আধৰুৱা হৈ ৰ'ল সুশান্তৰ অন্তিম ইচ্ছা! কিয় এণ্টাৰ্কটিকালৈ যাব বিচাৰিছিল সুশান্ত সিং ৰাজপুতে?

News18 Assam | News18-Assam
Updated:June 9, 2021, 4:44 PM IST
আধৰুৱা হৈ ৰ'ল সুশান্তৰ অন্তিম ইচ্ছা! কিয় এণ্টাৰ্কটিকালৈ যাব বিচাৰিছিল সুশান্ত সিং ৰাজপুতে?
প্ৰতীকে লগতে কৈছিল, সুশান্তই ধেমালি কৰিবলৈ ভাল পাইছিল। কিন্তু এইটোও সঁচা যে তেওঁ কেতিয়াবা সকলোৰে পৰা আঁতৰত থাকিবলৈও ভাল পাইছিল।

প্ৰতীকে লগতে কৈছিল, সুশান্তই ধেমালি কৰিবলৈ ভাল পাইছিল। কিন্তু এইটোও সঁচা যে তেওঁ কেতিয়াবা সকলোৰে পৰা আঁতৰত থাকিবলৈও ভাল পাইছিল।

  • Share this:
আজিও বলীউদৰ শুভাকাংশীয়ে মনত পেলায় প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক। বিগত বছৰৰ ১৪ জুনত নিজৰ ফ্লেটত উদ্ধাৰ হৈছিল অভিনেতাগৰাকীৰ মৃতদেহ। টেলিভিছনৰ পৰা বলীউদত খোজ পেলাই অতি কম সময়ৰ ভিতৰতে দৰ্শকৰ মন জয় কৰা অভিনেতাগৰাকীৰ সৈতে "চিচোৰে" ছবিত একেলগে কাম কৰিছিল প্ৰতীক বব্বৰে। শেহতীয়াকৈ সুশান্তৰ মৃত্যু বাৰ্ষিকীৰ পূৰ্বে সুশান্তক সোঁৱৰি অভিনেতাগৰাকীক লৈ বহু কথাই কৈছে প্ৰতীক বব্বৰে।

বম্বে টাইমছৰ সৈতে কথা পাতি প্ৰতীকে কয় যে সকলোৰে সৈতে মিলিব পৰা ব্যক্তি আছিল সুশান্ত, কিন্তু কেতিয়াবা নিজৰ পৃথিৱীত বাস কৰিছিল তেওঁ। প্ৰতীকে লগতে কৈছিল, সুশান্তৰ নিজস্ব এক পৃথক চিন্তাধাৰা আছিল, যি বলীউদৰ আন অভিনেতাসকলৰ মাজত অস্বাভাৱিক আছিল। প্ৰতীকে কৈছিল, 'মই সুখী যে মই সুশান্ত সিং ৰাজপুতৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিছিলো। মই অনুষ্ঠান আৰু জিমত সঘনাই সুশান্তৰ লৈ ধেমালি কৰিছিলো, যেতিয়াই আমি দুয়ো লগ হৈছিলো, মই ভাৱিছিলো যে সুশান্তৰ তাত কিবা বেলেগ আছে। চিচোৰেৰ সময়ত আমি একেলগে চীন প্ৰস্তুত কৰিছিলো আৰু তেতিয়াই বন্ধু হৈ পৰিছিলো ।

প্ৰতীকে লগতে কৈছিল, "সুশান্তই ধেমালি কৰিবলৈ ভাল পাইছিল। কিন্তু এইটোও সঁচা যে তেওঁ কেতিয়াবা সকলোৰে পৰা আঁতৰত থাকিবলৈও ভাল পাইছিল। তেওঁ কোৱাণ্টাম পদাৰ্থ বিজ্ঞান, গ্ৰহ, তৰা আৰু বিজ্ঞানৰ বিষয়ে কথা পাতি ভাল পাইছিল। মোৰ এতিয়াও মনত আছে যে তেওঁ এণ্টাৰ্কটিকালৈ যাব বিচাৰিছিল আৰু চিচোৰেৰ শ্বুটিং শেষ হোৱাৰ পিছত তেওঁ তালৈ যাব বুলি কৈছিল। সেয়া শুনি স্তম্ভিত হৈ গৈছিলো, কাৰণ এনেদৰে কোনে ভাৱিব পাৰে? তেওঁ জীৱনক এটা বেলেগ দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টা কৰিছিল। তেওঁ সকলোতকৈ পৃথক আছিল আৰু তেওঁ কিছু পৃথক বস্তুকহে অগ্ৰাধিকাৰ দিছিল।"

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতে বলীউদক 'শুধ দেশী ৰোমাঞ্চ', 'এম এছ ধোনী: দ্য আনটোল্ড ষ্ট'ৰী', 'কায় পো চে', 'কেদাৰনাথ' আৰু 'চিচোৰে'ৰ দৰে হিট ছবি প্ৰদান কৰিছে। অভিনেতাজনৰ অনুৰাগীসকলে আজিও তেওঁক পাহৰা নাই।
Published by: Sanjay Kumar Das
First published: June 9, 2021, 4:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি