰতিভা মঞ্চত তুলি ধৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|