মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Lovlina Borgohain : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ প্ৰশংসা বুটলিলে লাভলীনা বৰগোহাঁয়ে, অলিম্পিক পদক জয়ী আন খেলুৱৈকো প্ৰশংসা

Lovlina Borgohain : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ প্ৰশংসা বুটলিলে লাভলীনা বৰগোহাঁয়ে, অলিম্পিক পদক জয়ী আন খেলুৱৈকো প্ৰশংসা

লাভলীনা বৰগোহাঁয়ে বিগত বৰ্ষত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰিছিল দেশৰ ক্ৰীড়াৰ সম্মানীয় অৰ্জুন বঁটা।

লাভলীনা বৰগোহাঁয়ে বিগত বৰ্ষত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰিছিল দেশৰ ক্ৰীড়াৰ সম্মানীয় অৰ্জুন বঁটা।

লাভলীনা বৰগোহাঁয়ে বিগত বৰ্ষত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰিছিল দেশৰ ক্ৰীড়াৰ সম্মানীয় অৰ্জুন বঁটা।

  • Share this:
দেওবাৰে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (Independence Day 2021)। দেশৰ স্বাধীনতা দিৱসৰ এদিন পূৰ্বে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (Ramnath Kovind) সদ্য সমাপ্ত টকিঅ' অলিম্পিক গেমছত অংশ লোৱা দেশৰ খেলুৱৈ সকলক ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ জনাইছিল। য'ত আছিল টকিঅ'ৰ ৩২ সংখ্যক অলিম্পিক গেমছৰ স্বৰ্ণপদক বিজয়ী নিৰজ চোপ্ৰাৰ উপৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰা অসমৰ বক্সাৰ অৰ্জুন লাভলীনা বৰগোঁহাইৰ লগতে অন্যান্য পদক বিজয়ী আৰু গেমছত অংশ লোৱা এথলীট সকল।

ৰাইচিনা হিলছৰ বিশেষ কাৰ্যসূচীত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদক বিজয়ী খেলুৱৈ সকলক অভিনন্দন জনোৱাৰ উপৰি বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ অলিম্পিক গেমছত অংশ লোৱা সকলো খেলুৱৈকে ভূয়সী প্ৰশংসা কৰে। এইবাৰৰ অলিম্পিক গেমছত অংশ লোৱা নৱাগত খেলুৱৈসকলে পৰৱৰ্তী অলিম্পিকত সফল হ'ব বুলি কয় দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

পেৰিছ অলিম্পিকৰ সম্ভৱনাপূৰ্ণ বক্সাৰ লাভলীনা বৰগোহাঁইকো প্ৰশংসা কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে। উল্লেখযোগ্য যে লাভলীনা বৰগোহাঁয়ে বিগত বৰ্ষত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰিছিল দেশৰ ক্ৰীড়াৰ সম্মানীয় অৰ্জুন বঁটা।

শেহতীয়া বাতৰি