• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Tokyo Olympics: ইজৰাইলৰ খেলুৱৈক পৰাস্ত কৰি অধিক আত্মবিশ্বাসী হৈ আছে ভাৰতৰ বেডমণ্টন খেলুৱৈ পিভি সিন্ধু...

Tokyo Olympics: ইজৰাইলৰ খেলুৱৈক পৰাস্ত কৰি অধিক আত্মবিশ্বাসী হৈ আছে ভাৰতৰ বেডমণ্টন খেলুৱৈ পিভি সিন্ধু...

ৰিঅ' অলিম্পিক গেমছৰ ৰূপৰ পদক বিজয়ী ভাৰতৰ পি ভি সিন্ধুৱে এতিয়া সমগ্ৰ ভাৰতীয় বাসীৰ আশা ভৰষাৰ থল। মহিলাৰ ব্যক্তিগত শাখাৰ পৰৱৰ্তী খেলসমূহ বুধবাৰৰ পৰা অনুষ্ঠিত হব। 

  • Share this:
Tokyoত চলি আছে ৩২ সংখ্যক অলিম্পিক গেমছ। এইবাৰৰ অলিম্পিক গেমছত হতাশজনক ফলাফল অব্যাহত ৰাখিছে ভাৰতীয় খেলুৱৈসকলে।

মীৰাবাই ছানুৰ সফলতাৰ বাহিৰে বাকী ইভেন্ট সমুহত হতাশাজনক ফলাফল দেখুৱাইছে ভাৰতীয় খেলুৱৈয়ে । কেবল মাত্ৰ পি ভি সিন্ধু, মেৰীকমে প্ৰাৰম্ভিক ৰাউন্ডত জয় হোৱাৰ বিপৰীতে পেডলাৰ মনিকা বাট্ৰা, সুতীৰ্থ মুখাৰ্জী, ফেন্সাৰ ভৱানী দেৱী, বক্সাৰ বিকাশ কিশান, মনিষ কৌশিক, জুডোকা লিকমাবাম সুশিলা দেবীয়ে অলিম্পিকৰ পৰা বিদায়ী লৈছে। ভাৰতীয় সাতোৰবীদ, আৰ্চাৰী দল, ৰোৱিং আৰু হকী দলেও দুৰ্বল প্ৰদৰ্শন অব্যাহত ৰাখিছে। সকলো ভাৰতীয় দৃষ্টি নিবদ্ধ হৈ আছে পি ভি সিন্ধু, মেৰীকম , লাভলীনা, পূজা, দিপীকা , শ্বুটাৰ আৰু মল্লযোদ্ধৰ ওপৰত। দেওবাৰৰ বেডমিণ্টনৰ গ্ৰুপৰ প্ৰথমখন খেলত ইজৰাইলৰ ছেনিয়া পলিকাৰপোভাক ২১-৭, ২১-১০ ব্যৱধানত পৰাজিত কৰে। ৰিঅ' অলিম্পিক গেমছৰ ৰূপৰ পদক বিজয়ী ভাৰতৰ পি ভি সিন্ধুৱে এতিয়া সমগ্ৰ ভাৰতীয় বাসীৰ আশা ভৰষাৰ থল। মহিলাৰ ব্যক্তিগত শাখাৰ পৰৱৰ্তী খেলসমূহ বুধবাৰৰ পৰা অনুষ্ঠিত হব।
Published by:Kokil Sarma
First published: