কিদৰে কৰিব নিজৰ আধাৰ কাৰ্ড আপডেট? কিমান হ’ব খৰচ? জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া

News18 Assam | News18-Assam
Updated:August 29, 2020, 10:47 AM IST
কিদৰে কৰিব নিজৰ আধাৰ কাৰ্ড আপডেট? কিমান হ’ব খৰচ? জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া
Source-Google

এতিয়া আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰই নহয়, নিজৰ ঠিকনাৰ প্ৰমাণপত্ৰ হিচাপেও ব্যৱহাৰ কৰা হয়। গতিকে নিজৰ আধাৰ কাৰ্ডখন আপডেট কৰি ৰখাটো অত্যন্ত জৰুৰী।

  • Share this:
এতিয়া আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰই নহয়, নিজৰ ঠিকনাৰ প্ৰমাণপত্ৰ হিচাপেও ব্যৱহাৰ কৰা হয়। গতিকে নিজৰ আধাৰ কাৰ্ডখন আপডেট কৰি ৰখাটো অত্যন্ত জৰুৰী। এই সন্দৰ্ভত UIDAI-এ কৰিছে বিশেষ টুইট। আৰু টুইট যোগে জনাইছে যে, যদি আধাৰ কাৰ্ডৰ বায়মেট্ৰিক আপডেট কৰাব লাগে, তেন্তে ভৰিব পাৰিব ১০০ টকা। সেইদৰে যদি কেৱল ডেম’গ্ৰাফিক ডিটেলত কিছু সাল-সলনি কৰিব লাগে. তেন্তে সেই ক্ষেত্ৰত খৰচ হ’ব মাত্ৰ ৫০ টকা।


UIDAIৰ ফালৰ পৰা জনোৱা হৈছে যে, আধাৰ কাৰ্ড আপডেট কৰিবলৈ হ’লে আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব। কিন্তু আধাৰ কেন্দ্ৰলৈ যোৱাৰ পূৰ্বে ‘appointment.udai.gov.in’ জৰিয়তে অনলাইন এপইনমেণ্ট ল’ব লাগিব। ৱেবচাইটত নিজৰ চহৰ আৰু স্থান নিৰ্বাচন কৰি ‘প্ৰচিড টু বুক এপইনমেণ্টত ক্লীক কৰি এপইনমেণ্ট ল’ব পাৰিব।

পিছৰ পৰ্যায়ত আধাৰ কেন্দ্ৰলৈ গৈ যিখিনি আপডেট কৰিবলগীয়া থাকে, সকলো সহজতে আপডেট কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে প্ৰয়োজনীয় ডকুমেণ্ট আপুনি লগত লৈ যাব লাগিব।
Published by: Himangshu Bhuyan
First published: August 29, 2020, 10:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading