• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • সময় থাকোতেই কৰি লওক বেংকৰ কাম, পাঁচ দিনৰ বাবে বন্ধ হ’ব বেংক সেৱা

সময় থাকোতেই কৰি লওক বেংকৰ কাম, পাঁচ দিনৰ বাবে বন্ধ হ’ব বেংক সেৱা

দৰমহা বৃদ্ধিৰ দাবীৰে বেংক কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী

দৰমহা বৃদ্ধিৰ দাবীৰে বেংক কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী

দৰমহা বৃদ্ধিৰ দাবীৰে বেংক কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী

  • Share this:
দেশজুৰি ধৰ্মঘটত বহিব বেংক কৰ্মচাৰীসকল। দৰমহা বৃদ্ধিৰ লগতে, ৰাজহুৱা খণ্ডৰ বেংকৰ জমাধনৰ ওপৰত সুদৰ হাৰ হ্ৰাসৰ বিৰোধিতাৰে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে অল ইণ্ডিয়া বেংক এমপ্লইজ এছ’চিয়েচন আৰু বেংক এমপ্লইজ ফেডাৰেচন অব ইণ্ডিয়াই।

যোৱা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত ৰাজহুৱাখণ্ডৰ বেংক কৰ্মচাৰীসকলে পালন কৰা দেশজোৰা ধৰ্মঘটৰ পিছত অহা মাৰ্চ মাহত পুনৰ ধৰ্মঘটত বহাৰ কথা ঘোষণা কৰিছে বেংকৰ কৰ্মচাৰীসকলে। ভাৰতীয় বেংক কৰ্মচাৰী ফেডাৰেচন আৰু নিখিল ভাৰত বেংক কৰ্মচাৰী সংস্থাই জানিবলৈ দিয়া মতে অহা ১১ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈকে তিনিদিনীয়া বেংক ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব।

উল্লেখযোগ্য যে, ১১ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈকে কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী,১৪ মাৰ্চৰ দিনা মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১৫ মাৰ্চ দেওবাৰ। গতিকে সৰ্বমুঠ ৫ দিনৰ বাবে বেংকৰ সকলো কাম-কাজ বন্ধ থাকিব।
Published by:Himangshu Bhuyan
First published: