IPL 2021: প্ৰথম অভাৰতে ৬টা বলত ৬টা চাৰি কোবাই পৃথ্বীৰ ৰেকৰ্ড, বিজয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত দিল্লী কেপিটেলছ।

News18 Assam | News18-Assam
Updated:April 29, 2021, 11:21 PM IST
IPL 2021: প্ৰথম অভাৰতে ৬টা বলত ৬টা চাৰি কোবাই পৃথ্বীৰ ৰেকৰ্ড, বিজয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত দিল্লী কেপিটেলছ।
পৃথ্বী শ্ব'য়ে দিল্লীৰ ইনিংছৰ প্ৰথম অভাৰত শিৱম মাভিৰ বলত ৬ টা বলত ৬ টা চাৰি মাৰিছিল। শ্ব' প্ৰথম অভাৰত এনে কৰা আই পি এল ইতিহাসৰ প্ৰথমজন খেলুৱৈ।

পৃথ্বী শ্ব'য়ে দিল্লীৰ ইনিংছৰ প্ৰথম অভাৰত শিৱম মাভিৰ বলত ৬ টা বলত ৬ টা চাৰি মাৰিছিল। শ্ব' প্ৰথম অভাৰত এনে কৰা আই পি এল ইতিহাসৰ প্ৰথমজন খেলুৱৈ।

  • Share this:
পৃথ্বী শ্ব'য়ে দিল্লীৰ ইনিংছৰ প্ৰথম অভাৰত শিৱম মাভিৰ বলত ৬ টা বলত ৬ টা চাৰি মাৰিছিল। শ্ব' প্ৰথম অভাৰত এনে কৰা আই পি এল ইতিহাসৰ প্ৰথমজন খেলুৱৈ। ইয়াৰ পূৰ্বে, ২০১২ চনত ৰাজস্থান ৰয়েলছৰ হৈ খেলি আজিংক্য ৰাহানেও এটা অভাৰত ৬ টা চাৰি মাৰিছিল। তেওঁ আৰচিবিৰ বিৰুদ্ধে এনে কৰিছিল আৰু সেইটো ইনিংছৰ ১৪ তম অভাৰ আছিল। ইয়াৰ উপৰিও, লুক ৰাইটেও ২০১৩ত এটা অভাৰত ৬ টা চাৰি মাৰিছিল।

দিল্লী কেপিটেলছে তেওঁলোকৰ ৭ম খেলখনত কেকেআৰক ৭ উইকেটত পৰাস্ত কৰে। জয়ৰ সৈতে, দিল্লী পইণ্ট তালিকাৰ তৃতীয়ৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত হৈছে। কেকেআৰে তেওঁলোকৰ প্ৰথম ইনিংছত ৬ উইকেটত ১৫৪ ৰাণ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত দিল্লীয়ে ১৬.৩ অভাৰত তিনি উইকেটত লক্ষ্য অৰ্জন কৰে। ৭ খন খেলত কেকেআৰৰ এইটো ৫ম পৰাজয়। দলটো ৫ম স্থানত আছে।

লক্ষ্যৰ পিছে পিছে দিল্লী কেপিটেলছক পৃথ্বী শ্ব'(৮২) আৰু শিখৰ ধাৱানে (৪৬) দ্ৰুত আৰম্ভণি দিয়ে। দুয়োজনে প্ৰথম উইকেটৰ বাবে ১৩.৫ অভাৰত ১৩২ ৰাণ কৰে। ধাৱানক পেট কামিন্সে আউট কৰে যদিও তেতিয়ালৈকে বহুত পলম হৈছিল।
Published by: Kokil Sarma
First published: April 29, 2021, 11:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি