কম টকা বিনিয়োগ কৰি বৃহৎ পৰিমাণে উপাৰ্জন কৰিব বিচাৰিছে যদি পোষ্ট অফিচে আপোনাৰ বাবে আগবঢ়াইছে বিশেষ সুযোগ। পোষ্ট অফিচৰ গ্ৰাহকসকলৰ বাবে বহুকেইখন স্কীম লোৱা হৈছে। পোষ্ট অফিচৰ এই আঁচনি (Post Office Scheme) আপোনাৰ বাবে লাভজনক হ’ব পাৰে। ভাৰতীয় ডাক বিভাগে আগবঢ়োৱা গ্ৰাম সুৰক্ষা যোজনা ইয়াৰ এক সুন্দৰ বিকল্প য’ত কম ৰিস্ক আৰু ভাল ৰিটাৰ্ণ পাব পাৰে। গ্ৰাম সুৰক্ষা যোজনাৰ জৰিয়তে বোনাচৰ লগতে সুনিশ্চিত ৰাশি বা ৮০ বছৰ বয়সৰ পিছত বা মৃত্যু হ’লে আইনী উত্তৰাধিকাৰীয়ে লাভ কৰে।
১৯ বছৰৰ পৰা ৫৫ বছৰ বয়সলৈ যিকোনো ভাৰতীয় নাগৰিকে এই বীমা আঁচনি গ্ৰহণ কৰিব পাৰে। এই আঁচনিৰ ন্যূনতম বীমা ৰাশি ১০,০০০ টকাৰ পৰা ১০ লাখ টকালৈ। এই আঁচনিৰ প্ৰিমিয়াম মাহিলি, ত্ৰামাসিক, অৰ্থবাৰ্ষিক বা বাৰ্ষিক হিচাপত ল’ব পাৰে। গ্ৰাহকে প্ৰিমিয়াম পেমেণ্ট কৰিবলৈ ৩০ দিনৰ ৰেহাই দিয়া হয়।
এই বীমা আঁচনিত ঋণৰ সুবিধাও পোৱা যায় যাৰ সুবিধা পলিচী গ্ৰহণ কৰাজনে চাৰি বছৰ পিছত ল’ব পাৰে।
গ্ৰাহকে ৩ বছৰ পিছত পলিচী ছাৰেণ্ডাৰ কৰাৰো বিকল্প গ্ৰহণ কৰিব পাৰে। অৱশ্যে তেনে কৰিলে কেতবোৰ সুবিধা নাপাব। এই পলিচীৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ ইণ্ডিয়া পোষ্টৰ পৰা দিয়া বোনাচ আৰু অন্তিম ঘোষিত বোনাচ প্ৰতি বছৰে ৬৫ টকা প্ৰতি এহাজাৰ টকাত প্ৰদানৰ কৰা আস্বাস প্ৰদান কৰা হৈছে।
যদি কোনোৱে ১৯ বছৰত ১০ লাখ টকাৰ গ্ৰাম সুৰক্ষা পলিচী গ্ৰহণ কৰে, তেন্তে তেওঁৰ ৫৫ বছৰৰ বাবে মাহিলি প্ৰিমিয়াম ১৫১৫ টকা, ৫৮ বছৰৰ বাবে ১৪৬৩ টকা আৰু ৬০ বছৰৰ বাবে ১৪১১ টকা হ’ব। পলিচী গ্ৰহণকাৰীয়ে ৫৫ বছৰৰ বাবে ৩১.৬০ লাখ টকা, ৫৮ বছৰৰ বাবে ৩৩.৪০ লাখ টকাৰ মেচ্যুৰিটী বেনিফিট পাব। ৬০ বছৰৰ বাবে মেচ্যুৰিটী বেনিফিট ৩৪.৬০ লাখ টকা হ’ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|