Tokyo Paralympics: পেৰা এথলীট প্ৰবীণ কুমাৰে টকিঅ' পেৰালিম্পিকত হাই জাম্পত ৰূপৰ পদক জিকিছে। ১৮ বছৰীয়া প্ৰবীণে ২.০৭ মিটাৰ জঁপিয়াই দ্বিতীয় স্থান লাভ কৰে। টকিঅ' পেৰালিম্পিকত এইটো ভাৰতৰ ১১ তম পদক।
গ্ৰেট ব্ৰিটেইনৰ ব্ৰুম-এডৱাৰ্ডছ জনাথনে (২.১০ মিটাৰ) সোণৰ পদক অৰ্জন কৰাৰ লগতে পোলেণ্ডৰ লেপিয়াটো মাচিজোৱে (২.০৪ মিটাৰ) এই প্ৰতিযোগিতাৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে এতিয়ালৈকে টকিঅ' পেৰালিম্পিকত ত ২ টা স্বৰ্ণ, ৬ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক জিকিছে। ভাৰতে হাই জাম্পত ৪ টা পদক জিকিছে। পেৰালিম্পিক ইতিহাসত এইটো ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ পূৰ্বে, ভাৰতে ২০১৬ চনত ৰিঅ' পেৰালিম্পিকত ২ টা স্বৰ্ণসহ ৪ টা পদক জিকিছিল।
Published by: Kokil Sarma
FIRST PUBLISHED : September 03, 2021, 10:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।