ন্যূনতম দৰমহা ২৪ হাজাৰ টকা নিদিলে কি শাস্তিৰ সন্মুখীন হ’ব ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান?

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী জিতেন্দ্ৰ সিঙে সংসদত দাঙি ধৰা উক্ত প্ৰস্তাৱক এতিয়া আদৰণী জনাইছে দেশৰ জনতাই

News18-Assam
Updated:July 25, 2019, 2:12 PM IST
ন্যূনতম দৰমহা ২৪ হাজাৰ টকা নিদিলে কি শাস্তিৰ সন্মুখীন হ’ব ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান?
কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী জিতেন্দ্ৰ সিঙে সংসদত দাঙি ধৰা উক্ত প্ৰস্তাৱক এতিয়া আদৰণী জনাইছে দেশৰ জনতাই
News18-Assam
Updated: July 25, 2019, 2:12 PM IST
বুধবাৰে সংসদৰ মজিয়াত ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই আনিছিল কেন্দ্ৰীয় চৰকাৰে! মোদী চৰকৰাৰ নতুন নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীয়ে মাহিলী ন্যূনতম দৰমহা ২৪ হাজাৰ টকা লাভ কৰিব।এই নতুন নিৰ্দেশনাৰ পিছতে এতিয়া দেশৰ বিভিন্ন ব্যক্তিগত খণ্ডক কৰ্মৰত কৰ্মচাৰীসকলৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে বিষয়টোৱে। সকলোৱে একেমুখে সমৰ্থন জনাইছে চৰকাৰৰ এই নতুন নিৰ্দেশনাক। উল্লেখযোগ্য যে, যদি কোনো প্ৰতিষ্ঠানে কৰ্মচাৰীক এই সুবিধাৰ পৰা বঞ্চিত কৰে তেন্তে কোম্পানীটোৰ বিৰুদ্ধে আইনৰ সহায়ো ল’ব পাৰিব।

কিন্তু এতিয়া ব্যক্তিগত প্ৰতিষ্ঠান সমূহে কেন্দ্ৰীয় চৰকাৰৰ এই বিষয়টোক কিমান দূৰলৈকে গুৰুত্ব দিয়ে সেয়া হ’ব লক্ষণীয়। কিন্তু চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই আইন অমান্য কৰিলে কৰ্মচাৰীসকলে নিজৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰিব পাৰিব। বিভিন্নজনে এতিয়া চৰকাৰৰ এই নতুন সুবিধা গ্ৰহণৰ বাবে সকলো ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীকে একগোট হ’বলৈ আহ্বান জনাইছে। একাংশই এয়া তেওঁলোকৰ পাপ্য বুলি দাবী কৰিছে।

বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে কৰ্মচাৰীক তেঁওলোকৰ কৰ্মৰ বাবদ ন্যূনতম দৰমহা দিয়াটো আৱশ্যক বুলি উল্লেখ কৰে। বুধবাৰে লোকসভাত মন্ত্ৰীজনে কয় যে ২০১৭ চনত মোদী চৰকাৰে ন্যূনতম বেতন আইন সংশোধন কৰিছিল। এতিয়া  ন্যূনতম মজুৰি ৪০ শতাংশ বৃদ্ধি কৰা হ’ল। ফলত ১৮ হাজাৰৰ পৰা বৃদ্ধি কৰি ২৪ হাজাৰ টকা কৰা হ’ল কৰ্মচাৰীৰ ন্যূনতম মাহিলী দৰমহা। সেইদৰে মহিলা কৰ্মচাৰী সকলৰ ক্ষেত্ৰতো কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মহিলাৰ প্ৰসৱকালীন ছুটি ১২ সপ্তাহৰ পৰা ২৪ সপ্তাহলৈ বৃদ্ধি কৰা হ’ল।

 
আৰু চাওক পৰৱৰ্তী বাতৰি