ডাকঘৰৰ এই আঁচনি হ’ব পাৰে আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভাৰতীয় ডাকৰ এই গ্ৰাম সুৰক্ষা যোজনা এক এনেকুৱা বিকল্প য’ত কম বিনিয়োগ কৰি ভাল ৰিটাৰ্ণ পাব পাৰে। গ্ৰাম সুৰক্ষা যোজনাৰ জৰিয়তে বোনাচৰ সৈতে সুনিশ্চিত ৰাশি বা ৮০ বছৰ বয়স হ’লে বা মৃত্যুৰ স্থিতিত তেওঁৰ আইনী উত্তৰাধিকাৰী ব্যক্তিয়ে লাভ কৰে।
নিয়ম অৰু চৰ্ত১৯ৰ পৰা ৫৫ বছৰৰ ভিতৰৰ যিকোনো ভাৰতীয় নাগৰিকে এই বীমা যোজনাৰ সুবিধা ল’ব পাৰে। এই যোজনাৰ অধীনত ন্যূনতম বীমা ৰাশি ১০,০০০ টকাৰ পৰা আৰম্ভ কৰি ১০ লাখ টকালৈ বিনিয়োগ কৰিব পাৰে। এই যোজনাৰ প্ৰিমিয়াম মাহিলি, ত্ৰিমাসিক, অৰ্ধবাৰ্ষিক বা বাৰ্ষিক হিচাপত কৰিব পাৰি। গ্ৰাহকে প্ৰিমিয়ামৰ ধন দিবলৈ ৩০ দিনৰ ৰেহাই দিয়া হয়।
এই বীমা আঁচনিৰ জৰিয়তে ঋণৰ সুবিধাও পোৱা যায় যাৰ সুবিধা পলিচী কৰাৰ চাৰি বছৰ পিছত গ্ৰহণ কৰিব পাৰি।
ছাৰেণ্ডাৰ কৰিব পাৰে পলিচীগ্ৰাহকে ৩ বছৰৰ পিছত পলিচী ছাৰেণ্ডাৰ কৰাৰ বিকল্প গ্ৰহণ কৰিব পাৰে। কিন্তু তেতিয়া আপুনি ইয়াৰ কোনো লাভ নাপায়। পলিচীৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ ইণ্ডিয়া পোষ্টৰ দ্বাৰা দিয়া বোনাচ আৰু অন্তিম ঘোষিত বোনাচৰ প্ৰতি বছৰত ৬৫ টকা প্ৰতি হাজাৰত দিয়াৰ আশ্বাস দিয়া হৈছে।
মেচুৰিটী বেনিফিটযদি কোনোৱে ১৯ বছৰৰ বয়সত ১০ লাখৰ গ্ৰাম সুৰক্ষা পলিচী কৰে তেন্তে ৫৫ বছৰৰ বাবে মাহিলি প্ৰিমিয়াম ১৫১৫ টকা, ৫৮ বছৰৰ বাবে ১৪,৬৩ টকা আৰু ৬০ বছৰৰ বাবে ১৪১১ টকা দিব লাগিব। পলিচী কৰা লকে ৫৫ বছৰৰ বাবে ৩১.৬০ লাখ টকা, ৫৮ বছৰৰ বাবে ৩৩.৪০ লাখ টকাৰ মেচ্যুৰিটী বেনিফিট পাব। ৬০ বছৰৰ বাবে মেচ্যুৰিটী বেনিফিট ৩৪.৬০ লাখ হ’ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 08, 2021, 18:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।