মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»আমেৰিকাক ভাৰতৰ প্ৰত্যুত্তৰ! ২১ জুনৰ পৰা দুগুণ বৃদ্ধি হ’ব ২৯ বিধ বস্তুৰ কৰ

আমেৰিকাক ভাৰতৰ প্ৰত্যুত্তৰ! ২১ জুনৰ পৰা দুগুণ বৃদ্ধি হ’ব ২৯ বিধ বস্তুৰ কৰ

News18-Assam
Updated:June 15, 2019, 2:19 PM IST
আমেৰিকাক ভাৰতৰ প্ৰত্যুত্তৰ! ২১ জুনৰ পৰা দুগুণ বৃদ্ধি হ’ব ২৯ বিধ বস্তুৰ কৰ
আমেৰিকাক তেওঁলোকৰ ভাষাতে উত্তৰ দিবলৈ ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা কেইবাবিধো কৃষি সামগ্ৰীসহ ২৯ বিধ বস্তুত আমদানি শুল্ক বৃদ্ধি কৰিব।

আমেৰিকাক তেওঁলোকৰ ভাষাতে উত্তৰ দিবলৈ ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা কেইবাবিধো কৃষি সামগ্ৰীসহ ২৯ বিধ বস্তুত আমদানি শুল্ক বৃদ্ধি কৰিব।

  • Share this:
আমেৰিকাক তেওঁলোকৰ ভাষাতে উত্তৰ দিবলৈ ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা কেইবাবিধো কৃষি সামগ্ৰীসহ ২৯ বিধ বস্তুত আমদানি শুল্ক বৃদ্ধি কৰিব। CNBC আৱাজৰ তথ্য অনুসৰি মোদী চৰকাৰে কৃষি পণ্য, ষ্টীল পণ্যত আমদানি শুল্ক দুগুণ কৰাৰ পৰিকল্পনা কৰিছে। যদিও, ৮০০ চিচি ক্ষমতাৰ বাইকত বৃদ্ধি কৰা নহয় শুল্ক। অৰ্থাৎ আমেৰিকাই এতিয়াৰেপৰা যিকোনো প্ৰ’ডাক্ট ভাৰতত বিক্ৰী কৰিবলৈ ভৰিব লাগিব দুগুণ কৰ। এই সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা শীঘ্ৰেই জাৰি কৰা হ’ব নটিফিকেচন। পূৰ্বেই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু আমেৰিকাৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছিল যদিও সহযোগিতা পোৱা নাছিল।

বিত্তীয় বৰ্ষ ২০১৭–১৮ত ভাৰতে আমেৰিকাক ৰপ্তানি ৪৭.৯ বিলিয়ন ডলাৰ আছিল যদিও আমদানি ২৬.৭ বিলিয়ন ডলাৰৰ আছিল। এইদৰে ব্যৱসায় সন্তুলন ভাৰতৰ পক্ষত আছিল।

মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত– চৰকাৰে বাদাম, অখৰোট(Walnut) আৰু দাইলসহ ২৯ বিধ আমেৰিকাৰ বস্তুত ১৬ জুনৰ পৰা Impose counter-Import charges লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে চৰকাৰে এই নিয়ম বলবৎ কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। শুকুৰবাৰে সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বিত্ত মন্ত্ৰালয়ে শীঘ্ৰেই জাৰি কৰিব অধিসূচনা। চৰকাৰে গ্ৰহণ কৰিবলগীয়া এই পদেক্ষপৰ জৰিয়তে এই ২৯ বিধ বস্তুৰ ৰপ্তানি কৰা ৰপ্তানিকাৰকে ভৰিব লাগিব দুগুণ শুল্ক। ইয়াৰ দ্বাৰা দেশে সংগ্ৰহ কৰিব ২১.৭ কোটি ডলাৰৰ অতিৰিক্ত ৰাজহ।

এইসমূহ সামগ্ৰীত শুল্ক বৃদ্ধি হোৱাৰ সম্ভাৱনাঃ
>> কাবুলী বুটত ৩০ শতাংশৰ পৰা বৃদ্ধি হয় ৭০ শতাংশ হ’ব শুল্ক।
>> বুটত শুল্ক ৩০ শতাংশৰ পৰা বৃদ্ধি হৈ ৭০ শতাংশ হোৱাৰ সম্ভাৱনা।
>> লগতে, মচুৰ দাইলত ৩০ শতাংশৰ বৃদ্ধি হৈ ৭০ শতাংশ হোৱাৰ সম্ভাৱনা।

>> আপেলত ৫০ শতাংশৰ বিপৰীতে এতিয়া কৰ লাগিব ৭৫ শতাংশ।
>> Whole walnutত ৩০ শতাংশৰ পৰিৱৰ্তে ১২০ শতাংশ কৰ ধাৰ্য কৰা হ’ব।
>> আইৰনৰ ফ্লেট ৰোল্ড সামগ্ৰীৰ ১৫ শতাংশৰ পৰা বৃদ্ধি হৈ ২৭.৫ শতাংশ হোৱাৰ সম্ভাৱনা।
>> ষ্টীলৰ ফ্লেট ৰোল্ড সামগ্ৰীৰ ১৫ শতাংশৰ পৰা বৃদ্ধি হৈ ২২.৫ শতাংশ হোৱাৰ সম্ভাৱনা।

এই সিদ্ধান্ত গ্ৰহণৰ আঁৰত কি?
জুনৰ আৰম্ভণিতে ভাৰতে ৪৪ বছৰ পূৰ্বে লাভ কৰা ব্যৱসায়িক অগ্ৰাধিকাৰ ঘূৰাই লোৱা হৈছিল। ড’নাল্ড ট্ৰাম্প চৰকাৰে ক’লে যে ৫ জুনৰ পৰা ভাৰতৰ প্ৰায় ২০০০ বিধ পণ্যৰ প্ৰৱেশ শুল্কত দিয়া ৰেহাই উঠাই লোৱা হৈছে। এই সিদ্ধান্তৰ পিছতে ভাৰতৰ কিছু সামগ্ৰী আমেৰিকাৰ বজাৰত ব্যয়বহুল হৈছে।
First published: June 15, 2019, 2:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি