বিবাহবাৰ্ষিকীৰ দিনাই প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ কোলাত নৱজাতক শিশু! ভাইৰেল ফটো!

News18 Assam | News18-Assam
Updated:December 2, 2019, 7:26 PM IST
বিবাহবাৰ্ষিকীৰ দিনাই প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ কোলাত নৱজাতক শিশু! ভাইৰেল ফটো!
ছচিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে এই Fake Photo.

ছচিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে এই Fake Photo.

  • Share this:
নিজৰ প্ৰিয় তাৰকাৰ জীৱনৰ গতি বিধিৰ ওপৰত নজৰ ৰখাটো অনুৰাগীৰ লক্ষণেই! বিশেষকৈ বলিউড চেলিব্ৰেটিসকলৰ জীৱনক লৈ অনুৰাগীৰ অপাৰ উৎসাহ। ইয়াৰ কাৰণেই ছচিয়েল মিডিয়াত সময়ে সময়ে ভাইৰেল হয় এই চেলিব্ৰিটিসকলৰ ফটো। ইয়াৰ মাজত আছে প্ৰচুৰ ফেক অৰ্থাৎ ভুৱা ছবিও। শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ এনে এখন ভুৱা ছবি ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

২০১৮ৰ আজিৰ দিনটোতে যোধপুৰৰ বিলাসী উমেদ ভৱনত বিবাহ বান্ধোনত বান্ধ খাইছিল নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰা। তেওঁলোকে উদযাপন কৰিছে তেওঁলোকৰ প্ৰথম বিবাহ বাৰ্ষিকী।





ইয়াৰ মাজতে দুয়োজনৰ এনে এক ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দুয়োজনৰ একাধিক ফেন ক্লাৱে তেওঁলোকৰ বিবাহ বাৰ্ষিকী উপলক্ষে একাধিক ছবি শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। ইয়াৰ মাজতে অনুৰাগীয়ে কোলাত এটি শিশু লৈ থকা ফটোশ্ব’প কৰা এখন ছবিও দুয়োজনক বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা দিবলৈ আপলোড কৰে। লগে লগে ভাইৰেল হৈছে এই Fake Photoখন।
আৰু চাওক পৰৱৰ্তী বাতৰি