உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • কোনটো বেংকে আপোনাক সঞ্চয়ৰ বিনিময়ত দিব অধিক সুত ? Savings Account খোলাৰ পূৰ্বে জানি লওক কেইবাটাও গুৰুত্বপূৰ্ণ কথা...

    কোনটো বেংকে আপোনাক সঞ্চয়ৰ বিনিময়ত দিব অধিক সুত ? Savings Account খোলাৰ পূৰ্বে জানি লওক কেইবাটাও গুৰুত্বপূৰ্ণ কথা...

    বেংকৰ সঞ্চয় একাউণ্টৰ সুতৰ হাৰ সাধাৰণতে কম হয়। পঞ্জাৱ নেচনেল বেংকে বৰ্তমান সঞ্চয় একাউণ্টৰ ওপৰত সৰ্বাধিক সুত আগবঢ়াই আছে। পিএনবিৰ সুতৰ হাৰ হৈছে ৩% ৰ পৰা ৩.৫০%, ন্যূনতম ধন ৰখাৰ সীমা হৈছে ৫০০ ৰ পৰা ২০০০ টকা।

    বেংকৰ সঞ্চয় একাউণ্টৰ সুতৰ হাৰ সাধাৰণতে কম হয়। পঞ্জাৱ নেচনেল বেংকে বৰ্তমান সঞ্চয় একাউণ্টৰ ওপৰত সৰ্বাধিক সুত আগবঢ়াই আছে। পিএনবিৰ সুতৰ হাৰ হৈছে ৩% ৰ পৰা ৩.৫০%, ন্যূনতম ধন ৰখাৰ সীমা হৈছে ৫০০ ৰ পৰা ২০০০ টকা।

    বেংকৰ সঞ্চয় একাউণ্টৰ সুতৰ হাৰ সাধাৰণতে কম হয়। পঞ্জাৱ নেচনেল বেংকে বৰ্তমান সঞ্চয় একাউণ্টৰ ওপৰত সৰ্বাধিক সুত আগবঢ়াই আছে। পিএনবিৰ সুতৰ হাৰ হৈছে ৩% ৰ পৰা ৩.৫০%, ন্যূনতম ধন ৰখাৰ সীমা হৈছে ৫০০ ৰ পৰা ২০০০ টকা।

    • Share this:
    যদি আপুনিও সুৰক্ষিতভাৱে টকা উপাৰ্জন কৰাৰ কথা ভাবি আছে তেন্তে আপুনি সঞ্চয় একাউণ্টৰ (Savings Accounts) জৰিয়তেও টকা উপাৰ্জন কৰিব পাৰে। অৱশ্যে বেংকৰ সঞ্চয় একাউণ্টৰ সুতৰ হাৰ সাধাৰণতে কম হয়। সেয়েহে সঞ্চয় একাউণ্ট এটা খোলাৰ সময়ত, গ্ৰাহকসকলে মনত ৰাখিব লাগিব যে কোনবোৰ বেংকে সঞ্চয় একাউণ্টত কিমান সুত প্ৰদান কৰে। আজি আমি আপোনাক এই প্ৰতিবেদনৰ জৰিয়তে কোনবোৰ চৰকাৰী বেংকে সঞ্চয় একাউণ্টৰ ওপৰত সৰ্বাধিক সুত প্ৰদান কৰে সেই বিষয়ে অৱগত কৰিম।

    সঞ্চয় একাউণ্টত সকলোতকৈ অধিক সুত প্ৰদান কৰা শীৰ্ষ ১০ টা চৰকাৰী বেংক

    পঞ্জাৱ নেচনেল বেংকে বৰ্তমান সঞ্চয় একাউণ্টৰ ওপৰত সৰ্বাধিক সুত আগবঢ়াই আছে। পিএনবিৰ সুতৰ হাৰ হৈছে ৩% ৰ পৰা ৩.৫০%, ন্যূনতম ধন ৰখাৰ সীমা হৈছে ৫০০ ৰ পৰা ২০০০ টকা।

    ১. PNBএ প্ৰতি বছৰে ৩% ৰ পৰা ৩.৫০% সুত প্ৰদান কৰে, ইয়াত ন্যূনতম ধন ৰখাৰ সীমা হৈছে ৫০০ ৰ পৰা ২০০০ টকা।
    ২.IDBI বেংক - প্ৰতি বছৰে ৩ ৰ পৰা ৩.৪০% সুত প্ৰদান কৰে, ন্যূনতম ধন ৰখাৰ সীমা হৈছে ৫০০ ৰ পৰা ২০০০ টকা।
    ৩. কানাড়া বেংক - প্ৰতি বছৰে ২.৯০% ৰ পৰা ৩.২০% সুত, ন্যূনতম ধন ৰখাৰ সীমা হৈছে ৫০০ ৰ পৰা ১০০০ টকা।
    ৪. বেংক অফ বৰোদা - প্ৰতি বছৰে ২.৭৫% ৰ পৰা ৩.২০% সুত, ন্যূনতম ধন জমাৰ সীমা হৈছে ৫০০ ৰ পৰা ২০০০ টকা।
    ৫. পাঞ্জাৱ আৰু সিন্ধ বেংকে বাৰ্ষিক ৩.১০% সুত প্ৰদান কৰে, ন্যূনতম ধন জমাৰ সীমা হৈছে ৫০০ ৰ পৰা ১০০০ টকা।
    ৬. ইণ্ডিয়ান অভাৰচিজ বেংকৰ ৩.০৫% সুত, ন্যূনতম ধন জমা ৰখাৰ সীমা হৈছে ৫০০ টকাৰ পৰা ১০০০ টকা।
    ৭. ইউনিয়ন বেংকৰ বাৰ্ষিক ৩% সুত, ন্যূনতম ধনৰ সীমা হৈছে ২৫০ টকাৰ পৰা ২০০০ টকা।
    ৮. চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া - প্ৰতি বছৰে ২.৭৫% ৰ পৰা ২.৯০% সুত, ন্যূনতম ধনৰ সীমা হৈছে ৫০০ ৰ পৰা ২০০০ টকা।
    ৯. বেংক অফ ইণ্ডিয়া - বাৰ্ষিক ২.৯০% সুত, ন্যূনতম ধনৰ সীমা হৈছে ৫০০ টকাৰ পৰা ১০০০ টকা।
    ১০. ইণ্ডিয়ান বেংকৰ বাৰ্ষিক ২.৯০% সুত, ন্যূনতম ধন জমা ৰখাৰ সীমা হৈছে ৫০০ টকাৰ পৰা ২৫০০ টকা।

    এই বেংকবোৰে আন বেংকৰ FD তকৈ বেছি সুত প্ৰদান কৰে

    উল্লেখ্য যে বহুতো বেংকে তেওঁলোকৰ একাউণ্টৰ গৰাকীসকলক আন বেংকে ফিক্সড ডিপজিট (FD)ত পৰিশোধ কৰা সুতৰ হাৰতকৈ সঞ্চয় একাউণ্টত অধিক সুত প্ৰদান কৰি আছে। এই বেংকবোৰৰ ভিতৰত আছে আইডিএফচি ফাৰ্ষ্ট বেংক (IDFC First Bank), বন্ধন বেংক (Bandhan Bank), ইকুইটাছ স্মল ফাইনেন্স বেংক (Equitas Small Finance Bank) আৰু উৎকৰ্ষ স্মল ফাইনেন্স বেংক (Utkarsh Small Finance Bank)। IDFC First Bankএ সঞ্চয় একাউণ্টৰ ক্ষেত্ৰত ১ লাখ টকাতকৈ কম মূল্যৰ ওপৰত ৬% সুত প্ৰদান কৰি আছে।
    Published by:Kokil Sarma
    First published: