Post Office Saving Scheme : পোষ্ট অফিচৰ ৫খন বিশেষ আঁচনিত ধন জমা কৰক, আন আঁচনিতকৈ পাব অধিক লাভ

News18 Assam | News18-Assam
Updated:March 24, 2021, 12:03 PM IST
Post Office Saving Scheme : পোষ্ট অফিচৰ ৫খন বিশেষ আঁচনিত ধন জমা কৰক, আন আঁচনিতকৈ পাব অধিক লাভ
জানি লওক এই আঁচনিবোৰৰ বিষয়ে, যাতে আপুনিও ইয়াৰ সুবিধা ল'ব পাৰে৷

জানি লওক এই আঁচনিবোৰৰ বিষয়ে, যাতে আপুনিও ইয়াৰ সুবিধা ল'ব পাৰে৷

  • Share this:
ডাকঘৰ অৰ্থাৎ পোষ্ট অফিচৰ আঁচনিসমূহৰ ভিতৰত এনে কিছুমান আঁচনি আছে, যি সৰু সঞ্চয়ৰ যদিও অধিক লাভজনক। পোষ্ট অফিচৰ এই সৰু সঞ্চয় আঁচনিবোৰত বিনিয়োগ দ্বাৰা কেৱল চৰকাৰী গেৰাণ্টি লাভেই নহয়, এক বৃহৎ পৰিমাণৰ ৰিটাৰ্ণৰ লগতে কৰ ৰেহাইৰ সুবিধাও লাভ কৰিব। আয়কৰ ধাৰা ৮০ চিৰ অধীনত ই প্ৰতি বছৰে ১.৫ লাখ টকা বিনিয়োগৰ ওপৰত কৰ ৰেহাই প্ৰদান কৰা হয়। তেনেস্থলত জানি লওক এই আঁচনিবোৰৰ বিষয়ে, যাতে আপুনিও ইয়াৰ সুবিধা ল'ব পাৰে৷

১. পোষ্ট অফিচৰ মাহিলী উপাৰ্জন আঁচনি (POMIS) - যদি আপুনি কম বিপদাশংকাৰ সৈতে বিনিয়োগ কৰিব বিচাৰে, তেন্তে পোষ্ট অফিচৰ মাহিলী উপাৰ্জন আঁচনি (POMIS) আপোনাৰ বাবে এটা উত্তম বিকল্প হ'ব পাৰে। মাহিলী উপাৰ্জন আঁচনিত আপুনি ৬.৬ শতাংশ হাৰত সুত লাভ কৰিব। সুতৰ পৰিমাণ প্ৰতি মাহে আপোনাৰ সঞ্চয় একাউণ্টত জমা কৰা হ’ব। এই মাহিলী উপাৰ্জন আঁচনিৰ (MIS) ম্যাদ সীমা হৈছে ৫ বছৰ৷ যাক পৰৱৰ্তী সময়তো ৫-৫ বছৰৰ বাবে বৃদ্ধি কৰিব পাৰি। এই আঁচনি পোষ্ট অফিচৰ আঁচনি হোৱা হেতুকে ই সম্পূৰ্ণৰূপে বিপদমুক্ত। আপুনি এই একাউণ্টত সৰ্বাধিক ৪.৫ লাখ টকা ৰাখিব পাৰে। অৱশ্যে এই আঁচনিত যৌথ একাউণ্টৰ সুবিধাও আছে। যদি আপুনি এটা যৌথ একাউণ্ট খোলে তেন্তে ইয়াত ধন ৰখাৰ সৰ্বাধিক সীমা হৈছে ৯ লাখ টকা।

২. জ্যেষ্ঠ নাগৰিক সঞ্চয় একাউণ্ট (SCSS) - পোষ্ট অফিচত জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিৰ সুবিধাও আছে। বৰ্তমান আঁচনিখন ৭.৪ শতাংশ হাৰত সুত প্ৰদান কৰা হয়। ইয়াৰ ওপৰত লাভ কৰা সুত তিনিমাহৰ অন্তত একাউণ্টত জমা কৰা হয়। ইয়ে আয়কৰ আইনৰ ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাই প্ৰদান কৰে।

৩. ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ (NSC) - পোষ্ট অফিচৰ আন এক আঁচনি হৈছে ৰাষ্ট্ৰীয় সংৰক্ষণ প্ৰমাণপত্ৰ। এই আঁচনি প্ৰায় ফিক্সড ডিপোজিটৰ দৰে একেই। ৰাজহুৱা ভৱিষ্য পুঁজি(PPF)ৰ দৰে এই আঁচনিখনৰ ক্ষেত্ৰতো সুতৰ ওপৰত কোনো কৰ দিবলগীয়া নহয়। এই আঁচনিৰ ওপৰতো আপুনি ৬.৮ শতাংশ হাৰত সুত লাভ কৰিব, যাক বাৰ্ষিক ভিত্তিত গণনা কৰা হয়। অৱশ্যে এই আঁচনিৰ অধীনত জমা থোৱৰ ধনৰ ওপৰত লাভ কৰা সুত আঁচনিৰ ম্যাদ সমাপ্তিৰ পিছত মূলধনৰ সৈতে একেলগে লাভ কৰিব। এই আঁচনিও জমাৰ ওপৰত আয়কৰ আইনৰ ধাৰা ৮০চিৰ অধীনত কৰ ৰেহাই প্ৰদান কৰে।

৪. পোষ্ট অফিচ টাইম ডিপোজিট : পোষ্ট অফিচত থকা টাইম ডিপোজিট নামৰ আঁচনিৰ পৰিপক্কতাৰ সময় হৈছে ৫ বছৰ। আপুনি নিম্নতম ২০০ টকাৰে এই আঁচনিত বিনিয়োগ আৰম্ভ কৰিব পাৰে। আঁচনিখনে প্ৰথম ৩ বছৰৰ বাবে ৫.৫ শতাংশ হাৰত সুত প্ৰদান কৰে। যদিও পঞ্চম বছৰত ইয়াৰ ওপৰত ৬.৭ শতাংশ সুত প্ৰদান কৰা হয় আৰু ইয়াৰ ওপৰত পৰিশোধ কৰা সুত বাৰ্ষিকভাৱে উপলব্ধ হয়।

৫. কিষাণ বিকাশ পত্ৰ (KVP) - কিষাণ বিকাশ পত্ৰ (KVP) আঁচনি সাধাৰণ লোকসকলৰ মাজত অধিক জনপ্ৰিয়। নিকটৱৰ্তী ডাকঘৰলৈ গৈ আপুনি ইয়াক ক্ৰয় কৰিব পাৰে। ১০০০ টকাৰ পৰা আৰম্ভ হয় এই আঁচনি। ই হৈছে এক প্ৰকাৰৰ প্ৰমাণপত্ৰ,যি আপুনি পোষ্ট অফিচৰ পৰা ক্ৰয় কৰিব পাৰে। ইয়াক বণ্ডৰ দৰে প্ৰমাণপত্ৰ হিচাপে জাৰি কৰা হয়। ইয়াৰ ওপৰত চৰকাৰৰ তৰফৰ পৰা এক নিৰ্দিষ্ট সুত লাভ কৰিব পাৰি। চৰকাৰে প্ৰতি তিনি মাহৰ বাবে সুতৰ হাৰ নিৰ্ধাৰণ কৰে আৰু ৬.৯ শতাংশ সুতৰ হাৰৰ ওপৰত ভিত্তি কৰি আঁচনিৰ অধীনত ৯ বছৰ আৰু ২ মাহ অৰ্থাৎ ১১০ মাহত আপোনাৰ ধন দুগুণ হৈ পৰে।
Published by: Sanjay Kumar Das
First published: March 24, 2021, 12:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি