• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ১৫ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব বৃহৎ স্বাস্থ্য আঁচনি! দেশত চলি থকা সকলো আঁচনি লোৱা হ’ব সামৰি

১৫ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব বৃহৎ স্বাস্থ্য আঁচনি! দেশত চলি থকা সকলো আঁচনি লোৱা হ’ব সামৰি

প্ৰধানমন্ত্ৰী সমগ্ৰ স্বাস্থ্য যোজনা (PM Samagra Swasthya Yojana) নামেৰে মুকলি হ’বলগীয়া এই আঁচনিত দেশত চলি থকা সকলো স্বাস্থ্য সেৱা আঁচনি সামৰি লোৱা হ’ব যাতে প্ৰতিজন নাগৰিকে প্ৰতিখন আঁচনি সহজতে ঢুকিব পাৰে।

প্ৰধানমন্ত্ৰী সমগ্ৰ স্বাস্থ্য যোজনা (PM Samagra Swasthya Yojana) নামেৰে মুকলি হ’বলগীয়া এই আঁচনিত দেশত চলি থকা সকলো স্বাস্থ্য সেৱা আঁচনি সামৰি লোৱা হ’ব যাতে প্ৰতিজন নাগৰিকে প্ৰতিখন আঁচনি সহজতে ঢুকিব পাৰে।

প্ৰধানমন্ত্ৰী সমগ্ৰ স্বাস্থ্য যোজনা (PM Samagra Swasthya Yojana) নামেৰে মুকলি হ’বলগীয়া এই আঁচনিত দেশত চলি থকা সকলো স্বাস্থ্য সেৱা আঁচনি সামৰি লোৱা হ’ব যাতে প্ৰতিজন নাগৰিকে প্ৰতিখন আঁচনি সহজতে ঢুকিব পাৰে।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্টত দেশত এক ডাঙৰ স্বাস্থ্য আঁচনি আৰম্ভ কৰিব পাৰে। প্ৰধানমন্ত্ৰী সমগ্ৰ স্বাস্থ্য যোজনা (PM Samagra Swasthya Yojana) নামেৰে মুকলি হ’বলগীয়া এই আঁচনিত দেশত চলি থকা সকলো স্বাস্থ্য সেৱা আঁচনি সামৰি লোৱা হ’ব যাতে প্ৰতিজন নাগৰিকে প্ৰতিখন আঁচনি সহজতে ঢুকিব পাৰে। ইয়াৰ উপৰি হিল বাই ইণ্ডিয়া (Heal by India) আৰু হিল ইন ইণ্ডিয়া (Heal in India) নামৰ দুখন আঁচনিৰ আৰম্ভণিও কৰিব পাৰে প্ৰধানমন্ত্ৰীয়ে। এই দুয়োখন আঁচনিৰ উদ্দেশ্য হৈছে দেশত চিকিৎসা পৰ্যটনক প্ৰসাৰ কৰা আৰু দেশৰ চিকিৎসা পেছাদাৰীসকলৰ বাবে বিদেশত চিকিৎসাৰ দুৱাৰ মুকলি কৰা।

লাইভ মিণ্টৰ এক ৰিপ’ৰ্ট অনুসৰি, তিনিগৰাকী চৰকাৰী বিষয়াৰ ফালৰ পৰা এই তথ্য লাভ কৰা হৈছে। ৰিপ’ৰ্ট অনুসৰি, এজন চৰকাৰী বিষয়াই জনোৱা মতে, সমগ্র স্বাস্থ্য যোজনাৰ উদ্দেশ্য হৈছে সমতাপূৰ্ণ, সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ সাৰ্বজনীন সুবিধা প্ৰদান কৰা। এই আঁচনি নেচনেল হেল্থ মিছনৰ ৰিব্ৰাণ্ডিং বা ইয়াৰ এডৱাঞ্চড ৱাৰ্ছন। সমগ্ৰ স্বাস্থ্য যোজনাত পিএম জন আৰোগ্য যোজনা (PM-JAY), আয়ুষ্মান ভাৰত ডিজিটেল মিছন (ABDM) আৰু পিএম আয়ুষ্মান ভাৰত হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন (PM-ABHIM)ৰ দৰে আঁচনি সংলগ্ন হ’ব।

আন এগৰাকী বিষয়াই কয় যে এই আঁচনিয়ে সকলো স্বাস্থ্য সেৱাক কভাৰ কৰিব যাতে প্ৰত্যেক নাগৰিকে ইয়াৰ লাভ সহজতে পাব পাৰে। সামগ্ৰিক আৰু ব্যাপক দৃষ্টিভংগীৰে এইখন হ’ব আটাইতকৈ ডাঙৰ স্বাস্থ্য আঁচনি। চৰকাৰৰ সকলো প্ৰধান ফ্লেগশ্বিপ আঁচনি যেনে PM-JAY, ABDM, PM-ABHIM ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

হিল ইন ইণ্ডিয়া আঁচনি
ভাৰতত চিকিৎসা পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্টত দেশত হিল ইন ইণ্ডিয়া আঁচনিও আৰম্ভ কৰিব পাৰে। এই আঁচনিৰ উদ্দেশ্য হৈছে চিকিৎসাৰ বাবে ভাৰতলৈ অহা আন্তঃৰাষ্ট্ৰীয় ৰোগীসকলৰ বাবে এক মঞ্চ সৃষ্টি কৰা। এই আঁচনিৰ জৰিয়তে বিদেশী ৰোগীয়ে দেশৰ যিকোনো প্ৰান্তত চিকিৎসাৰ বাবে চিকিৎসালয়সমূহক পেকেজ ৰেট, সুবিধা আৰু চিকিৎসাৰ ধৰণ নিৰ্বাচন কৰাৰ স্বাধীনতা প্ৰদান কৰিব।

হিল বাই ইণ্ডিয়া
হিল বাই ইণ্ডিয়া আঁচনিৰ অধীনত ভাৰতীয় চিকিৎসক আৰু চিকিৎসা পেছাদাৰীসকলক অস্ত্ৰোপচাৰ আদিৰ বাবে বিদেশলৈ যোৱাৰ সুবিধা প্ৰদান কৰা হ’ব। আঁচনিখনৰ সৈতে জড়িত এজন বিষয়াই জনোৱা মতে, ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ স্বাস্থ্য পেছাদাৰী প্ৰাধিকৰণ আৰু চিকিৎসালয় সুবিধা পঞ্জীয়ন ইয়াৰ বাবে এক মঞ্চ প্ৰস্তুত কৰাত নিয়োজিত হৈ আছে।
Published by:Sanjay Kumar Das
First published: