৪৬ বছৰৰ আটাইতকৈ ডাঙৰ আঘাত পৰিব আপোনাৰ পকেটত! PPFৰ সুতৰ হাৰ ৭%ৰ তললৈ নমাৰ সম্ভাৱনা

News18 Assam | News18-Assam
Updated:June 22, 2020, 1:58 PM IST
৪৬ বছৰৰ আটাইতকৈ ডাঙৰ আঘাত পৰিব আপোনাৰ পকেটত! PPFৰ সুতৰ হাৰ ৭%ৰ তললৈ নমাৰ সম্ভাৱনা
পিপিএফ অৰ্থাৎ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (PPF-Public Provident Fund)ৰ সুতৰ হাৰ ৭শতাংশৰ তললৈ নামিব পাৰে। বিগত ৪৬বছৰত এনেকুৱা হোৱা নাছিল যে পিপিএফৰ ইমান কম সুত পোৱা গৈছিল। 

পিপিএফ অৰ্থাৎ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (PPF-Public Provident Fund)ৰ সুতৰ হাৰ ৭শতাংশৰ তললৈ নামিব পাৰে। বিগত ৪৬বছৰত এনেকুৱা হোৱা নাছিল যে পিপিএফৰ ইমান কম সুত পোৱা গৈছিল। 

  • Share this:
নতুন দিল্লীঃ কোৰোণাৰ এই সংকটকালত সৰ্বসাধাৰণ কাৰণে আন এটা দুঃখবৰ! কেন্দ্ৰীয় চৰকাৰে আকৌ এবাৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ক্ষেত্ৰত লাভ কৰা সুতৰ হাৰ কৰ্তন কৰিব পাৰে। ইয়াৰ অধীনত পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (PPF-Public Provident Fund)তো কৰ্তন কৰা হ’ব পাৰে। সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে PPF ত লাভ কৰা সুতৰ হাৰ ৭শতাংশৰ তললৈ নামিব। ইয়াৰ পূৰ্বে ১৯৭৪চনত PPFত লাভ কৰা সুতৰ হাৰ ৭শতাংশৰ কম হৈছিল। উল্লেখযোগ্য যে চৰকাৰে বিত্তীয় বৰ্ষ ২০১৯–২০ৰ কাৰণে নূন্যতম ৰাশি জমা কৰাৰ অন্তিম তাৰিখ ৩০জুনলৈ বৃদ্ধি কৰিছিল। ইয়াৰ পূৰ্বে এই সময়সীমা ৩১মাৰ্চ ২০২০আছিল। যদি আপুনি নূন্যতম ৰাশি ৫০০টকা নিজৰ একাউণ্টত এই সময়সীমাৰ ভিতৰত জমা নকৰে তেনেহ’লে আপুনি জৰিমনা ভৰিব লাগিব।

ইয়াৰ পূৰ্বে এপ্ৰিলত PPF, NSC আৰু সুকন্যা স্কীমত সুতৰ হাৰ–পিপিএফৰ হাৰ ৭.৯শতাংশৰ পৰা হ্ৰাস কৰি ৭.১শতাংশ কৰা হৈছিল। চিনিয়ৰ চিটিজেনৰ চেভিংছ স্কীমৰ হাৰ ৮.৬শতাংশৰ পৰা হ্ৰাস কৰি ৭.৪শতাংশ কৰা হৈছিল। নেচনেল চেভিংছ চাৰ্টিফিকেট (এনএছচি)ৰ হাৰ ৭.৯শতাংশৰ পৰা হ্ৰাস কৰি ৬.৮ শতাংশ আৰু সুকন্যা সমৃদ্ধি একাউণ্টৰ স্কীমৰ সুতৰ হাৰ ৮.৪শতাংশৰ পৰা হ্ৰাস কৰি ৬.৯শতাংশ কৰা হৈছিল।

ইংৰাজী খবৰকাকত ইক’নমিক টাইমছ মতে, পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ হাৰ ৭শতাংশৰ তললৈ নামিব পাৰে। বিগত ৪৬বছৰতে সুতৰ হাৰ ইমান তললৈ নমা নাছিল।
First published: June 22, 2020, 1:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading