আপুনিও যদি PPFত সঞ্চয় কৰে, তেন্তে এই তাৰিখটো মনত ৰাখিব! পাব বৃহৎ অংকৰ লাভালাভ

যদি আপুনি প্ৰতি মাহৰ ৫ তাৰিখে পিপিএফ একাউণ্টত বিনিয়োগ কৰে, তেন্তে আপুনি অধিক সুত লাভ কৰিব। ইয়াৰ কাৰণ হৈছে সুত গণনাৰ পদ্ধতি।
যদি আপুনি প্ৰতি মাহৰ ৫ তাৰিখে পিপিএফ একাউণ্টত বিনিয়োগ কৰে, তেন্তে আপুনি অধিক সুত লাভ কৰিব। ইয়াৰ কাৰণ হৈছে সুত গণনাৰ পদ্ধতি।
- News18 Assam
- Last Updated: April 7, 2021, 12:00 PM IST
বৰ্তমান সময়ত কৰ্মচাৰী ভৱিষ্য নিধি একাউণ্টৰ ওপৰত সুতৰ গণনা প্ৰতি মাহে কৰা হয় ৷ যদিও সেই সুত বিত্তীয় বৰ্ষৰ অন্ততহে একাউণ্টত জমা কৰা হয়। কৰ্মচাৰী ভৱিষ্য নিধি একাউণ্টৰ ন্যূনতম জমাৰ ওপৰত প্ৰতি মাহৰ ৫ তাৰিখৰ পৰা আৰু অন্তিম তাৰিখৰ ভিতৰত সুত গণনা কৰা হয়। যদি আপুনি ৫ তাৰিখে বা তাৰ আগতে পিপিএফত বিনিয়োগ কৰে, তেন্তে সেই ধনৰ ওপৰতো সুত গণনা কৰা হ'ব৷ আনহাতে যদি আপুনি ৫ তাৰিখৰ পিছত বিনিয়োগ কৰে, তেতিয়া আপুনি পৰৱৰ্তী মাহৰ বাবেহে সেই ধনৰ ওপৰত সুত লাভ কৰিব। ইয়াৰ অৰ্থ হৈছে আপুনি সম্পূৰ্ণ এমাহৰ সুত হেৰুৱাবলগীয়া হ’ব।
জানক আপোনাৰ লাভালাভ -
পিপিএফত ৭.১ শতাংশ সুত লাভ কৰিব আপুনি -
পিপিএফৰ বিনিয়োগত বৰ্তমান ৭.১ শতাংশ সুত প্ৰদান কৰি থকা হৈছে। ২০২০ চনৰ ৩০ মাৰ্চত, চৰকাৰে ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুত হ্ৰাস কৰিছিল। বিগত কিছু দিন পূৰ্বেও, চৰকাৰে সুতৰ পৰিমাণ যথেষ্ট হ্ৰাস কৰি ৬.৪ শতাংশ কৰিছিল, কিন্তু পুৱা পুনৰ চৰকাৰে ভুলবশতঃ এনে হোৱা বুলি কৈ নিজৰ সিদ্ধান্ত সলনি কৰিছিল। চৰকাৰে প্ৰতি তিনিমাহত ক্ষুদ্ৰ সঞ্চয় আঁচনি আৰু পিপিএফৰ ওপৰত সুতৰ মূল্যায়ন কৰে।