কম টকা বিনিয়োগ কৰি বৃহৎ পৰিমাণে উপাৰ্জন কৰিব বিচাৰিছে যদি পোষ্ট অফিচে আপোনাৰ বাবে আগবঢ়াইছে বিশেষ সুযোগ। পোষ্ট অফিচৰ গ্ৰাহকসকলৰ বাবে বহুকেইখন স্কীম লোৱা হৈছে। য'ত বিনিয়োগ কৰিলে কম সময়ৰ ভিতৰতে অধিক ৰিটাৰ্ণ লাভ কৰিব পাৰিব। এই স্কীমৰ নাম Gram Sumangal Rural Postal Life Insurance। প্ৰতিদিনে এই বিশেষ স্কীমত মাত্ৰ ৯৫ টকা বিনিয়োগ কৰিলে আপুনি ১৪ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব।
এই আঁচনি ১৫ৰ পৰা ২০ বছৰৰ বাবে কৰা হয়। এই স্কীমৰ ধন ম্যিচিউৰিটী হোৱাৰ পূৰ্বে তিনিবাৰ টকা লাভ কৰিব। আৰু মিচিউৰিটীৰ সময়ত সম্পূৰ্ণ ধনৰাশি লাভ কৰিব। কিন্তু পলিচী চলাই থকাৰ সময়তে যদি গ্ৰাহকৰ মৃত্যু হয়, তেন্তে পলিচীৰ সকলো টকা বোনাচসহ নমিনীয়ে লাভ কৰিব।
কোনে কোনে লব পাৰিব এই আঁচনিৰ সুবিধাঃ
- যিকোনো ভাৰতীয় নাগৰিকেই এই আঁচনিৰ সুবিধা ল'ব পাৰিব। ই
- য়াৰ বাবে সৰ্বনিম্ন বয়সৰ সীমা ১৯ বছৰ। সেইদৰে সৰ্বোচ্চ সীমা ৪৫ বছৰ।
- ১৫ বছৰ বা ২০ বছৰৰ বাবে এই পলিচী কৰিব পাৰিব।
- ২০ বছৰ পলিচী কৰাৰ সৰ্বাধিক বয়সৰ উচ্চ সীমা ৪০ বছৰ।
- ইয়াত সৰ্বাধিক বীমাৰ পৰিমাণ ২০ লাখ টকা।
ধৰি লওক, ২৫ বছৰ বয়সৰ এজন লোকে ৭ বছৰৰ বীমাৰ সৈতে এখন পলিচী ক্ৰয় কৰিছে। তেওঁৰ বাৰ্ষিক প্ৰিমিয়াম হ'ব ৩২,৭৩৫ টকা। ত্ৰৈমাসিক প্ৰিমিয়াম ৮,৪৪৯ টকা। প্ৰতিমাহে হ'ব ২,৮৫৩ টকা। তাৰ মানে প্ৰতিদিনে প্ৰায় ৯৫ টকা প্ৰিমিয়াম হিচাপ কৰা হ'ব। এই স্কীম ২০ বছৰৰ বাবে থাকিব।
বোনাচ সম্পৰ্কে জানি লওক-এই স্কীমত প্ৰতি বছৰে ৪৮ হাজাৰ টকাৰ বোনাচ পোৱা যাব। এবছৰত Sam Assuredৰ ১ লাখ টকা বোনাছ ৩৩,৬০০ টকা। ২০ বছৰ ধৰি যি হ'বগৈ ৬.৭২ লাখ টকা। ২০ নম্বৰ বছৰত, আপুনি বাকী ২.৮ লাখ টকাও লাভ কৰিব। সকলো টকা যোগ কৰি আপুনি ২০ বছৰত মুঠ ১৯.৭২ লাখ টকা লাভ কৰিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 08, 2021, 14:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।