‘নিজকে ৰিচাৰ্জ আৰু ৰিফ্ৰেচ কৰক’- ১৫,৯০০ কৰ্মচাৰীক একেলগে ৭ দিনৰ Paid Leave উপহাৰ দিলে এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে

’কোম্পানীৰ সকলো কৰ্মচাৰী কামলৈ ঘূৰি আহিব, তাৰ পিছত তেওঁলোকে উৎসাহেৰে কাম কৰিব।’
’কোম্পানীৰ সকলো কৰ্মচাৰী কামলৈ ঘূৰি আহিব, তাৰ পিছত তেওঁলোকে উৎসাহেৰে কাম কৰিব।’
- News18 Assam
- Last Updated: April 5, 2021, 2:56 PM IST
Linkedinৰ মুখ্য বিষয়া টিউলা হেনছনে এই সম্পৰ্কত কয় যে, কোম্পানীটোৱে কঠোৰ পৰিশ্ৰম কৰা তেওঁলোকৰ কৰ্মচাৰীসকলক কিছু মূল্যবান সময় অতিবাহিত কৰিবলৈ দিব বিচাৰিছে। আমি অনুভৱ কৰিছো যে, তেওঁলোকে একেলগে কিছু ভাল সময় কটাব লাগে। সকলোকে একেলগে বন্ধ দিয়াৰ লগে লগে ই-মেইল, মিটিং আৰু প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ দৰে কামৰ ধুমুহা আহি পৰিব ।
লগতে হেনছনে কয় যে, ’আমি বিচাৰো যে, যেতিয়া কোম্পানীৰ সকলো কৰ্মচাৰী কামলৈ ঘূৰি আহিব, তাৰ পিছত তেওঁলোকে উৎসাহেৰে কাম কৰিব।’ ১৫,৯০০ জন পূৰ্ণকালীল কৰ্মচাৰীক এসপ্তাহৰ বাবে Paid Leave প্ৰদান কৰা হৈছে আৰু এই সময়ছোৱাত কৰ্মচাৰীৰ এটা মূল দলে কাম অব্যাহত ৰাখিব। পিছত মূল দলত কাম কৰা কৰ্মচাৰীসকলকো ছুটী প্ৰদান কৰা হ’ব ।