সকাহ! PPF,NSC,FD,সুকন্যা সমৃদ্ধি সহ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ, জানক সবিশেষ

News18 Assam | News18-Assam
Updated:April 1, 2021, 3:34 PM IST
সকাহ! PPF,NSC,FD,সুকন্যা সমৃদ্ধি সহ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ, জানক সবিশেষ
PPF,NSC,FD,সুকন্যা সমৃদ্ধি আৰু ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ: অৱশেষত কেন্দ্ৰীয় চৰকাৰে উঠাই ল’লে PPFকে ধৰি ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ হ্ৰাসৰ সিদ্ধান্ত।

PPF,NSC,FD,সুকন্যা সমৃদ্ধি আৰু ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ: অৱশেষত কেন্দ্ৰীয় চৰকাৰে উঠাই ল’লে PPFকে ধৰি ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ হ্ৰাসৰ সিদ্ধান্ত।

  • Share this:
অৱশেষত কেন্দ্ৰীয় চৰকাৰে উঠাই ল’লে PPFকে ধৰি ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত । বুধবাৰে নিশা কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে PPF,NSC,FD,সুকন্যা সমৃদ্ধি আৰু ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ ১.১ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাচতে বিত্ত মন্ত্ৰালয়ৰ এই সিদ্ধান্তক লৈ সকলোৱে কৰা প্ৰতিবাদৰ প্ৰতি দৃষ্টি ৰাখি শুকুৰবাৰে পুৱা পুনৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

এক টুইটযোগে নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰি কয়, সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে । ক্ষুদ্ৰ আঁচনিবোৰৰ ওপৰত সুতৰ হাৰ পূৰ্বে তিনিমাহৰ অন্তত লাভ কৰা সুতৰ সৈতে একেই থাকিব । অৰ্থাৎ বিনিয়োগকাৰীসকলে মাৰ্চত লাভ কৰা সমান অংশৰ সুত লাভ কৰিব।

চৰকাৰে বুধবাৰে ৰাজহুৱা ভৱিষ্য পুঁজি (PPF) আৰু ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (NSC) কে ধৰি ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ ১.১ শতাংশলৈকে হ্ৰাস কৰিছিল। এই হ্ৰাস ২০২১-২২ এপ্ৰিলৰ প্ৰথম তিনিমাহৰ বাবে কৰা হৈছিল । বিত্ত মন্ত্ৰালয়ৰ এক অধিসূচনা অনুসৰি, PPFৰ ওপৰত সুতৰ হাৰ ০.৭ শতাংশ হ্ৰাস কৰি ৬.৪ শতাংশ কৰা হৈছিল আনহাতে NSCত ০.৯ শতাংশ হ্ৰাস কৰি ৫.৯ শতাংশ কৰা হৈছিল ।

অধিসূচনা অনুসৰি, ২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ৰখা বিভিন্ন ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ওপৰত সুতৰ হাৰ সংশোধন কৰা হৈছিল । পাঁচ বছৰীয়া জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ সুতৰ হাৰ ০.৯ শতাংশ হ্ৰাস কৰি ৬.৫ শতাংশ কৰা হৈছিল। এই আঁচনিৰ অধীনত সুত তিনিমাহৰ অন্তত পৰিশোধ কৰা হয় । ইফালে প্ৰথমবাৰৰ বাবে সঞ্চয় একাউণ্ট জমাৰ ওপৰত সুত ০.৫ শতাংশ হ্ৰাস কৰি ৩.৫ শতাংশ কৰা হৈছিল ।

এক বছৰীয়া ম্যাদী জমাৰ ওপৰতো সৰ্বাধিক সুত ১.১ শতাংশ হ্ৰাস কৰা হৈছিল। ইয়াক ৫.৫ শতাংশৰ পৰা ৪.৪ শতাংশলৈ হ্ৰাস কৰা হৈছিল। একেদৰে, দুবছৰৰ বাবে ম্যাদী জমাৰ ওপৰত সূত ০.৫ শতাংশ হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছিল, তিনি বছৰৰ বাবে ম্যাদী জমাৰ ওপৰত সূত ০.৪ শতাংশ হ্ৰাস কৰা হৈছিল ৷ লগতে পাঁচ বছৰীয়া ম্যাদী জমাৰ ওপৰত সুত ০.৯ শতাংশ হ্ৰাস কৰি ৫.৮ শতাংশ কৰা হৈছিল।

আনফালে ছোৱালীসকলৰ সঞ্চয় আঁচনি সুকন্যা সমৃদ্ধি যোজনা একাউণ্টৰ বাবে সঞ্চয় আঁচনিৰ সুত ২০২১-২২ ৰ প্ৰথম তিনিমাহৰ বাবে ০.৭ শতাংশ হ্ৰাস কৰি ৬.৯ শতাংশ কৰা হৈছিল। কিষাণ বিকাশ পত্ৰৰ ওপৰতো বাৰ্ষিক সুতৰ হাৰ ০.৭ শতাংশ হ্ৰাস কৰি ৬.২ শতাংশ কৰা হৈছিল ।
First published: April 1, 2021, 3:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি