নিকৰ এই অভ্যাস একেবাৰে পছন্দৰ নহয় প্ৰিয়ংকাৰ! বিবাহবাৰ্ষিকীত কৈ পেলালে অভিনেত্ৰীগৰাকীয়ে

News18 Assam | News18-Assam
Updated:December 1, 2020, 6:50 PM IST
নিকৰ এই অভ্যাস একেবাৰে পছন্দৰ নহয় প্ৰিয়ংকাৰ! বিবাহবাৰ্ষিকীত কৈ পেলালে অভিনেত্ৰীগৰাকীয়ে
টোপনি ভাঙিলে এই কথা আৱিষ্কাৰ কৰি অবাক হয় প্ৰিয়ংকা। অৱশ্যে প্ৰিয়ংকাৰ ভালো লাগে স্বামীৰ এই অভ্যাস।

টোপনি ভাঙিলে এই কথা আৱিষ্কাৰ কৰি অবাক হয় প্ৰিয়ংকা। অৱশ্যে প্ৰিয়ংকাৰ ভালো লাগে স্বামীৰ এই অভ্যাস।

  • Share this:
খুব বেছি দুটা নে তিনিটা ডেট! তাৰ পিছতে একেবাৰে বিয়াৰ সিদ্ধান্ত। মাতৃক গৈ জনালে, জীৱনসংগী পাই গৈছে। এইগৰাকী অভিনেত্ৰী হ’ল বলীউদ ডিভা প্ৰিয়ংকা চোপ্ৰা। স্বামী বিখ্যাত সংগীতশিল্পী তথা অভিনেতা নিক জোনাছ। এই কাহিনী ২০১৮ চনৰ। ১ ডিচেম্বৰ ২০১৮ত বিবাহপাশত আবদ্ধ হয় দুই চেলিব্ৰেটী যুটী। আজি তেওঁলোকৰ দ্বিতীয় বিবাহবাৰ্ষিকী।

বিয়াৰ পিছৰে পৰা নিজৰ একাধিক ফটো শ্বেয়াৰ কৰিছে এই দম্পতীয়ে। বহুবাৰ প্ৰিয়ংকাৰ সৈতে ৰোমাণ্টিক মুহূৰ্ত কটোৱা দেখা গৈছে নিকক। তেওঁলোকৰ প্ৰেমৰ প্ৰশংসা কৰিছে বহুতেই। প্ৰিয়ংকাই তেওঁলোকৰ বিবাহবাৰ্ষিকীত এক পোহৰলৈ আনিলে নিকৰ এক মিঠা সৰু কাহিনী।

এক সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত প্ৰিয়ংকাই কয়, টোপনিৰ পৰা উঠাৰ পিছত প্ৰিয়ংকাৰ ফালে চাই থাকে নিকে। মন ভৰি চায় প্ৰিয়ংকাক। মেকআপবিহীন প্ৰিয়ংকাৰ সৌন্দৰ্য চোৱাটো নিকৰ আটাইতকৈ পছন্দ বিষয়! প্ৰিয়ংকাই কয়, এয়া খুব এক অদ্ভুত অভ্যাস নিকৰ। খুব অস্বস্তি হয় যদিও এয়া এক মিঠা অনুভৱ। স্বামী হিচাপে নিক যে আদৰ্শ সেই কথাও স্বীকাৰ কৰে প্ৰিয়ংকাই।

প্ৰিয়ংকাই আৰু জনায়, নিকে এনেদৰে কিমান সময় চাই থাকে বুজিব নোৱাৰে। টোপনি ভাঙিলে এই কথা আৱিষ্কাৰ কৰি অবাক হয় প্ৰিয়ংকা। অৱশ্যে প্ৰিয়ংকাৰ ভালো লাগে স্বামীৰ এই অভ্যাস।
Published by: Sanjay Kumar Das
First published: December 1, 2020, 6:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading